বায়ু আৰু পানী প্ৰদূষণ Lesson 21 Assam Jatiya Bidyalay Class 8 Science Question answers Class 8 Science solution

Loying
0

Class 8 Science Lesson 21 Assam Jatiya Bidyalay Question Answer Ajb class 8 science notes বায়ু আৰু পানী প্ৰদূষণ


বায়ু আৰু পানী প্ৰদূষণ অধ্যায় ২১ অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী বিজ্ঞান
বায়ু আৰু পানী প্ৰদূষণ অধ্যায়২১ class 8 science Assam jatiya Bidyalay


প্রশ্নাৱলী:
1. চমু উত্তৰ লিখা :
i) বায়ু প্ৰদূষণ বুলিলে কি বুজা? কেইটামান বায়ু প্ৰদূষণৰ উদাহৰণ দিয়া।
উত্তৰঃ বায়ু অপকাৰী বা দুঃখিত হোৱাকে বায়ু প্ৰদূষণ বোলে। কেইটামান বায়ু প্ৰদূষণৰ উদাহৰণ হল

যান-বাহনৰ পৰা ওলোৱা ধোৱা, উদ্যোগৰ পৰা ওলোৱা ধোৱা, এইবোৰত কিছুমান অলাগতিয়াল পদাৰ্থ থাকে। 


ii) LPG আৰু CNG ৰ সম্পূৰ্ণ প্ৰকাশ লিখা। ইহণতৰ বৈশিষ্ট্য কি?
উত্তৰঃ  LPG ৰ সম্পূৰ্ণ প্ৰকাশ Liquified Petroleum Gas. আৰু CNG ৰ সম্পূৰ্ণ প্ৰকাশ Compressed Natural Gas। LPG আৰু CNGব্যৱহাৰ কৰিলে প্ৰদূষণ কম হয়। ইহতৰ ব্যৱহাৰৰ ফলত বহুতো ইন্ধন ৰাহি হয়। 

iii) আগ্নেয়গিৰি উদ্গীৰণৰ ফলত কি কি প্ৰদূষক নিৰ্গত হয়?
উত্তৰঃ আগ্নেয়গিৰি উদ্গীৰণৰ ফলত ধোৱা, লাভা, আদি প্ৰদূষক নিৰ্গত হয়।

iv) অজ'ন স্তৰ আমাৰ বাবে কিয় প্ৰয়োজনীয় ?
উত্তৰঃ অজ'ন স্তৰ আমাৰ বাবে প্ৰয়োজনীয় কাৰণ সূৰ্য্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিৰ পৰা অজ'ন স্তৰে আমাক ৰক্ষা কৰে।

v) CFC মানে কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়? চিত্ৰফচিৰ  অপকাৰিতা উল্লেখ কৰা।
উত্তৰঃ CFC মানে ক্ল'ৰ'ফ্লু'ৰ'কাৰ্বন। ইয়াক শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰ, ফ্ৰিজ,আৰু সুগন্ধি স্প্ৰেত ব্যৱহাৰ কৰা হয়। 

এই ক্ল'ৰ'ফ্লু'ৰ' কাৰ্বনে আমাক সুৰক্ষা দিয়া অজ'ন স্তৰ ধ্বংস কৰিছে। যাৰ ফলত অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত পৰিছে তাৰফলত মানুহৰ বহুতো ৰোগ হবলৈ ধৰিছে।
vi) তলত দিয়াবোৰৰ ভিতৰত কোনটো সেউজগৃহ গেছ নহয়?
a) কাৰ্বন ডাইঅক্সাইড       b) ছালফাৰ ডাইঅক্সাইড 
c)   মিথেন              d) নাইট্ৰ'জেন
উত্তৰঃ b) ছালফাৰ ডাইঅক্সাইড 

