চৰিত্ৰ Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 3, Axomsolution,Class VIII Lesson 3 Assamese Question answers AJB Assam Jatiya BIdyalay. চৰিত্ৰ পাঠ ৩ অসম জাতীয় বিদ্যালয় অসমীয়া
চৰিত্ৰ Chapter 3 all question answers Class 8 assamese assam jatiya bidyalay AJB
অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 3 চৰিত্ৰ question answer (AJB)
Class 8 New assamese পাঠ ৩ চৰিত্ৰ Solution (AJB)
AJB Class VIII assamese Chapter 3 Solution
১)অতি চমু উত্তৰ দিয়া।
ক) উদ্গতি পথৰ প্ৰৱল সহায় কি?
উত্তৰঃ উদ্গতি পথৰ প্ৰৱল সহায় হ’ল সৎ চৰিত্ৰ ।
খ) ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো কিহৰ দোষত ৰসাতলে যায়?
উত্তৰঃ ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো চৰিত্ৰৰ দোষত ৰসাতলে যায় ৷
গ) চৰিত্ৰৰ মূল কি?
উত্তৰঃ চৰিত্ৰৰ মূল অভ্যাস।
ঘ) মানুহে চৰিত্ৰ গঠন কৰা কামক কি নাম দিছে?
উত্তৰঃ মানুহে চৰিত্ৰ গঠন কৰা কামক অভ্যাস নাম দিছে।
ঙ) মানুহৰ অন্তৰত কি কি দুই শ্ৰেণীৰ বৃত্তি আছে?
উত্তৰঃ মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে।
২) ভাবার্থ লিখা:
ক) চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা ।
উত্তৰঃ চৰিত্ৰৱান মানুহ পবিত্ৰ জলৰ নিচিনা। সিহঁত নিজেও পবিত্ৰ, আৰু আনকো পবিত্ৰ কৰে। চৰিত্ৰৱান মানুহক চৰিত্রহীন মানুহে পেটে পেটে ভয় কৰে। কাৰণ, চৰিত্রহীন মানুহে চৰিত্ৰৱান মানুহৰ আগত বেয়া কাম কৰিবলৈ সংকোচিত হয়। ধন আৰু বিদয়াৰ পৰা মানুহে ক্ষমতা লাভ কৰে। কিন্তু চৰিত্ৰৰ পৰা মানুহে মহত্ব পায়। কুচৰিত্ৰই মানুহক পশুত্বলৈ নমায়, কিন্তু সুচৰিত্ৰই মানুহক দেৱত্বলৈ তোলে।
খ) চৰিত্ৰৰ মূল অভ্যাস।
উত্তৰঃ চৰিত্ৰৰ মূল অভ্যাস। কোনো এটা কাম সদায় কৰি থাকিলে তাক পাছ এৰাব নোৱাৰা হয় আৰু এৰিব নোৱাৰা হ’লেই সেই কামটো অভয়াস হোৱা বোলে। মানুহে প্ৰতি একোটা অভ্যাস আছে। কোনো মানুহৰ পুৱাই উঠা অভ্যাস, কোনো মানুহৰ বেলিকৈ উঠা অভ্যাস, কোনো মানুহৰ এসাঁজ খোৱাৰ অভ্যাস। এনেবিলাক কামত যেনেকৈ মানুহৰ একোটা অভয়াস জন্মে, আচাৰ-ব্যৱহাৰ সম্বন্ধেও সেইদৰে মানুহে একোটা ভিন ভিন অভ্যাস জন্মে। কোনো মানুহৰ খিয়াল কৰা অভ্যাস হয়, অর্থাৎ সি খিয়াল নকৰি থাকিব নোৱাৰে। কোনো মানুহৰ চুৰ কৰা অভ্যাস হয়, অর্থাৎ সি চুৰ নকৰি থাকিব নোৱাৰে। এইদৰে আচাৰ-ব্যৱহাৰ সম্বন্ধে যিবোৰ অভ্যাস জন্মে, সেইবোৰ গোট খাই মানুহৰ চৰিত্ৰ হয়।
