হিংসা নকৰোঁ কাকো Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 9,Class VIII AJB Assamese হিংসা নকৰোঁ কাকো পাঠ ৯ answer

Loying
0
হিংসা নকৰোঁ কাকো Chapter 9 all question answers Class 8 assamese assam jatiya bidyalay AJB

হিংসা নকৰোঁ কাকো Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 9,অষ্টম শ্ৰেণীৰ Axomsolution,Class VIII Lesson 9 Assamese Question answers AJB Assam Jatiya BIdyalay. হিংসা নকৰোঁ কাকো পাঠ ৯ অসম জাতীয় বিদ্যালয় অসমীয়া
হিংসা নকৰোঁ কাকো Chapter 9 all question answers Class 8 assamese assam jatiya bidyalay AJB

অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 9 হিংসা নকৰোঁ কাকো question answer (AJB)
Class 8 New assamese পাঠ  হিংসা নকৰোঁ কাকো Solution (AJB)
AJB Class VIII assamese Chapter 9 Solution

Chapter 9 : হিংসা নকৰোঁ কাকো

১। কবিতাটো সাধুৰূপত তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰ: আমোলাপটিৰ অনাদি চলিহা নামৰ এজন বৰ মাছৰ খকুয়া মানুহ আছিল । প্রীতিসাজতে তেওঁক চিতল, ভকুৱা, পুঠি আদি মাছ লাগিছিল। গৰৈ, চেঙেলি, কাৱৈ, ভেজেলী, দেও, দৰিকনা, ৰৌ, শাল, শিঙি, পাভ আদি মাছেৰে টো দুটা ভৰি থাকে। এদিন চলিহাই সপোনত দেখিলে যে বৰদলনিত পোনামাছবোৰে আহি তেওঁৰ গাত বগুৱা বাই ফুৰিছে। সিহঁতে চলিহাৰ গাত কুট কূটাই দি কবলৈ ধৰিলে যে চলিহাৰ কাৰণে বিল পুখুৰীৰ মাছ নাইকিয়া হল। চলিহা কিয় এনে হিংসাকুৰীয়া হল আৰু ভৱিষ্যতে মাছ খাব নে নাখায় সুধিলে। এই বুলি মিছা মাছে শুংকিডালেৰে নাকৰ ফুটাত সুৰ সুৰাই দিলে। হাঁচিৰ তপত ৰব নোৱাৰি চলিহাই জীৱ হিংসা মহা পাপ বুলি ভাবি সেইদিনাৰ পৰা মাছ, মঙহ কণী নাখায় বুলি প্ৰতিজ্ঞা কৰিলে। সেইদিনাৰ পৰা অকল বেঙেনা, কোমোৰা, ডাইল আদিহে খাব বুলি ঠিৰাং কৰিলে। গাখীৰ খালে যদি সপোনত গৰুয়ে খুচি দিয়ে ভাবি গাখিৰো খাব এৰিলে। নিতৌ ৰাতিপুৱা মুখ বিটকাই ৰঙা চাহ খায়। এইদৰে খাই চলিহা ক্ষিণাই গল। তেতিয়া চলিহা জীৱ হিংসা নকৰাকৈ কেনেকৈ মাছ খাব পাৰি চিন্তা কৰি এটা বুদ্ধি উলিয়ালে। বজাৰত গৈ একুৰী কাৱৈ মাছ কিনি আনিলে। তাৰ পিছত খুটি পুতি এচটা চিৰি বান্ধি, চিৰিৰ তলত সৰু সৰু খৰিৰে জুই জ্বলালে । চিৰিৰ এমূৰে এটা এটাকৈ কাৱৈ মাছ এৰি দিলে । এটা এটাকৈ উনৈশটা মাছ জুইত পুৰি মৰিল । বাকী এটাই কিবাকৈ বাঁহ চটা পাৰ হল। কিন্তু চলিহাই সেইটোকো পুনৰ পৰীক্ষা কৰি চাব বুলি কলে।

২। চমু উত্তৰ দিয়া:

