অণুজীৱ lesson 2 Class8 Science Assam jatia bidyalay (AJB) all question answers ,অণুজীৱ অধ্যায় ২ অসম জাতীয় বিদ্যালয় বিজ্ঞান

Loying
0

অণুজীৱ Lesson 2 অষ্টম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অসম জাতিয়া বিদ্যালয় | অণুজীৱ অধ্যায় ২ অসম জাতীয় বিদ্যালয় বিজ্ঞান

অণুজীৱ Class 8 new Science all Question answers Chapter 2, Axomsolution,Class VIII Lesson 2 অণুজীৱ Science Question answers AJB Assam Jatiya BIdyalay. অণুজীৱ অধ্যায় ২ অসম জাতীয় বিদ্যালয় বিজ্ঞান
অণুজীৱ Lesson 2 all question answers Class 8 science assam jatiya bidyalay AJB

                             অণুজীৱ  lesson 2 Class8 Science Assam jatia bidyalay

অসম জাতীয় বিদ্যালয় বিজ্ঞান class 8 Science Chapter 2 question answer (AJB)
Class 8 New Science অধ্যায় ২ অণুজীৱ Solution (AJB)
AJB Class VIII Chaper 2 Solution
অণুজীৱ পাঠ২ solution

অধ্যায় ২ : অণুজীৱ 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
i) ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদার্থবিধ হ’ল—
a) চেনি  
b) সুৰা  
c) অক্সিজেন   
d) হাইড্রক্লৰিক এছিড।
Ans: b) সুৰা।

ii) তলত দিয়াসমূহৰ কোনটো প্রতিজৈৱিক?
a) ছডিয়াম বাইকার্বনেট   
b) ষ্ট্ৰেপট'মাইচিন  
c) সুৰা   
d) ইষ্ট
Ans: b) ষ্ট্ৰেপট'মাইচিন।

iii) মেলেৰিয়াৰ বীজাণু প্র`টয’ৱাটোৰ বাহক হল—
a) মাখি   
b) পখিলা   
c) মাইকী এনােফিলিচ মহ   
d) পইতাচোৰা
Ans:c)মাইকী এনোফিলিচ মহ।

iv) সোঁচৰা ৰােগসমূহৰ অতি উল্লেখনীয় বাহক হ’ল—
a) পৰুৱা   
b) মাখি   
c) মকৰা   
d) জিঞা পােক
Ans:b) মাখি।

v) পাউৰুটিৰ মণ্ড ফুলি উঠাৰ কাৰণ হ'ল —
a) তাপ   
b) হাতেৰে খচা   
c) ইষ্টৰ বৃদ্ধি   
d) গুৰি কৰা
Ans:c)ইষ্টৰ বৃদ্ধি।

2. খালী ঠাই পূৰ কৰা:
i) অণুজীৱ চাবলৈ হ'লে আমাক অনুবীক্ষণ যন্ত্ৰ লাগে।

ii) নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে নাইট্ৰ'জেন সংযােজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

iii) ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

iv) কলেৰা বেমাৰটো বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়।

v) ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ পোষকৰ দৰকাৰ।


3. অণুজীৱ খালি চকুৰে চাব পাৰিনে? যদি নােৱাৰি, কেনেকৈ চাব পাৰি?
উত্তৰ: অণুজীৱ খালি চকুৰে চাব নোৱাৰি। অণুজীৱসমূহক আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰোঁ।

4. অণুজীৱৰ প্ৰধান ভাগ কেইটা কি কি?
উত্তৰ: অণুজীৱৰ প্ৰধান ভাগ হল: ভেঁকুৰ,বেক্টেৰিয়া, আদি প্ৰাণী(Protozoa)আৰু কেতবোৰ শেলাই।

5. বায়ুমণ্ডলৰ পৰা নাইট্র'জেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবােৰৰ নাম লিখা।
উত্তৰ: বায়ুমণ্ডলৰ পৰা নাইট্রজেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবােৰৰ হল ৰাইজ'বিয়াম।

6. দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পর্কে দহশাৰীমান বাক্যত লিখা।
উত্তৰ: দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰীত হল- লেক্ট’বেছিলাছ নামৰ এবিধ বেক্টেৰিয়াই গাখীৰক দৈ লৈ ৰূপান্তৰিত কৰে।ইষ্ট নামৰ অণুজীৱ বিধে পাউৰুটি বনুৱাত সহায় কৰে আৰু সুৰা উৎপাদনটো ব্যৱহাৰ হয়। পেনিচিলিয়াম নামৰ ভেঁকুৰ বিধৰ পৰা পেনিচিলিন প্ৰস্তুত কৰা হয়।ৰাইজবিয়াম নামৰ বেক্টেৰিয়াই মাহ জাতীয় উদ্ভিদৰ শিপাশত আশ্ৰয়লৈ বায়ুৰ পৰা নাইট্ৰজেন গেছ গ্ৰহণ কৰি উদ্ভিদক যোগান ধৰে।এচিটিক এচিড বা ভিনেগাৰ আদিৰ উৎপাদনত অণুজীৱ ব্যৱহাৰ হয়।বহুতো অণুজীৱৰ পৰা প্ৰতিজৈৱিক প্ৰস্তুত কৰা হয়।

7. অণুজীৱৰ অপকাৰিতা সম্পর্কে এটি চমু টোকা লিখা।
উত্তৰ: কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক বীজাণু বোলে। কিছুমান অণুজীৱই আকৌ খাদ্য়দ্ৰব্য়, কাপোৰ আৰু চামৰা আদিৰো অনিষ্ট সাধন কৰে। বীজাণুবোৰে আমাৰ শৰীৰত উশাহ-নিশাহ, খোৱা-পানী আৰু আহাৰৰ জৰিয়তে প্ৰৱেশ কৰি ৰোগৰ সংক্ৰমণ ঘটায়। ৰোগাক্ৰান্ত মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলতো ৰোগৰ বীজাণু এজনৰ পৰা আনজনৰ গালৈ বিয়পিব পাৰে। উদাহৰণস্বৰূপে কলেৰা, সাধাৰণ পানীলগা, মাজু আই, যক্ষ্মা, ক’ৰোনা আদি।


৪. ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ?
উত্তৰ: ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে বেক্টেৰিয়াৰ দৰকাৰ।

9. প্রতিজৈৱিক কি? প্রতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা ল’ব লাগে লিখা।
উত্তৰ: যিবোৰ দৰবে বেমাৰ সৃষ্টিকাৰী বীজাণুবোৰ ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধি বন্ধ কৰে, সেইবোৰ দৰবক প্ৰতিজৈৱিক বোলে। প্ৰতিজৈৱিক ব্য়ৱহাৰৰ সময়ত ল’বলগীয়া সাৱধানতাসমূহ হৈছে 一
  •  অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে ইয়াক সেৱন কৰিব লাগে।
  •  প্ৰয়োজন নথকাকৈ বা ভুল মাত্ৰাত কেতিয়াও ইয়াক গ্ৰহণ কৰিব নালাগে।


10. স্তম্ভ A আৰু স্তম্ভ B মিলােৱাঃ

 A

 B

i) বেক্টেৰিয়া

a) নাইট্রজেন সংযােজন।

ii) ৰাইজ’বিয়াম

b) দৈ তৈয়াৰ।

iii) লেক্ট’বেছিলাম

c)পাউৰুটি প্রস্তুত

iv) ইষ্ট

d)মেলেৰিয়াৰ কাৰণ

v) এটা প্ৰ’টয’ৱা

e)কলেৰাৰ কাৰণ।

vi) এটা ভাইৰাছ

f) এইডছৰ কাৰণ













Ans: 

A

B

i) বেক্টেৰিয়া

e)কলেৰাৰ কাৰণ।

ii) ৰাইজ’বিয়াম

a) নাইট্রজেন সংযােজন।

iii) লেক্ট’বেছিলাম

b) দৈ তৈয়াৰ।

iv) ইষ্ট

c)পাউৰুটি প্রস্তুত

v) এটা প্ৰ’টয’ৱা

d)মেলেৰিয়াৰ কাৰণ

vi) এটা ভাইৰাছ

f) এইডছৰ কাৰণ



Assam Jatiya Bidyalay Class 8 Science Lesson 2 অণুজীৱ all question answers (AJB) Notes

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top