ধূলি-কণা মই Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 5,Class VIII AJB Assamese ধূলি-কণা মই পাঠ ৫ answer

Loying
0
ধূলি-কণা মই Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 5 - Axomsolution

ধূলি-কণা মই Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 5,অষ্টম শ্ৰেণীৰ Axomsolution,Class VIII Lesson 5 Assamese Question answers AJB Assam Jatiya BIdyalay. ধূলি-কণা মই পাঠ ৫ অসম জাতীয় বিদ্যালয় অসমীয়া
ধূলি-কণা মই Chapter 5 all question answers Class 8 assamese assam jatiya bidyalay AJB

অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 5 ধূলি-কণা মই question answer (AJB)
Class 8 New assamese পাঠ ৫ ধূলি-কণা মই Solution (AJB)
AJB Class VIII assamese Chapter 5 Solution

Chapter 5 : ধূলি-কণা মই

১। চমু উত্তৰ লিখা :

(ক) কবি মৰি গলেও জগতত কি নহয় বুলি কৈছে ?
উত্তৰ: কবি মৰি গলেও জগতৰ একো হানি নহয় বুলি কৈছে।

(খ) কবিৰ মৃত্যু হলেও কি কাৰণে জগতখন সদায় নিয়ম মতে চলি থাকিব বুলি কৈছে ?
উত্তৰ: কবি জগতখনৰ কাৰণে এটি ধূলি কণা মাত্র, সেয়েহে কবিয়ে কৈছে যে মোৰ মৃত্যু হলেও জগতখন সদায় নিয়মমতে চলি থাকিব।

(গ) এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা কি কাৰণে গম নাপায় ?
উত্তৰ: এই বিশাল বিশ্বই কবিৰ মৃত্যুৰ কথা গম নাপায় কাৰণ কবি এক ধূলিকণা মাত্ৰ।

(ঘ) কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে ?
উত্তৰ: কবিয়ে নিজকে ধূলি-কণাৰ লগত তুলনা কৰিছে।


২। কবিতাটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰ: সাহিত্য ৰত্ন কবি চন্দ্রধন বৰুৱাদেৱৰ ‘ধূলিকণা মই নামৰ কবিতাটোৰ জৰিয়তে করিয়ে নিজকে। ধূলি-কণাৰ লগত তুলনা কৰিছে। অজস্র ধূলিকণৰ মাজৰ পৰা এটি ধূলিকণা নোহোৱা হলে যেনেকৈ কোনেও গম নাপায় তেনেকৈ এই বিশ্ব সংসাৰৰ পৰা কবি যিদিনা নোহোৱা হব সেইদিনাও কোনেও গম নাপাব। করিয়ে নোহোৱা হলেও প্রকৃতিৰ সকোলো বস্তু একেদৰে চলি থাকিব। নিজ নিজ কামত ব্যস্ত এই বিশ্ব সংসাৰৰ অলেখ মানুহে কবিৰ মৃত্যুৰ কথা একো নাজানিব, প্রকৃতিয়ে একে দৰেই নিজৰ কাম নিজে কৰি যাব। বিশ্ব খনিকৰৰ এই বিপুল সৃষ্টিৰ কোনো একো হানি নহয় যদি কবি এই সংসাৰৰ পৰা আঁতৰি যায়।


৩। প্রসংগ সংগতি দর্শাই বাখ্যা কৰা।

(ক) আজিৰ দৰেই নিজে জগত চলিব

নাই তাত অকণো সংশয়।

এই বিশ্ব সংসাৰৰ কোনো নিয়মৰে

লৰচৰ অলপো নহয়।

উত্তৰ:

প্ৰসংগ : উক্ত কবিতাফাকি অষ্টম শ্রেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তর্গত ধূলি-কণা মই শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : কবিতা ফাঁকিৰ জৰিয়তে কৰিয়ে কব বিচাৰিছে যে তেওঁৰ মৃত্যুও সংসাৰৰ কোনো নিয়মৰে লৰচৰ নহয়।

ব্যাখ্যা : এই সংসাৰৰ পৰা কৰি যেতিয়া আঁতৰি যাব নীৰৱে তেতিয়া কবি জীয়াই থাকোতে সংসাৰখন যেনেকৈ চলিছিল ঠেক তেনেদৰেই চলি থাকিব। কবি অবিহনে কতো একো হানি নহব। এই বিষয়ে কবিৰ অকণো সংশয় নাই যে তেওঁৰ মৃত্যুত সংসাৰ আগৰ দৰেই চলি থাকিব। এই বিশাল পৃথিবীত মানুহ নিপণ্য প্রাণী। এই প্ৰাণীবোৰ আহি আছে গৈ আছে। অনাদি কালৰে পৰাই এই সংসাৰ চলি আছে। মানুহ যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয় কোনো মানুহৰে মৃত্যুত বিশ্ব প্ৰকৃতিৰ নিয়মৰ একো লৰচৰ নহয়। ধূলিকণা এটি উৰি গৈ অন্য ঠাইত থিতাপি ললে যেনেকৈ আগতে থকা ঠাইখিনিয়ে একো অভাৱ অনুভৱ নকৰে ঠিক তেনেকৈ মানুহৰ মৃত্যুতো প্রকৃতিয়ে একো অভাব অনুভৱ নকৰে।