ক) অনাদি চলিহাৰ ঘৰ ক’ত? তেওঁ কেনে প্ৰকৃতিৰ লোক?
উত্তৰ: অনাদি চলিহাৰ ঘৰ আমোলাপটিত। তেওঁ মাছৰ খঁকুৱা ৷
খ) কবিতাটোত উল্লেখ কৰা মাছবোৰৰ নাম লিখা।
উত্তৰ: কবিতাটোত উল্লেখ থকা মাছবোৰৰ নাম হৈছে – চিতল, ভকুৱা, গৰৈ, চেঙেলি, কাৱৈ, ভেছেলি, দেও-দৰিকণা, ৰৌ, শাল, শিঙি, পাভ, মিছা-মাছ আৰু পাটী-মুতুৰা ।
গ) সপোন চলিহাই কি দেখিলে বুজাই লিখা।
উত্তৰ: এদিন সপোনত চলিহাই দেখিলে, বৰদলনিৰ পোনামাছবোৰে ভেটা ভাঙি দলে দলে আহি চলিহাৰ গাত বগুৱা বাই ফুৰিছে। কুটকুটনিত থাকিবকে পৰা নাই। শুং কেইডালেৰে নাকৰ ফুটাত সুৰ সুৰি দিলে।
ঘ) সপোনৰ পিছত চলিহাই মনে মনে কি আওৰালে? 
উত্তৰ: সপোনৰ পিছত চলিহাই মনে মনে আওৰালে জীৱ হিংসা কৰা মহাপাপ ।
ঙ) সপোন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ল’লে?
উত্তৰ: সপোন দেখাৰ পিছত চলিহাই সেইদিনাৰ পৰা মাছ, মঙহ আৰু কণী এৰিম বুলি সিদ্ধান্ত ল’লে।


চ) গাখীৰ খাবলৈ চলিহাৰ কিয় ভয় হল?
উত্তৰ: যদিহে সপোনত গৰুৱে নেজেৰে নাকত কোবায়, কাহি তৰণি নাপাব; আকৌ যদি সপোনত শিঙেৰে খুচি দিয়ে উপায় কি হ’ব বাৰু তেনেকৈ ভাবিয়ে চলিহাৰ গাখীৰ খাবলৈয়ো ভয় লগা হ’ল।
ছ) চলিহা কিয় খীণাই গ’ল?
উত্তৰ: চলিহাই গাখীৰ, দৈ, মাছ, মাংস আৰু কণী সকলো এৰি দিয়াত খীণাই গ’ল |

৩। জীৱ হিংসা নকৰাকৈ চলিহাই কি দৰে মাছ খোৱাৰ উপায় উলিয়ালে বুজাই লিখা।
উত্তৰ: মাছ, মঙহ,আৰু কণী খাবলৈ এৰি দিয়াৰ পিছত চলিহাই ক্ষিণাই যাবলৈ ধৰিলে। তেতিয়া এটা বুদ্ধি উলিয়াই মাছ খোৱা উপায় উলিয়ালে। বুধিটো হল খুটি পুতি গৈ তাৰ ওপৰত আচটা কমি দি চিৰি বান্ধিলে। চিৰিৰ তলত একুৰা চলি খৰিৰে জুই ধৰিলে। মাছবোৰ এটা এটাকৈ বগাই যাবলৈ এৰি দিলে। একুৰী মাছৰ উনৈশটা মাছ জুইত পৰি পুৰা গল। সেই পোৰা মাছ কাকো হিংসা নকৰাকৈ খাব পাৰে বুলি চলিহাই সন্তুষ্টি লাভ কৰিলে ।


৫। ভাব্যর্থ লিখা
ক) মাছৰ তেলেদি মাছ ভজা
উত্তৰ: মাছ ভাজিবলৈ বহুত তেল লাগে। কিন্তু কিছুমান মাছৰ গাত তেল থাকেই। সেইবোৰ মাছ ভাজিবলৈ বেছি তেল নালাগে। মাছ ভাজিবলৈ আৰম্ভ কৰিলে তেলাল মাছৰ পৰা আপোন আপুনি তেল ওলাবলৈ ধৰে। কিছুমান ৰান্ধনীৱে আকৌ বেলেগে তেল খৰচ নকৰি মাছৰ তেলেৰেই মাছ ৰান্ধে। তেতিয়া খৰচ কমি যায়। ঠিক তেনেকৈ অন্য ক্ষেত্ৰতো তেনে কাম কৰিব পাৰি। যিবিলাক বুধিয়ক মানুহ তেওঁলোকে নিজৰ পকেটৰ পইচা খৰচ নকৰাকৈ বহুতো কাম চলাই দিয়ে।