গ) কোমলতে ভাজ দিলেহে বস্তুৱে ভাজ লয়।
উত্তৰঃ আদিতে সকলো মানুহৰ চৰিত্ৰ বেয়া থাকে, পাছত জ্ঞানবুদ্ধি উপজিলে তাক শুধৰাই লয়। কিন্তু বেয়াক ভাল কৰা বা অপৱিত্ৰক পৱিত্ৰ কৰা বৰ টান কথা। আৰম্ভতে সজ বাট লগাই দিবলৈ সুজু, কিন্তু অসজ বাটত চলি থকা মানুহক তাৰ পৰা ওভতাই অনা টান। সেইদেখি সংসাৰত সৎ মানুহৰ সংখ্যাতকৈ অসৎ মানুহৰ সংখ্যা সৰহ। আগৰ পৰা অসৎ পথত প্ৰবৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে, পাছত জ্ঞানৰ পোহৰত তাৰ কুন্ধচাালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে পাছত শুধৰোৱা টান। কোমলত ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। যি মানুহে কুকাম কৰি হাড় পকাইছে তাৰ চৰিত্ৰ সংশোধন কৰা কদাপি সম্ভৱ নহয়।
Read more : AJB Class 8 Science Question answers
৩) ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা কিদৰে মহত্ত্ব প্রাপ্ত হয়?
উত্তৰঃ ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে, কিন্তু চৰিত্ৰৰ পৰা মানুহে মহত্ব পায়। এজন চৰিত্ৰৱান মানুহে কেতিয়াও নিজেও বেয়া কাম নকৰে আৰু আনকো কৰিব নিদিয়ে। চৰিত্রহীন মানুহে পেটে পেটে চৰিত্ৰৱান মানুহক ভয় কৰে। আৰু চৰিত্ৰৱান মানুহৰ আগত বেয়া কাম কৰিবলৈ সংকোচিত হয়। সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ। সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।
৪) ভাল-বেয়া দুয়োবিধ বৃত্তিকে মানুহে কেনেকৈ কম-বেছি কৰিব পাৰে?
উত্তৰঃ বৃত্তি ভাল হওক বা বেয়া হওক দুয়োবিধকে মানুহে চেষ্টাৰ দ্বাৰা কম বেছি কৰিব পাৰে। চেষ্টা কৰি সদায় এটা কাম কৰি থাকিলে লাহে লাহে সি অভ্যাসত পৰিণত হয়। এই অভ্যাসৰ জৰিয়তে ভাল বেয়া দুয়োবিধ বৃত্তিকে মানুহে কম বেছি কৰিব পাৰে।
৫) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা
ক) সুচৰিত্ৰ মনুষ্যত্বৰ সাৰ, এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা।
উত্তৰ:
প্ৰসংগ : এই কথাশাৰী আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ সত্যনাথ বৰাদেৱেৰ দ্বাৰা লিখিত ‘চৰিত্ৰ’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।
