চৌপাশৰ পৰিৱৰ্তনবোৰ Assam jatiya Bidyalay,Class 6 Science Chapter 11 চৌপাশৰ পৰিৱৰ্তনবোৰ Question answers Assam Jatiya Bidyalay
Class 6 Science Assam Jatiya Bidyalay চৌপাশৰ পৰিৱৰ্তনবোৰ | Lesson 11 | , Lesson11 Class 6 Science , Assam jatiya bidyalay class 6 science chapter 11 questions answers, চৌপাশৰ পৰিৱৰ্তনবোৰ question answer video,ষষ্ঠ শ্ৰেণী অসম জাতীয় বিদ্যালয় নতুন বিজ্ঞানৰ প্ৰশ্ন উত্তৰ চৌপাশৰ পৰিৱৰ্তনবোৰ
Assam Jatiya Bidyalay Class VI Science lesson 11 question answers
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(i) সৰ্বোচ্চ পৰিমাণৰ দ্ৰাৱ দ্ৰৱীভূত হৈ থকা দ্ৰৱটো হ'ল-
a) সংপৃক্ত দ্ৰৱ
b) গাঢ় দ্ৰৱ
c) লঘু দ্ৰৱ
d) প্ৰলম্বন
উত্তৰঃ a)সংপৃক্ত দ্ৰৱ।
(ii) উষ্ণতা বাঢ়িলে পদাৰ্থৰ দ্ৰাৱ্যতা-
a) বাঢ়ে
b) কমে
c) নাৱাঢ়েও, নকমেও
d) বাঢ়িবও পাৰে, কমিবও পাৰে
উত্তৰঃ d)বাঢ়িবও পাৰে, কমিবও পাৰে।
(iii) এটা বস্তু দহন কৰাৰ পাছত ৰোৱা অৱশেষখিনিৰ ভৰ বস্তুটোৰ ভৰতকৈ-
a) কম
b) বেছি
c) কমিবও পাৰে, বাঢ়িবও পাৰে
d) বেছিও নহয়, কমো নহয়- একে থাকে
উত্তৰঃ c)কমিবও পাৰে, বাঢ়িবও পাৰে।
2. নিম্নোক্তবোৰৰ পৰা ওলোটা দিশত হ'ব পৰা প্ৰক্ৰিয়া চিনাক্ত কৰা-
a) চাউলৰপৰা ভাত ৰন্ধা
b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটা
c) কাগজ এখিলা জ্বলোৱা
d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱা
e) মম গলোৱা
উত্তৰঃ
(a) চাউলৰ পৰা ভাত ৰন্ধাৰ পিছত পুনৰ চাউলখিনি পাব নোৱাৰি।
(b) কাগজ এখিলা ৰকেটৰ আকৃতিত কটাৰ পিছত আকৌ আগৰ আকৃতিত কাগজখন পাব নোৱাৰি।
(c) কাগজ এখিলা জ্বলোৱাৰ পিছত ছাই হৈ যায়। ইয়াক্ পুনৰাই কাগজৰূপে পাব নোৱাৰি।
(d) কাগজ এখিলা ভাঁজ কৰি চৰাই বনোৱাৰ পিছত পুনৰাই কাগজখন আগৰ আকৃতিত পাব পাৰি। আকৃতিৰ কোনো পৰিৱৰ্তন নহয়।
(e) মম গলোৱাৰ পিছত পুনৰ মমডাল আগৰ আকৃতিত পাব নোৱাৰি।
3. এটা কাঁচৰ বটলৰ মুখখন পানীত বুৰাই ৰখা হৈছে। তাৰ পাছত বটলটোৰ পিছফালটো গৰম কৰা হৈছে। অলপ পাছতে পানীত বুৰবুৰণি ওলাইছে। বুৰবুৰণি কিয় ওলাইছে লিখা ।