2. উত্তৰ লিখা :
i) বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।   
উত্তৰঃ  বিশুদ্ধ বায়ু আৰু প্ৰদূষিত বায়ুৰ মাজৰ পাৰ্থক্য হল

a.বিশুদ্ধ বায়ুত ধূলি কণা আৰু ধোঁৱা নাথাকে । আনহাতে প্ৰদূষিত বায়ুত ধূলিকণা আৰু ধোঁৱা যতেষ্ঠ পৰিমানে থাকে।
b.বিশুদ্ধ বায়ুত কাৰ্বন ডাই অক্সিড বৃদ্ধি নহয় । প্ৰদূষিত বায়ুত কাৰ্বন ডাই অক্সিড বৃদ্ধি হৈ যায়।
c.বিশুদ্ধ বায়ুক সাধাৰণতে বীজাণু মুক্ত বুলি জনা যায়।আনহাতে প্ৰদূষিত বায়ুত বেমাৰৰ বীজাণু থাকিব পাৰে।

ii) প্ৰধান বায়ু প্ৰদূষণৰ উৎসসমূহ আলোচনা কৰা।
উত্তৰঃ  কল-কাৰখানাৰ পৰা ওলোৱা ধোৱা, গাড়ীৰ পৰা ওলোৱা ধোৱা আদি।




iii) এছিড বৰষুণ কেনেদৰে সৃষ্টি হয়? ই আমাক কেনেদৰে অপকাৰ কৰে? 
উত্তৰঃ ছালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন অক্সাইডে জলীয় বাষ্প আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিড উৎপন্ন কৰে, এইবোৰ বৰষুণৰ সৈতে মিহলি হৈ এছিড বৰষুণ সৃষ্টি হয়। এছিড বৰষুণে ঘৰৰ টিন ,মাৰ্বল, স্মৃতিসৌধ, মূৰ্তি আদিৰ ক্ষয়ীভৱন ঘটায়। উদ্ভিদ বা কৃষি ওপৰত এচিড বৰষুণ পৰিলে সেইসমূহ অনিষ্ট সাধন হয় আৰু পানীত এচিড বৰষুণ পৰিলে জীৱ জন্তু খোৱা পানীত আম্লিক গুণ বাঢ়ি যায় আৰু জীৱ জন্তু অনিষ্ট হয়।

iv) 'সেউজগৃহ প্ৰভাৱ'ৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ  সূৰ্য্যৰ পোহৰ শক্তি পৃথিৱীৰ পৃষ্ঠই শোষণ কৰে। তাৰ লগতে পৃথিৱীৰ পৃষ্ঠই কিছু পোহৰ শক্তি পোনৰ বিকিৰণ কৰিলে তাৰ এটা অংশ বায়ুমণ্ডলে ধৰি ৰাখে। বায়ুমণ্ডলত থকা কাৰ্বন ডাইঅক্সাইড আৰু জলীয় বাষ্পই এই কাম কৰে, ফলত বায়ুমণ্ডল এক নিৰ্দিষ্ট উষ্ণতালৈ উত্তাপিত হৈ পোহৰ শক্তি বা তাপ ধৰি ৰখা ঘটনাটোকে সেউজগৃহ প্ৰভাৱ বোলে।  

v) গোলকীয় উষ্ণতা বুলিলে কি বুজা? ইয়াৰ কাৰণ আৰু প্ৰভাৱ ব্যাখ্যা কৰা।
উত্তৰঃ  পৃথিৱীৰ বায়ুমণ্ডলৰ গড় তাপমাত্ৰা বৃদ্ধি হোৱাকে গোলকীয় উষ্ণতা বোলে। 
জীৱাশ্ম ইন্ধন দহনৰ ফলত, বনাঞ্চল ধ্বংসৰ ফলতো গোলকীয় উষ্ণতা বৃদ্ধি হব পাৰে। 
বৰষুণৰ ধৰণ, কৃষি, উদ্ভিদ, আদিৰ ওপৰত বিশেষ ভাৱে প্ৰভাৱ পেলায়।