সংগতি : সুচৰিত্ৰই যে মানুহক সমাজত এখন বিশেষ আদান প্রদান কৰি মোহত্বলৈ যায় সেই কথা প্ৰকাশ কৰিছে।
বাখ্যা : মানুহৰ চৰিত্ৰ সৎ হলে উন্নতিৰ পথত সহজে আগবাঢ়িব পাৰে।যিবোৰ মানুহ চৰিত্রহীন সেইবোৰ মানুহৰ শত্ৰু সৰহ । গতিকে সংসাৰত বিপদো সৰহ । কিন্তু চৰিত্ৰবান বা সুচৰিত্ৰৰ মানুহে আনক ভয় কৰি চলিব নালাগে ? তেওঁলোকে সৎচৰিত্ৰক সাৰথি কৰি উন্নতি ৰ পথত যাত্ৰা কৰিব পাৰে। অন্য গুণ তেনেকৈ নাথাকিলেও অকল সৎ চৰিত্ৰৰ বলতেই উদ্গতি সাধন কৰিব পাৰে। সূচৰিত্ৰই তেওঁলোকক সমাজত শ্রেষ্ঠতা আনি দিয়ে। সূচৰিত্ৰক আলম কৰি তেওঁলোকে উন্নতিৰ জখলাত বহুদূৰ আগবাঢ়ি যাব পাৰে। মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি যি দৰে পৃথিৱী ঘূৰি থাকে সেইদৰে সূচৰিত্ৰৰ মানুহে তেওঁলোকৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে সংসাৰত উচ্চ শিৰে জীয়াই থাকিব পাৰে ।
খ) মানুহৰ বেয়া বৃত্তিবোৰ কৰ্ষণ নকৰাকৈ আপোন-আপুনি ফুটি ওলাই, ভালবোৰ জ্ঞান – বুদ্ধি থিৰ হলেহে দেখা দিয়ে।
উত্তৰ:
প্ৰসংগ : এই কথাষাৰ আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ লেখক সত্যনাথ বৰাৰ দ্বাৰা লিখিত ‘চৰিত্ৰ’ নামৰ প্ৰবন্ধৰ পৰা তুলি দিয়া হৈছে।
সংগতি : মানুহে বেয়া বৃত্তিবোৰ কোনেও নিহিকালেও যে সহজে গ্ৰহণ কৰে আৰু ভাল বৃত্তিবোৰ জ্ঞান-বুদ্ধি হলেহে প্রকাশ পায় সেই প্ৰসংগতে এইষাৰ কথা কৈছে ।
বাখ্যা : সৰুকালত মানুহ লোভ,মোহ,ক্রুধ আদি বেয়া বৃত্তিবোৰ সহজে গ্ৰহণ কৰি সেইবোৰৰ অধীন হৈ থাকে। তেতিয়া যিমান শিকালেও ভাল বৃত্তি গ্ৰহণ কৰিবলৈ আগনাবাঢ়ে। বেয়া বৃত্তিৰ প্ৰতি মানুহৰ আকৰ্ষণ বেছি। বেয়া বৃত্তিৰ জৰিয়তে মানুহে সহজতে লোভনীয় বস্তু পাব পাৰে। বেয়া বৃত্তিৰ ফলত মানুষ জাতিৰ অশেষ অপকাৰ হলেও তাৰ প্ৰতিহে আকৰ্ষিত হয়। কিন্তু যেতিয়া মানুহৰ মনত জ্ঞানৰ উদয় হয় বুদ্ধি বাঢ়ে তেতিয়া বেয়া বৃত্তিবোৰ এৰাই চলা সহজ কাম নহয়। সৎ চৰিত্ৰ গঠন কৰি লৈহে তাক শুধৰাই লব পাৰি৷ বেয়াক ভাল কৰা বা অপবিত্রক পবিত্ৰ কৰা অতি টান কাম। কিন্তু নেৰে-নেপেৰা চেষ্টাৰ ফলত চৰিত্ৰ সংশোধন কৰি ভাল বৃত্তি গ্ৰহণ কৰাটো অসাধও নহয়।
৬) বিপৰীত শব্দ লিখা
উদ্গতি – অধগতি।
সৎ – অসৎ ।
অভ্যাস – অনভ্যাস ।
উজু – কঠিন।
সজ – অসজ।
স্বৰ্গ – মর্ত্য।
৭) সমার্থক শব্দ লিখা
সৰহ = বহুত।
বিপদ = সংকট, শংকা।
পুৰুষাৰ্থ = প্রয়াস, যত্ন ।
পৃথিৱী = ধৰিত্ৰী, ধৰা, বসুমতি, মেদিনী, পৃথ্বী আদি।