খ) মহন্তৰ চিন মাহনীত
উত্তৰ: মহন্তসকলে সাধাৰণতে নিজৰ মনক সংযত কৰি ৰখা দেখা যায়। যতে ততে তেওঁলোকে খাদ্য গ্ৰহণ নকৰে। কিন্তু সকলো মহন্তই নিজৰ মনক সংযত কৰিব নোৱাৰে আচল মহন্ত চিনি পোৱা যায় বিশেষ পৰিস্থিতিত পাৰিলেহে। আগতে মানুহে পথাৰত মাটি মাহ ৰুইছিল আৰু তাৰ মাজেৰে খৰালি কালত অহাযোৱা কৰা ৰাস্তা আছিল। যেতিয়া মাহৰ ছেই লাগে তাৰ কাষেদি যোৱা মানুহে সেই পুৰঠ ছেই ছিঙি খায়। মহন্তই সাধাৰণতে মাহৰ ছেই ছিঙি খাব নালাগে কিন্তু নিজৰ মনক সংযত কৰিব নোৱাৰা নকল মহন্তই ছিঙি খায়। ঠিক তেনেকৈ মানুহৰ আচল পৰিচয় সময়ত হে ধৰিব পাৰি ৷


৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য সাজা :

পুঠি(এবিধ মাছ) : পুঠি মাছ পানীৰ পৰা তুলি আনিলে বেছি সময় জীয়াই নাথাকে

পুথি(কিতাপ): পুথিভঁৰালত নানা ধৰণৰ পুথি পোৱা যায়

জুতি(জিভাৰ সোৱাদ): আঞ্জাৰ জুতি নহলে বহুতে ভাত খাব নোৱাৰে

জুটি : পথাৰত হাল বাওঁতে গৰুহাল জুটি লয়

পানী(জল): পানী প্ৰাণীৰ প্ৰাণ

পাণি(হাত): সৰস্বতীৰ পাণিত বীনা থাকে

বহি(শৰীৰৰ অংগি ভংগি): ৰামে বহি বহি সময় বিলাক পাৰ কৰিছে।

বহী(লেখন সামগ্ৰী): ছাত্র-ছাত্রীক লিখিবলৈ বহুতো বহীৰ দৰকাৰ হয়।

৮। লিংগ পৰিৱৰ্তন কৰা :

ক) চলিহা : চলিহানী

খ) বৰুৱা : বৰুৱানী

গ) কলিতা : কলিতানী

ঘ) বৰা : বৰানি

ঙ) শ‍ইকীয়া : শ‍ইকীয়ানী

৯। তলত দিয়া নির্দেশাত্মক প্রত্যেয়বোৰ ব্যৱহাৰ কৰি উদাহৰণৰ দৰে বাক্য সজা 
কণ ,কণী ,খন ,খনি,ডোখৰ , ডোখৰী,ফিৰা , ফিৰি,চকল , চপৰ

উত্তৰ: 
ক) কণ : ল’ৰাকণ কেতিয়া আহিল
খ) কনি : মোৰ মৰমকনি গ্ৰহণ কৰিবা 
গ) খন : কিতাপখন তেনেই সৰু
ঘ) খনি : বহীখনি লেতেৰা নকৰিবা
ঙ) ডোখৰ : মাছডোখৰ জীয়া
চ) ডুখৰি : কাঠডুখৰিতে বহিবলৈ দিয়া
ছ) ফেৰা : কেতিয়াবা এফেৰা লোণ বিচাৰি প্ৰতিবেশীৰ ওচৰলৈ যাব লগা হয়
জ) ফেৰি : এফেৰি গুৰেৰে বহুতো মানুহে ফিকা চাহ খায়
ঝ) চকল : মাছ আচকল আনিছে ৰান্ধনীয়ে কিহৰ ৰান্ধে ভাবি পোৱা নাই 
ঞ) চপৰা : আগৰ দিনত এচপৰা মাটি আনি ঘৰ – কাঠি সুন্দৰকৈ মুচিছিল


#Ajb #assamjatiyabidyalay #ajbclass8 #axomsolution

#assamjatiyabidyalayclass8assamese

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top