শস্য উপাৎদন আৰু ব্যৱস্থাপণা Lesson 1 অষ্টম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অসম জাতিয়া বিদ্যালয়
শস্য উপাৎদন আৰু ব্যৱস্থাপণা Class 8 new Science all Question answers Chapter 1, Axomsolution,Class VIII Lesson 1 Science Question answers AJB Assam Jatiya BIdyalay. শস্য উপাৎদন আৰু ব্যৱস্থাপণা অধ্যায় ১ অসম জাতীয় বিদ্যালয় বিজ্ঞান
শস্য উপাৎদন আৰু ব্যৱস্থাপণা Lesson 1 all question answers Class 8 science assam jatiya bidyalay AJB
অসম জাতীয় বিদ্যালয় বিজ্ঞান class 8 Science Chapter 1 question answer (AJB)
Class 8 New Science অধ্যায় ১ Solution (AJB)
AJB Class VIII Chaper 1 Solution
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা-
i) কোনবিধ খাদ্য শস্য?
a) ওলকবি
b) ধান
c) সৰিয়হ
d) মচুৰ
Ans: b) ধান।
ii) কোনবিধ শীতকালীন (kharif crop) শস্য নহয়?
a) চয়াবিন
b) আলু
c) সৰিয়হ
d) মচুৰ
Ans: a)চয়াবিন |
iii) কোনবিধ শস্যই নাইট্রজেন যােগান ধৰি মাটি সাৰুৱা কৰে?
a)ফুলকবি
b) শালি ধান
c) ঘেঁহু
d) মচুৰ মাহ
Ans: d) মচুৰ মাহ
iv) কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়?
a) নাইট্র’জেন
b) ফছফৰাছ
c) হিউমাছ
d) পটাছিয়াম
Ans: c) হিউমাছ।
2. মাটি প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা।
Ans: মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হল- নাঙল,মৈ আৰু কল্টিভেটৰ।
3. শস্য বুলিলে কি বুজা?ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি কি ভাগত ভাগ কৰা হৈছে?
Ans: এখন খেতি পথাৰত বিশাল পৰিসৰত কেৱল এবিধ উদ্ভিদৰ খেতি কৰাকে শস্য বোলে।
ৰোপণৰ সময়ত ওপৰত ভিত্তি কৰি শস্যসমূহৰ দুটা ভাগত ভাগ কৰা হৈছে। সেই কেইটা হৈছে,
বৰ্ষাকালীন, শীতকালীন।
4. দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা।
Ans: দুটা জৈৱিক সাৰ যেনে- গোবৰ আৰু কেঁচুসাৰ। আৰু দুটা ৰাসায়নিক সাৰ যেনে - ইউৰিয়া আৰু একক ছুপাৰ ফছফেট।
5. দুবিধ মাহজাতীয় শস্যৰ নাম লিখা।
Ans: মাটি মাহ আৰু মগু মাহ।
6. শস্যাবর্তন বুলিলে কি বুজা?
Ans: এডৰা মাটিত এবছৰত বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু মাহজাতীয় শস্য সলনা-সলনি কৰাকে শস্যাবর্তন বোলে।
7. জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পার্থক্য লিখা।
Ans:
১)জৈৱিক সাৰ প্ৰাকৃতিক ভাবে উৎপন্নহোৱা সাৰ আনহাতে ৰাসায়নিক সাৰ উদ্যোগত প্ৰস্তুত কৰা সাৰ।
২)জৈৱিক সাৰে পৰিবেশৰ একো অনিষ্ট সাধন নকৰে আনহাতে ৰাসায়নিক সাৰে বায়ুমণ্ডললৈ সেউজ গৃহ গেছ নিগম কৰে।
৩)জৈৱ সাৰৰ উদাহৰণ : পাচন সাৰ,সেউজ সাৰ, কেঁচু সাৰ আদি।
ৰাসায়নিক সাৰ উদাহৰণ: ইউৰিয়া, পটাছ, ডি.এ.পি আদি।
8. অপতৃণ কাক বোলে ? অপতৃণ নিয়ন্ত্রণ কৰাৰ দুবিধ সঁজুলি আৰু এটা অপতৃণনাশক দৰৱৰ নাম লিখা ।
Ans: বাৰিষাৰ ধাননি পথাৰত ধানৰ কঠীয়াৰ লগতে আন বহুতো আন তৃণ গছ গজি উটে খেতিপথাৰত গজি উঠা এনে অপ্ৰয়োজনীয় গছবোৰকে বা অপতৃণ বুলি কোৱা হয়।
অপতৃণ নিয়ন্ত্ৰণ কৰাৰ দুবিধ সঁজুলিৰ নাম হল – খুৰপি আৰু চক্ৰাকাৰ কোৰ। আৰু এটা অপতৃণ নাশক দৰৱ নাম হল- পৰাকুৱাট দৰৱ।
9. বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা।
Ans: বীজ ছটিওৱা সঁজুলিসমূহৰ নাম হ’ল – Seed Drill Machine , চিড কভাৰিং ডিভাইচ।
10. তলৰ ‘ ক ’ অংশৰ লগত ‘ খ ’ অংশ মিলােৱ:
|
‘ক’অংশ |
‘খ’ অংশ |
|
a)ৰাইজ’বিয়াম |
a) বন নিৰণি দিয়া সঁজুলি। |
|
b)শীতকালীন শস্য |
b) বননাশক দৰৱ। |
|
c)চক্রাকাৰ কোৰ |
c) ধান কটা সঁজুলি। |
|
d)বুটাক্ল’ৰ | d)এবিধ বেক্টেৰিয়া। |
|
e)কাঁচি |
e)সৰিয়হ। |
Ans:
‘ক’অংশ | ‘খ’ অংশ |
a)ৰাইজ’বিয়াম | d)এবিধ বেক্টেৰিয়া। |
b)শীতকালীন শস্য | e) সৰিয়হ। |
c)চক্রাকাৰ কোৰ | a) বন নিৰণি দিয়া সঁজুলি। |
d) বুটাক্ল’ৰ | b) বননাশক দৰৱ। |
e)কাঁচি | c) ধান কটা সঁজুলি। |
Assam Jatiya Bidyalay Class 8 Science Lesson 1 শস্য উপাৎদন আৰু ব্যৱস্থাপণা all question answers (AJB) Notes

Hii
ReplyDeleteHii
ReplyDelete