vi) বায়ু প্ৰদূষণে কিদৰে তাজমহলৰ ওপৰত প্ৰভাৱ পেলাইছে আলোচনা কৰা।
উত্তৰঃ  বায়ু প্ৰদূষণৰ ফলত তাজমহলৰ মাৰ্বলবোৰ ক্ষয়প্ৰাপ্ত হৈছে।যাৰ বাবে তাজমহলৰ বগা ৰং হালধীয়া হৈছে।  

vii) কাৰ্বন ডাইঅক্সাইড উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয়। এই গেছ বায়ু প্ৰদূষক হ'ব পাৰেনে? যদি পাৰে, কিদৰে হ'ব পাৰে লিখা।
উত্তৰঃ  কাৰ্বন ডাইঅক্সাইড উদ্ভিদৰ বাবে অতি প্ৰয়োজনীয় কাৰণ,কাৰ্বন ডাইঅক্সািডৰ ফলতে উদ্ভিদে সালোক-সংশ্লেষণ কৰি নিজৰ বাবে আহাৰ সপ্ৰস্তুত কৰে। মানুহে এৰি দিয়া কাৰ্বন ডাইঅক্সাইড উদ্ভিদে গেৰহণ কৰে। সেইবাবে কাৰ্ব ডাইঅক্সাইড উদ্ভিদৰ বাবে প্ৰয়োজনীয়। 

viii) বায়ু প্ৰদূষণ ৰোধৰ বাবে তুমি কি কি ব্যৱস্থা ল'বা? ব্যাখ্যা কৰা।
উত্তৰঃ  বায়ু প্ৰদূষণ ৰোধৰ বাবে গাড়ীত পেট্ৰল,ডিজেলৰ পৰিৱৰ্তে CNG ব্যৱহাৰ কৰিব। উদ্যোগবোৰত CNG আৰু LPG ব্যৱহাৰ কৰিব। আদি ব্যৱস্থা গ্ৰহণ কৰিলে বায়ু প্ৰদূষণ ৰোধ কৰাটো সম্ভৱ পৰ হব।  

3. পানী প্ৰদূষণ বুলিলে কি বুজা? পানী প্ৰদূষকৰ কেইটামান উদাহৰণ দিয়া।
উত্তৰঃ  পানীত অপকাৰী পদাৰ্থ  মিহলি হৈ ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণ বোলে। পানীত মিহলি হোৱা আৱৰ্জনা, বিষাক্তচ ৰাসায়নিক দ্ৰব্য, পলস আদিয়ে হল পানীৰ প্ৰদূষক।

4. পানী প্ৰদূষণৰ মূখ্য কাৰকসমূহ কি কি? 
উত্তৰঃ পানী প্ৰদূষণৰ মূখ্য কাৰণ নলা-নৰ্দমাত পেলোৱা জাৱৰ, কল-কাৰখানাৰ পৰা উলোৱা লেতেৰা পানী আদি।

5. পানী প্ৰদূষণৰ পৰা হ'ব পৰা ৰোগসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ জণ্ডিছ, টাইফয়দ, কলেৰা, আদি ৰোগ পানী প্ৰদূষণৰ বাবে হয়।


6. ভূজল কিদৰে প্ৰদূষিত হয়?
উত্তৰঃ কল-কাৰখানাৰ পৰা উলোৱা লেতেৰা পানী সুৰুঙাদি মাটিৰ ভিতৰলৈ সোমায় যায়, পুখুৰী নলা আদিত জাৱৰ পেলোৱা আদি কাৰণত ভূজল প্ৰদূষিত হয়।

7. 'পৰিস্কাৰ স্বচ্ছ (ফটফটীয়া) পানী খোৱাৰ উপযোগী।' কথাষাৰ সম্পূৰ্ণ শুদ্ধনে? যদি নহয় কিয়?
উত্তৰঃ  পৰিস্কাৰ স্বচ্ছ পানী খোৱাৰ উপযোগী কাৰণ- বিশুদ্ধ পানী নাখালে আমাৰ বহুতো বেমাৰ হব পাৰে। পৰিস্কাৰ পানীত কোনো ধৰণৰ বীজাণু নাথাকে। আৰু বাজীণু মুক্ত পানী খোৱাৰ উপযোগী হয়।