চিত্ৰত দেখুওৱাৰ দৰে এটা কাঁচৰ বটলৰ মুখখন গামলাত থকা পানীত বুৰাই ৰখা হ’ল। এতিয়া বটলটোৰ পিছফালে জ্বলি থকা মম এডালেৰে তাপ প্ৰয়োগ কৰা হ’ল। এতিয়া পানীত বুৰবুৰণিৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণটো হ’ল যে জুইৰ তাপ পাই বটলৰ ভিতৰত থকা বায়ুখিনি বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰিছে। এই বায়ুৰ চলাচলৰ বাবে পানীত বুৰবুৰণি হৈছে।
4. গৰম কৰিলে বায়ুৰ আয়তন বাঢ়ে-এই কথা প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা।
এটা প্ৰকাণ্ড বেলুন লোৱা হ’ল । এতিয়া ইয়াৰ ভিতৰৰ বায়ুখিনি চিত্ৰত
দিয়া ধৰণে গৰম কৰা হ’ল । বায়ু গৰম হ’লে পাতল হয় আৰু ওপৰলৈ উৰি যায় । আচলতে
ঠাণ্ডা বায়ুতকৈ গৰম বায়ুৱে বেছি ঠাই আগুৰে । অৰ্থাৎ বায়ু গৰম হ’লৈ বায়ুৰ আয়তন
বাঢ়ে ।
5. এলপিজি বায়ুতকৈ গধুৰ। ধৰা, ৰান্ধনিঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ ওলাই আছে। বতাহ যেনিবা বলা নাই। গেছবিধ ওপৰলৈ উৰি যাব নে তলত জমা হৈ থাকিব?
উত্তৰঃ উত্তৰঃ এল পি জি বায়ুতকৈ গধুৰ । ধৰা হ’ল ৰান্ধনি ঘৰত চিলিণ্ডাৰৰ পৰা গেছবিধ
ওলাই আছে । বতাহ যেনিবা বলা নাই । কিন্তু এল পি জি গেছবিধ ওপৰলৈ উৰি যাব । কাৰণ ই
অক্সিজেনৰ সংস্পৰ্শত অহাৰ লগে লগে পাতল হৈ পৰে আৰু ই অত্যন্ত জ্বলনশীল ।
6. জ্বলালে মমবাতি এডাল নাইকিয়া হৈ যায়। কিয় নাইকিয়া হয় লিখা।
উত্তৰঃমমবাতি এডাল জ্বলালে নাইকিয়া হৈ যায়। কাৰণ দহনৰ ফলত ইয়াৰ পৰা জলীয়
বাষ্প আৰু কার্বন ডাই অক্সাইড উৎপন্ন হয় । আৰু এই দুয়োটাই ( জলীয় বাষ্প আৰু
কাৰ্বন ডাই অক্সাইড ) বায়ুৰ লগত মিলি যায় ।
7. দ্ৰাৱ, দ্ৰাৱক আৰু সংপৃক্ত দ্ৰৱৰ সংজ্ঞা লিখা। দ্ৰাৱ আৰু দ্ৰাৱকৰ উদাহৰণ দিয়া।
উত্তৰঃধৰাহ’ল এটা পাত্ৰত চেনি আৰু পানীৰ মিশ্ৰণ লোৱা হ’ল । চেনি আৰু পানীৰ
দ্ৰৱটোত চেনিক দ্ৰাৱ (solute) বুলি কোৱা হয় আৰু পানীখিনিক দ্ৰাৱক (solvent) বুলি
কোৱা হয়।
এক নিৰ্দিষ্ট পৰিমাণৰ পানীত নিৰ্দিষ্ট পৰিমাণৰ চেনিহে মিহলাব পাৰিম। চেনিখিনি পানীৰ লগত মিহলি হৈ যাব। কিন্তু পানীতকৈ, চেনি যদি অধিক দিও তেতিয়া অতিৰিক্ত চেনিখিনি পানীৰ লগত মিহলি নহৈ জমা হৈ থাকিব। ইয়াকে সংপৃক্ত দ্ৰৱ বোলে।
8. বস্তু এটা জ্বলালে আচলতে কি ঘটে লিখা। উদাহৰণ দিবা।
উত্তৰঃ কাগজ এখিলা জ্বলালে অক্সিজেনৰ লগত লগ হয়। ফলত জলীয় ভাপ আৰু কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন হয়।এই দুয়োটাই বায়ুৰ লগত মিলি যায়।



MyMinhaz
ReplyDelete