ৰাপ = স্পৃহা, অনুৰাগ, ৰতী ।
বিপদ = আপদ ৷
পুৰুষাৰ্থ = চেষ্টা, যত্ন।
টান = কঠিন।
৮) সমাস নির্ণয় কৰা
কুচৰিত্ৰ, ধনহীন, বিদ্যাহীন, অসজ, অপবিত্ৰ, দুর্ভিক্ষ, নিলকণ্ঠ, বিনাপানী, নিলোৎপল, ৰঙাজবা, কৃষ্ণঙ্গ, মহাপুৰুষ ।
উত্তৰ:
কু যি চৰিত্ৰ = কুচৰিত্ৰ (কর্মধাৰয় সমাস)
ধনত হীন = ধনহীন (সপ্তমী তৎপুৰুষ সমাস)
বিদ্যাত হীন = বিদ্যাহীন (সপ্তমী তৎপুৰুষ সমাস)
ন সজ = অসজ (নঞ তৎপুৰুষ সমাস)
ন পবিত্র = অপবিত্র (নঞ তৎপুৰুষ সমাস)
ভিক্ষাৰ অভাৱ = দুর্ভিক্ষ (অব্যয়ীভাব সমাস)
নিলৰ দৰে কণ্ঠযাৰসি = নিলকণ্ঠ (বহুব্রিহি সমাস)
নীলা যি উৎপল = নীলোৎপল (বহুব্রিহি সমাস)
বিনাত আছে পানীত যাৰ = বিনাপানী (কর্মধাৰয় সমাস)
ৰঙা যি জবা = ৰঙাজবা (কর্মধাৰয় সমাস)
কৃষ্ণ যি অঙ্গ = কৃষ্ণঙ্গ (কর্মধাৰয় সমাস)
মহান যি পুৰুষ = মহাপুৰুষ (কৰ্মধাৰয় সমাস)
৯) সন্ধি ভঙা
উত্তৰ:
(ক) হিতাহিত :- হিত+অহিত।
(খ) নয়ন : নে+অন।
(গ) কদাপি :- কদা + অপি।
(ঘ) গণেশ :- গণ+এশ।
(ঙ) পৰোপকাৰ :- পৰ + উপকাৰ ৷
(চ) সূর্যোদয় :- সূর্য + উদয়।
(ছ) নমস্কাৰ :- নমঃ+ কাৰ।
১০)সমর্থক শব্দ লিখা :
উত্তৰ:
(ক) ক্ৰিয়া = কৰ্ম, কাৰ্য।
(খ) কদাপি = কেতিয়াও।
(গ) লোভ = ইচ্ছা, আকাংক্ষা।
(ঘ) উজু = সহজ, ঢিলা।
(ঙ) পশু = জন্তু।
(চ) প্রথম = আদি।
(ছ) তেজ =শোণিত।
(জ) শেষ =অন্ত।
(ঝ) আলয় = ঘৰ, গৃহ ।
১১) বাক্য ৰচনা কৰা :
উত্তৰ:
ক) পানীৰ তলত কাঁইট : বর্তমান সংসাৰত কেতিয়া কাক পানীৰ তলৰ কাঁইটে বিন্ধে কোনেও কব নোৱাৰে ৷
খ) আঁঠুৱাৰ তলৰ মহ : কেতিয়াবা আঁঠুৱাৰ তলৰ মহেও বিপদত পেলায়।
গ) পেটে ভাত খা : অকল পেটে ভাত খাই থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি৷
ঘ) আলাই- আথানি : মাক দেউতাকৰ অকাল মৃত্যুত লৰা-ছোৱালী দুটাৰ আলাই-আথানি হল ।
ঙ) কঁকালত টঙালি বান্ধ : লাচিত বৰফুকনে কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি অসমৰ স্বাধীনতা ৰক্ষা কৰিছিল।
চ) ঘৰ ঘোনা : ঘৰ ঘোনা মানুহে সামাজিক কামত আগবাঢ়ি নাযায়।
ছ) হাত দীঘল : অইনে কৰিব নোৱাৰা কামটো হাত দীঘল মানুহে সহজে কৰিব পাৰে।
জ) চকুৰ কোটা দাঁতৰ শাল : বদন বৰফুকন পূৰ্ণানন্দ বুঢ়া গোহাঞিৰ চকুৰ কুটা দাঁতৰ শাল আছিল।
ঝ) আথে-বেথে : আলহী আহিলে গৃহস্থই আথে বেথে বহিবলৈ দিয়ে।
ঞ)ওভত গোৰে নাচ : উভত গোৰে নাচিলে মানুহৰ আধোন্নতি হয়।