8. খোৱাপানী কিদৰে বিশুদ্ধ কৰিব পাৰি?
উত্তৰঃ খোৱাপানী গৰম কৰিলে তাত থকা বাজীণুবোৰ নাইকিয়া হয় গতিকে খোৱাপানী উতলাই বিশুদ্ধ কৰিব পাৰি।

9. এছিড বৰষুণে পানীৰ আম্লিকত (acidity) সলনি কৰিব পাৰে নে?
উত্তৰঃ  এছিড বৰষুণে পানীৰ আম্লিকৰ সলনি কৰিব পাৰে।


10. পানীত পোষক দ্ৰব্যৰ বৃদ্ধিয়ে কেনেকৈ জলজ জীৱৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ব্যাখ্যা কৰা।
উত্তৰঃ খেতি পথাৰত ব্যৱহাৰ কৰা ৰাখায়নিক সাৰ বোৰ পানীত দ্ৰবিত হয় সাৰত থকা অতিৰিক্ত নাইট্ৰেট আৰু ফচফেট বোৰ  বৈ গৈ  পুখুৰী হ্ৰদত বা অন্য পানী জমা হৈ থকা অঞ্চলত পৰে গৈ, এই নাইট্ৰেট আৰু ফচফেট থকা যৌগ বোৰ শেলাই বৃদ্ধিত সহাই কৰে গতিকে সেই পানীত এই ঘাঁ জাতীয় উদ্ভিদৰ পৰিমাণ অতিপাত বৃদ্ধি কৰে। যেতিয়া এইবোৰ মৰে তাত থকা বেক্টেৰিয়াই খাদ্য হিচাপে গ্ৰহণ কৰে , বেক্টেৰিয়াৰ বৃদ্ধি ঘটে ফলত পানীত থকা দ্ৰবিভূত' বেক্টেৰিয়াই আহাৰ গ্ৰহণ কৰে , পানীত দ্ৰবিভূত অক্সিজেনৰ পৰিমাণ কমি যায় ফলত তাত থকা জলজ প্ৰাণীবোৰৰ জীৱন ধাৰণৰ ক্ষেত্ৰত সংকটে দেখা দিয়ে।

11. পানীৰ প্ৰদূষণ ৰোধ কৰিবৰ বাবে কি কি ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত এটি টোকা যুগুত কৰা।
উত্তৰঃ কীট-নাশক দৰৱ ব্যৱহাৰৰ পৰিবৰ্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্বআৰোপ কৰিব লাগিব, গোবৰ গেছ প্ৰকল্প স্থাপন কৰি বৰ্জিত মলমূত্ৰ নাইবা আন আন প্ৰদাৰ্থসমূহৰ পুনৰাবৰ্তন কৰা প্ৰয়োজন, প্ৰাকৃতিক পানীৰ উৎসবিলাক ভাল দৰে সংৰক্ষণ কৰা উচিত কল-কাৰখানা সমূহ এই উৎস সমূহৰ পৰা আঁতৰত থকা তেওঁ প্ৰয়োজনীয়  নদ-নদী গা ধোৱা নতুবা কাপোৰ ধোৱাৰ পৰা বিৰত থাকিব লাগে , বৰষুণৰ পানী খাল নাইবা নলা-নৰ্দমা জড়িতে নিৰ্দিষ্ট ঠাইলৈ যাবলৈ দিব লাগে যাতে ই খোৱা পানী উৎস বিলাক দূষিত নকৰে । কল-কাৰখানা সমূহে যাতে বৰ্জিত পদাৰ্থসমূহ পেলাই যাতে পানী প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে আইন প্ৰণয়ন কৰিব লাগে । গতিকে পানী প্ৰদূষণ ৰোধ কৰিব বাবে এই সমূহ ব্যৱস্থা ললে আমি সফলতা অৰ্জন কৰিব পাৰিম। 

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top