আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ , Class 6 Science Lesson 6 Solution - Axomsolution
আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ Solution Class 6 Science , Assam Class 6 Science Solution,আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ Question answers Class 6 Science ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ, Axomsolution.com
Lesson6 : আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ
(১) পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোছাক কোঁচাই চুটি কৰি লোৱা । এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ?
উত্তৰ: হয় । এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰি কাৰণ পোছাক কোঁচাই নথলে এই কাৰ্য হৈ যাব ।
(২) তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিল । এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা । এই পৰিবৰ্তনক বিপৰীতমুখী কৰিব পাৰিবা নে ?
উত্তৰ: এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি ।
(৩) তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া হৈছে । প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হব পাৰে নে নোৱাৰা লিখা ।
উত্তৰ: ক্ৰমিক নং ১,২,৩,৪,৫,৬
পৰিৱৰ্তন = কাঠ এটুকুৰা ফলা , বৰফ এটুকুৰা গলা , পানীত চেনী দ্ৰৱীভূত হোৱা , খাদ্য ৰন্ধা , আম এটা পকি যোৱা, গাখীৰ দৈ হোৱা ।
বিপৰীতমুখী হব পাৰে (হয় / নহয়) = (১) নহয় , (২) হয় , (৩) হয় , (৪) নহয় , (৫) নহয় (৬) নহয় ।
Read More : SCERT Class 6 All Subjects Question Answers
(৪) কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয় । এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে ?
উত্তৰ: এই পৰিবৰ্তনক বিপৰীতমুখী কৰিব পাৰি যদিহে আমি ছবিখন পেঞ্চিলত আঁকো । আমি যদি কলম বা আন কোনো ৰঙীন পেঞ্চিলত আঁকো তেতিয়াহলে এই পৰিৱৰ্তন কৰিব নোৱাৰোঁ ।
(৫) বিপৰীতমুখী হ'ব পৰা আৰু বিপৰীতমুখী হব নোৱাৰা পৰিৱৰ্তনবোৰৰ মাজত প্ৰাথক্য উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰ: বিপৰীতমুখী হব পৰা আৰু বিপৰীতমুখী হ'ব নোৱাৰা পৰিৱৰ্তন বোৰৰ মাজত প্ৰাথক্য উদাহৰণসহ তলত ব্যাখ্যা কৰা হল :
(ক) কাগজক ভাঁজ কৰি বিভিন্ন আকৃতিৰ বস্তু বনাব পাৰি আৰু ইয়াক বিপৰীতমুখী ও কৰিব পাৰি ।
যেনে = কাগজৰ জৰিয়তে ভাঁজ কৰি এখন পুতলা উৰাজাহাজ বনাব পাৰি আৰু কাগজৰ ভাঁজ আঁতৰাই কাগজখন পাব পাৰি । কিন্তু যদি কাগোজখন পুৰি ছাঁই কৰি পেলাওঁ তেতিয়া কাগোজখনৰ বিপৰীত অৱস্থা নাপাম ।
Read More : SCERT Class 6 Science All Lessons Solution
(খ) বেলুন ফুলাই আমি বেলুনক বিভিন্ন আকৃতি দিব পাৰো আৰু ইয়াক বিপৰীতমুখীও কৰিব পাৰোঁ । কিন্তু যদিহে বেলুনক ফূলাই ফুটাই দিয়া হয় তেতিয়া বেলুনৰ আগৰ অৱস্থা নাপাম ।
(গ) ৰবাৰক টানি দীঘল কৰি লব পাৰি আৰু আগৰ অৱস্থালৈও নিব পাৰি । কিন্তু সেই একেই ৰবৰক টানি কাটি কেইবাটোকোৰা কৰা হয় । তেন্তে ৰবৰটোৰ আগৰ অৱস্থা নাপাম ।
(৬) ভঙা হাড়ৰ বেণ্ডেজৰ উপৰত প্লাষ্টাৰ অব পেৰিচৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড় ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে । প্লাষ্টাৰ অব পেৰিচত হোৱা পৰিবৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে ?
উত্তৰ: ভঙা হাড়ৰ বেণ্ডেজৰ উপৰত প্লাষ্টাৰ অব পেৰিচৰ এটা ডাঠ প্ৰলেপ দিয়া হয় । । ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড় ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে । প্লাষ্টাৰ অব পেৰিচত হোৱা পৰিবৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি । কাৰণ শুকাই ই নতুন পদাৰ্থত ৰাসায়নিকভাৱে পৰিৱৰ্তন হয় ।
(৭) বাহিৰত পৰি থকা এক বস্তুা চিমেণ্ট ৰাতি বৰষুণ হোৱা বাবে তিতিলে । পিছদিনাখন ভালদৰে ৰ'দ ওলাল । তোমালোকে বাৰু ভাবানে চিমেণ্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি ।
উত্তৰ: বিপৰীতমুখী কৰিব নোৱাৰি । ৰদৰ লগত ৰাসায়নিক ভাৱে পৰিৱৰ্তন ঘটি ই চিমেণ্ট হৈ নাথাকে ।
IF You Have any dout Comment Bellow👇👇👇
✍️ Happy Moni Saikia (BSC Chemistry)
Tags : Class 6 Science Lesson 6 Assam, SCERT Class 6 Science Solution,ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
