অসমৰ বেহা-বেপাৰ অধ্যায়- ৯ Class7 History AssamJatiya Bidyalay Question Answers | Class 7 History Chapter 9 Solution AJB

Loying
0

Assam jatiya bidyalay class 7 History Chapter 9 অসমৰ বেহা-বেপাৰ Question answers - Axomsolution

অসমৰ বেহা-বেপাৰ অধ্যায়ঃ ৯ Solution |Ajb Class 7 Solution- Assam Jatiya Bidyalay Solution
অসমৰ বেহা-বেপাৰ অধ্যায়ঃ ৯ Solution |Ajb Class 7 Solution- Assam Jatiya Bidyalay Solution,class 7 History Chapter 9 Assam Jatiya Bidyalaya solution
Class 7 Science অসমৰ বেহা-বেপাৰ অধ্যায় 


Class 7 Science অসমৰ বেহা-বেপাৰ অধ্যায় ৯ Question answers AJB,Class 7 History Lesson 9 Assam jatiya Bidyalay Question answers,অসম জাতীয় বিদ্যলয়ৰ সপ্তম শ্ৰেণীৰ ইতিহা অসমৰ বেহা-বেপাৰ,Lesson 9 প্ৰশ্ন উত্তৰ Axomsolution.com

Chapter 9 : অসমৰ বেহা-বেপাৰ

১। চমু উত্তৰ লিখা । 
ক ) কোনজন আহােম ৰজাই পােনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহোৱাইছিল ?
উত্তৰঃ  আহোম ৰজা প্ৰতাপ সিংহই পোনপ্ৰথমে  আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহোৱাইছিল।
খ ) অসমত চাহ কোনে প্রথমে আৱিষ্কাৰ কৰিছিল ? 
উত্তৰঃ অসমত চাহ প্ৰথমে ৰবাৰ্ট ব্ৰুচ আৱিষ্কাৰ কৰিছিল।
গ ) মধ্যযুগত অসমৰ প্ৰধানকৈ কোনখন নদীৰ বালিত সােণ পােৱা গৈছিল ?
উত্তৰঃ মধ্য়যুগত অসমৰ প্ৰধানকৈ সোৱণশিৰি নদীৰ বালিত সোণ পোৱা গৈছিল। 

২। উত্তৰ লিখা।
ক ) ফুলগুৰি হাট কিয় বিখ্যাত লিখা ।
উত্তৰঃ প্ৰতাপ সিংহই কলং নৈৰ পাৰত ফুলগুৰিত হাট বা বজাৰ পাতি প্রজাসকলক বেহা-বেপাৰৰ সুবিধা কৰি দিছিল । সেইবাবে ফুলগুৰি হাট বিখ্য়াত।  
খ ) অসমৰ পৰা ৰপ্তানি হােৱা যিকোনাে চাৰিবিধ সামগ্ৰীৰ নাম লিখা ।
উত্তৰঃ অসমৰপৰা ৰপ্তানি হোৱা যিকোনো চাৰিবিধ সামগ্ৰীৰ নাম হ’ল-  সৰিয়হ, মাহ লো, ধান। 
গ ) অসমলৈ আমদানি হােৱা যিকোনাে চাৰিবিধ বস্তুৰ নাম লিখ । 
উত্তৰঃ অসমলৈ আমদানি হোৱা যিকোনো চাৰিবিধ বস্তুৰ নাম হল-লোণ, চেনি, কাপোৰ, সোণ-ৰুপৰ অলংকাৰ।

AssamJatiya Bidyalay Class7 AllQuestion answers : Click Here

৩। অসমৰ বেহা – বেপাৰৰ ওপৰত এটি টোকা প্রস্তুত কৰাঁ ।
উত্তৰঃ কৃষিজীৱী আৰু স্ব-নিৰ্ভৰশীল অসমৰ অধিবাসীসকলৰ মনত আগতে বেহা-বেপাৰৰ কোনো ধাৰণা নাছিল। ১২০৬ খ্ৰীঃত মুছলমানসকল অসমলৈ (তেতিয়াৰ কামৰূপলৈ) অহাৰ পিছৰ পৰাহে অসমত বেহা-বেপাৰৰ কিছু প্ৰভাৱ পৰে। অৱশ্যে তথ্যভিত্তিক হিচাবে শংকৰদেৱৰ সময়ৰপৰাহে অসমত বেহা- বেপাৰৰ কথা পোৱা যায়। সেই সময়ত নাৱেৰে বেপাৰ কৰা মুদৈ বা সদাগৰসকলে পশ্চিমব ৰাজ্যৰ প্রয়োজনীয় সামগ্রী আমদানী-ৰপ্তানী কৰিছিল।
অসমত হাট বা বজাৰৰ জৰিয়তে বেহা-বেপাৰৰ আৰম্ভ হয়। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা। তেৱেই প্ৰথম কলং নৈৰ পাৰত ফুলগুৰিত হাট বা বজাৰ পাতি প্রজাসকলক বেহা-বেপাৰৰ সুবিধা কৰি দিছিল ।
অসমত বেহা-বেপাৰৰ দিশত যথেষ্ট পৰিৱৰ্তন হয় ইংৰাজসকল অসমলৈ অহাৰ পিছত। ইংৰাজে বেহা- বেপাৰৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰাৰ লগতে অসমত কাৰিকৰী সামগ্ৰীৰ বৃদ্ধি কৰিছিল। তেওঁলোকেই সেই সময়ত অসমৰ মানুহে ঔষধি হিচাবে ব্যৱহাৰ কৰা চাহ আৰু কানি বৱসায়িক ভিত্তিত বিদেশলৈ ৰপ্তানী কৰিবলৈ লয়। কয়লা, খাৰুৱা তেল আৰু অন্যান্য বনজ সম্পদে এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ লাভ কৰে ।ইংৰাজসকলৰ উপৰিও অসমত মাৰোৱাৰী, ঢাকাৰ মুছলমান বেপাৰী, বঙালী বেপাৰী আদি প্ৰধান বাণিজ্যিক গোষ্ঠী আছিল। এই বাণিজ্যিক গোষ্ঠীবোৰৰ জৰিয়তেই ধান, মাহ, সৰিয়হ চাহ, কপাহ আদি কৃষিজাত সামগ্ৰীৰ লগতে পাট, মুগা, এড়ি, সূতা, মুগাৰ সুতা, হাতী দাঁত, কয়লা, তামৰ বাচন, নানাবিধ গছৰ কাঠ আদি অসমৰ পৰা ৰপ্তানী কৰা হৈছিল । আনহাতে লোণ, চেনি, কাপোৰ, বিভিন্ন আমোদৰ সামগ্রী, মণি-মুকুতা আদি অসমলৈ আমদানি হৈছিল।


IF You Have any dout Comment Bellow

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top