খ) অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ 

এটি মাত্র ধূলিকণা মই; 

মোৰ অবিহনে এই বিপুল সৃষ্টিৰ 

কেনিও অকণো হানি নাই ।

উত্তৰ:

প্রসংগ : উক্ত কবিতাআঁকি আমাৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ধূলি-কণা মই কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি :  কবিয়ে এই বিশাল জগতখনত নিজৰ গুৰুত্বৰ বিষয়ে বুজাবলৈ উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে ।

ব্যাখ্যা :  এই বিশাল বিশ্ব-ব্ৰহ্মাণ্ডখনত অসংখ্য ধূলি-কণা আছে। এই ধূলি-কণাবোৰৰ ভিতৰত কবিও এটি। কবিৰ মৃত্যুত এই সুবিশাল জগতখনত অকণো প্ৰভাৱ নপৰিব। কবিৰ মৃত্যুত এই জগতৰ কোনো নিয়মৰ সাল সলনি নহ’ব। কবিৰ মৃত্যুত এই জগতৰ কেনিও অকণো হানি নহ’ব।

৪। ভাব বহলাই লিখা 

ক) দুই নাৱত দুই ভৰি ৷

উত্তৰ : কোনো এজন লোকে দুটা কাম একেলগে কৰি থকা অর্থাৎ কোনো এটা কামেই এৰি দিব নোখোজা। কেতিয়াবা এজন ব্যক্তিয়ে কোনো এটা কাম কৰিবৰ বাবে আন এটা কাম এৰি দিবলগীয়া হয়। কিন্তু মানুহজনে কোনো এটা কাম এৰিব নোখোজা হোৱাকে দুই নাৱত দুভৰি বুলি কোৱা হয়।

খ) তুলসীৰ লগত কলপটুৱাৰ মুক্তি।

উত্তৰ : তুলসীক পবিত্র জ্ঞান কৰা হয়; সেইবাবে পূজা, সেৱা সকলোতে তুলসীৰ ব্যৱহাৰ কৰা হয়। তুলসী এনেই পৱিত্ৰ, তাতে যাগ-যজ্ঞ; পূজা সেৱা আদিত তুলসীৰ মুক্তি হয়; কলপটুৱা পৱিত্ৰ বস্তু নহয়, কিন্তু পৱিত্ৰ অনুষ্ঠানত তুলসী আদি থ’বৰ বাবেই কলপটুৱাৰে তৈয়াৰী খোল বা ডোঙাৰ প্ৰয়োজন হয়, গতিকে পৱিত্ৰ তুলসীৰ স্পৰ্শত কল্পটুৱায়ো পৱিত্ৰ হৈ মুক্তি লাভ কৰে ইয়াৰ য়াবা বুজাব খোজা হৈছে যে যি পৱিত্ৰ, সি আনকো পৱিত্ৰ কৰে আৰু সেয়েহে পৱিত্ৰৰ লগতে মুক্তি লাভৰ সুবিধা পায় ৷ এতেকে সৎ সংগ লোৱা উচিত।

৫। সমার্থক শব্দ লিখা

জোন : শশী, শশধৰ, জোনবাই, নিশাপতি, নিশাকৰ আদি।

সংসাৰ : ঘৰ।

অসংখ্য : অগণন, অজস্র, সীমাহীন আদি।

হানি : অসুবিধা।

গছ : বিৰিখ, বৃক্ষ আদি।

ফুল : পুষ্প। 

বিশাল : ডাঙৰ।

৬। বাক্য ৰচনা কৰা

ভাত ঘৰ : ৰামৰ কবিতাহঁতৰ ঘৰতে ভাত ঘৰ, সি তাৰ পৰা

যাবলৈকে মন নকৰে৷

ভৰিৰ ধূলি : সৎ মানুহে সদায় নিজক ভগৱানৰ ভৰিৰ ধূলি বুলি গণ্য কৰে।

চকুত লগা :  বিহুৰ সময়ত বিভিন্ন ধৰণৰ চকুত লগা পোছাক দেখিবলৈ পোৱা যায় ।

কাণ বাগৰা : কান বাগৰা কথা কেতিয়াও বিশ্বাস কৰিব নালাগে ৷


#Ajb #assamjatiyabidyalay #ajbclass8 #axomsolution

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top