অধ্যায় ১৩ পোহৰ সপ্তম শ্ৰেণীৰ নতুন বিজ্ঞান অসম জাতীয় বিদ্যালয় ,Class 7 Science AJB Solution
সপ্তম শ্ৰেণীৰ বিজ্ঞান পোহৰ অধ্যায় ১৩ প্ৰশ্ন উত্তৰ , AJB Class 8 Science Lesson 13 All Question answers
Class 8 Science Assam Jatiya Bidyalay | পোহৰ Lesson 13, Axomsolution
(i) পোহৰে গতি কৰে
(a) সৰলৰেখাত (b) বক্ৰৰেখাত (c) সৰলৰেখাত আৰু বক্ৰৰেখাত (d) ওপৰৰ এটাও নহয়
Ans: (a) সৰলৰেখাত।
(ii) সমতল দাপোণৰ ক্ষেত্ৰত কোনটো অসত্য?
(a) প্রতিবিম্ব একে আকাৰৰ (b) দাপোণৰ পৃষ্ঠৰপৰা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান
(c) প্রতিবিম্বৰ প্ৰকাৰ সৎ (d) প্রতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ সমান
Ans: (b) দাপোণৰ পৃষ্ঠৰপৰা প্ৰতিবিশ্বৰ দুৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান
(iii) তলৰ কোনবিধ আলোকীয় সঁজুলিয়ে অসৎ আৰু ডাঙৰ প্রতিবিম্ব সৃষ্টি কৰিব পাৰে?
(a) সমতল দাপোণ (b) উত্তল দাপোণ (c) অৱতল দাপোণ (d) ওপৰৰ এটাও নহয়
Ans: (c) অৱতল দাপোণ
(iv) আতীকাচ আচলতে
(a) অৱতল লেন্স (b) উত্তল দাপোণ (c) অবতল দাপোণ (d) উত্তল লেন্স
Ans: (d) উত্তল লেন্স
(v) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে?
(a) 3 (b) 7 (c) 4 (d) 1
Ans: (b) 7
Read More : Class 7 Assam jatiya Bidyalay All Subjects Question answers
প্রশ্ন 2 : চমু উত্তৰ দিয়া
(i) পোহৰৰ প্ৰতিফলন কাক বোলে।
Ans: কোনো বস্তুৰ ওপৰত পোহৰ পৰি উফৰি অহাকে পোহৰৰ প্রতিফলন বোলে।
(ii) পোহৰৰ প্ৰতিফলনৰ বাবে প্রতিবিম্ব গঠিত হোৱা তিনিবিধ আলোকীয় সঁজুলিৰ নাম লিখা
Ans: পোহৰৰ প্ৰতিফলনৰ বাবে প্রতিবিম্ব গঠিত হোৱা তিনিবিধ আলোকীয় সঁজুলি হ’ল আইনা, টর্চ লাইট, ফ্লাড লাইট আদি।
(iii) পোহৰৰ প্ৰতিসৰণৰ বাবে প্রতিবিম্ব গঠিত হোৱা দূবিধ আলোকীয় সঁজুলিৰ নাম লিখা।
Ans: পোহৰৰ প্ৰতিসৰণৰ বাবে প্ৰতিবিম্ব গঠিত হোৱা দুবিধ আলোকীয় সঁজুলি হ'ল চাফা কাচ আৰু স্বচ্ছ পানী।
(iv) সৎ প্রতিবিম্ব কি ?
Ans: পিনহ'ল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্বটো এখন পৰ্দাৰ ওপৰত গঠিত হয়। ইচ্ছা কৰিলে তাক চুবও পাৰি। হাতেৰে চুব পৰা আৰু পৰ্দাত পেলাব পৰা প্ৰতিবিম্বই হ'ল সৎ প্রতিবিম্ব |
(v) অসৎ প্রতিবিম্ব কি ?
উত্তৰ : আইনাৰ সন্মুখত জ্বলি থকা মমবাতি এডালৰ প্ৰতিবিম্বটো আইনাৰ পিছফালে ৰখা পর্দা এখনত ধৰিব নোৱাৰি। আইনাৰ পিছফালে গঠিত হোৱা, হাতেৰে চুব নোৱাৰা আৰু পৰ্দাত পেলাব নোৱাৰা প্রতিবিম্বক অসৎ প্রতিবিম্ব বোলে।
Read more : Assam Jatiya Bidyalay (AJB) Class 7 Science All Lessons Solution
(vi) পিনহ'ল কেমেৰাত কিয় ওলোটা প্রতিবিম্ব গঠিত হয়?
Ans: পিনহ'ল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্ব ওলোটা হয়। পিনহ'ল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্বটো এখন পৰ্দাৰ ওপৰত গঠিত হয়। সেইবাবে ওলোটা হয়।
(vii) উত্তল দাপোণত কেনেকুৱা প্রতিবিম্ব গঠিত হয়?
Ans: উত্তল দাপোণত লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু প্ৰতিবিম্বটো গঠন কৰে।
(viii) অবতল দাপোণত কেনেকুৱা প্রতিবিম্ব গঠিত হয়?
Ans: অৱতল দাপোণে বিভিন্ন ধৰণৰ প্রতিবিম্ব গঠন হয়,
(a) লক্ষ্যবস্তু দাপোণৰ নিচেই ওচৰত থাকিলে অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্রতিবিম্ব গঠিত হয়।
(b) লক্ষ্যবস্তু দাপোণৰপৰা দূৰত থাকিলে সৎ আৰু ওলোটা প্রতিবিম্ব পোৱা যায়। এই ক্ষেত্ৰত লক্ষ্যবস্তুৰ বেলেগ বেলেগ দূৰত্বৰ বাবে প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত সৰু ডাঙৰ বা সমান হয়।
(ix) উত্তল দাপোণৰ এটা প্ৰধান ব্যৱহাৰ কি লিখা।
Ans: পিছফালৰ ছবি চাবলৈ গাড়ীত উত্তল দাপোণ ব্যৱহাৰ কৰা হয়।
(x) অবতল দাপোণৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ কি লিখা।
Ans: চিকিৎসকে মুখৰ ভিতৰত দাঁত পৰীক্ষা কৰাৰ ক্ষেত্ৰত অৱতল ব্যৱহাৰ কৰা হয়।
(xi) উত্তল লেন্স কেনেধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয়?
Ans: উত্তল লেন্সত নানা ধৰণৰ প্ৰতিবিম্ব গঠন হয়। লক্ষ্যবস্তু লেন্সৰ নিচেই ওচৰত ৰাখিলে অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ প্রতিবিম্ব তৈয়াৰ হয়। আনহাতে লক্ষ্যবস্তু দূৰত ৰাখিলে সৎ আৰু ওলোটা প্রতিবিম্ব গঠন হয়।
(xii) অৱতল লেন্সত কেনেধৰণৰ প্ৰতিবিম্ব গঠিত হয়?।
Ans: অৱতল লেন্সে লক্ষ্যবস্তুৰ সকলো অৱস্থানৰ বাবে লক্ষ্যবস্তুতকৈ সৰু, থিয় আৰু অসৎ প্রতিবিশ্ব সৃষ্টি কৰে।
(xiii) উত্তল লেন্সৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে লিখা।
Ans: যিবোৰ মানুহে ওচৰত থকা বস্তু ভালদৰে দেখা নাপায়, তেওঁলোকে উত্তল লেন্সৰ চছমা ব্যৱহাৰ কৰে।
(xiv) অৱতল লেন্সৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে লিখা।
Ans: যিবোৰ মানুহে দূৰত থকা বস্তু ভালদৰে দেখা নাপায়, তেওঁলোকে অৱতল লেন্সৰ চছমা ব্যৱহাৰ কৰে।
(xv) সূৰ্যৰ পোহৰত থকা ৰঙকেইটাৰ নাম লিখা।
Ans: সুৰ্যৰ পোহৰত থকা সাতটা ৰঙ হ’ল ক্ৰমে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা বা কমলা আৰু ৰঙা। এই ৰঙবোৰৰ নাম একাদিক্রমে মনত ৰাখিবলৈ 'বেঘনীসেহাসুৰ' (VIBGYOR) শব্দটো ব্যৱহাৰ কৰা হয়।
(xvi) বেঘনীসেহাসূৰ কি?
Ans: বেঘনীসেহাসূৰ হ'ল সূৰ্যৰ পোহৰত থকা সাতটা ৰঙৰ আদিবৰ্ণৰে গঠন কৰা এটা শব্দ।
(xvii) বগা পোহৰ কি?
Ans: যি পোহৰৰ পৰা বৰ্ণালী পাব পাৰি তেনে পোহৰত বগা পোহৰ বোলা হয় |
(xviii) চকুৰ দৃষ্টি নিবন্ধ মানে কি
Ans: আমাৰ চকুৰ সন্মুখেদি অতি কম সময়ৰ ভিতৰতে কেইবাখনো ছবি পাৰ হৈ গ'লে ছবিবোৰৰ মাজৰ পাৰ্থক্য আমাৰ চকুৱে মণিব নোৱাৰে। ইয়াকে আমাৰ চকুৰ দৃষ্টি নিবন্ধ' বোলা হয়।
(xix) ছবি অঁকা :
(a) উত্তল আৰু অৱতল দাপোণৰ
Ans:
(b) উত্তল আৰু অৱতল লেন্সৰ
Ans:
(xx) বগা পোহৰৰ পৰা কেনেকৈ বৰ্ণালী পাব পাৰি?
Ans: বগা পোহৰৰপৰা কেনেকৈ বৰ্ণনালী পাব পাৰি, তাক এটা পৰীক্ষাৰ সহায়ত বর্ণনা কৰা হ'ল।
প্রিজম সৃষ্টি কৰা বৰ্ণালী চিত্ৰত দেখুওৱাৰ দৰে কাচেৰে তৈয়াৰী পিজমটোৰ বাঁওফালে সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হৈছে। সেই পোহৰ প্ৰিজমৰ মাজেৰে পাৰ হৈ আহিছে। প্রিজমটোৰ সোঁফালে সাতটা ৰঙ দেখা গৈছে। অর্থাৎ পিজমটোৱে সূৰ্যৰ পোহৰত থকা সাতটা ৰঙক পৃথক কৰিছে। এয়ে হ'ল বৰ্ণালী (Spectrum)। ৰামধেনুও হ’ল সূৰ্যৰ পোহৰৰ বৰ্ণালী।
3) পোহৰে যে সৰলৰেখাত গতি কৰে, তাক এটা পৰীক্ষাৰ সহায়ত বৰ্ণনা কৰা |
Ans:
a) পোহৰৰ উৎস দেখিছা (b) পোহৰৰ উৎস দেখা নাই
পৰীক্ষাটোৰ বাবে ৰবৰ বা প্লাষ্টিকৰ পোন ফেঁফাপোলা নলী এডাল লোৱা হ'ল। নলীডালৰ এটা মুৰত পোহৰৰ এটা উৎস ৰখা হল ৷
এতিয়া আনটো মূৰৰপৰা চালে পোহৰৰ উৎসটো দেখা পোৱা যাব। এইবাৰ নলীডাল বেঁকা কৰি পুনৰ উৎসটো লক্ষ্য কৰা গ'ল। কিন্তু এইবাৰ পোহৰৰ উৎসটো দেখা নগ'ল। কাৰণ পোহৰে বেঁকা পথেৰে গতি কৰিব নোৱাৰে পোহৰে সদায় সৰলৰেখাত গতি কৰে আৰু সেই গতিপথড় বাধা পালে পোহৰ পাৰহৈ যাব নোৱাৰে পোহৰৰ ই এক বিশেষ ধৰ্ম। আমি জানো যে পোহৰৰ গতিপথত কোনো অস্বচ্ছ বা থাকিলে পিছফালে তাৰ ছাঁ গঠিত হয়। কিন্তু পোহৰে সৰলৰেখাত গতি নকৰা হ'লে বজ্ৰৰ সৃষ্টি নহ'লহেঁতেন।
4) নিউটনৰ কাঁহী পৰীক্ষাটো বৰ্ণনা কৰা।
Ans: নিউটনৰ কাহী পৰীক্ষাটো তলত বর্ণনা কৰা হ'ল— বৰ্ণালীৰ সাতটা ৰং লগ লগায়ো বগা পোহৰ পাব পাৰি। ছাৰ আইজাক নিউটন নামৰ বিজ্ঞানী এজনে এটা পৰীক্ষাৰ সহায়ত এই কথা প্রমাণ কৰিছিল। এই পৰীক্ষাটো নিউটনৰ কাহী' (Newton disc) নামেৰে জনাজাত। এখন ডাঠ কাগজত বৃত্ত এটা আঁকি কাগজখন বৃত্তৰ আকাৰত কাৰ্টি উলিওৱা হ'ল। বৃত্তটোক সমানে সাতটা সমান ভাগ কৰা হ'ল। এই ভাগবোৰত ৰঙা, কমলা, হালধীয়া একাদিক্রমে সেউজীয়া, নীলা, ঘন নীলা আৰু বেঙুনীয়া ৰং বোলোৱা হ’ল। বৃত্তটোৰ কেন্দ্ৰত এটা ফুটা কৰা হ’ল। ফুটাটোৰে আঢ়ৈ ইঞ্চিমান দীঘল গজাল এটা সুমুৱাই দি গঞ্জালটোৰ জোঙা মূৰটোৰ ফালে এহাতেৰে ধৰি আনখন হাতেৰে ঘূৰাই থকা হ'ল। বৃত্তটো যথেষ্ট বেগত ঘূৰাই লক্ষ্য কৰিলে আমি দেখা পাম যে তাত সাতটা ৰঙৰ সলনি বগা ৰঙহে জিলিকি আছে।
IF You Have any dout Comment Bellow👇👇👇
.jpg)
.jpg)
.jpg)

.jpg)