সেতুবন্ধন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 6,Class VIII AJB Assamese সেতুবন্ধন পাঠ ৬ answer

Loying
0
সেতুবন্ধন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 6


সেতুবন্ধন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 6,অষ্টম শ্ৰেণীৰ Axomsolution,Class VIII Lesson 6 Assamese Question answers AJB Assam Jatiya BIdyalay. সেতুবন্ধন পাঠ ৬ অসম জাতীয় বিদ্যালয় অসমীয়া
সেতুবন্ধন Chapter 6 all question answers Class 8 assamese assam jatiya bidyalay AJB

অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 6 সেতুবন্ধন question answer (AJB)
Class 8 New assamese পাঠ  সেতুবন্ধন Solution (AJB)
AJB Class VIII assamese Chapter 6 Solution

Chapter 6 : ধূলি-কণা মই

১।)উত্তৰ লিখা।

ক) ৰাৱণে সীতাক ক’ত বন্দী কৰি ৰাখিছিল?
উত্তৰ- ৰাৱণে সীতাক অশোক বাটিকাত বন্দী কৰি ৰাখিছিল।

খ) বানৰ বাহিনী কিয় গৃহাভিমুখে পলাব খুজিছিল?
উত্তৰ- সাগৰত আকাশচুম্বী জোৱাৰ দেখি বানৰ বাহিনী ভয়ত গৃহাভিমুখে পলাব খুজিছিল।

গ) সুগ্ৰীৱে বানৰ সেনাক কি বুলি বুজালে?
উত্তৰ- সুগ্ৰীৱে বানৰ সেনাক বুজালে যে – ” যি বীৰত্বৰ খ্যাতিয়ে তোমালোকক চিৰকালে গৌৰৱান্বিত কৰিব, সেই যশ্যা লাভৰ পৰা তোমালোক বিমুখ নহ’বা। ম‍ই জানো ৰাক্ষস কুল নিধন কৰা কঠিন। সাগৰ লঙ্ঘনো সহজসাধ্য কাম নহয়। কিন্তু তোমালোকৰ শক্তিও কম বুলি নাভাবিবা। শ্ৰীৰামচন্দ্ৰৰ সান্নিধ্যত সেই কাম অৱশ্যেই সফল হ’ব৷ যুদ্ধ বিজয়ৰ খ্যাতিয়ে উৎসাহ বঢ়ায়; উদয়মহীন লোকে তাৰ মোল বুজি নাপায় ।”


ঘ) বান্দৰবোৰ কিয় লজ্জিত হৈছিল?
উত্তৰ- সগ্ৰীৱে বানৰ সেনাক তেওঁৰ বজনিৰে বজাব নোৱাৰি ঘোষণা কৰিলে – ” ভাইহঁত! শৰীৰত অন্তিম ৰক্তবিন্দ থাকে মনে প্রাণে পণে যুঁজি মই ৰণতষ্ণা পৰ্ণ কৰিম৷ ৰণ উদয়মো সমানে অটুত ৰাখিম।” সুগ্ৰীৱৰ এই গোষণা শুনি বান্দৰবোৰ লজ্জিত হৈছিল।

ঙ) বানসেনাহঁতে কিদৰে ৰণৰ অনুশীলন কৰিছিল?
উত্তৰ- ঋষভে পৰ্বতৰ শঙ্গ এটা ভাঙি তাৰ বাওঁ কান্ধত থেকেচি খণ্ড-বিখণ্ড কৰিলে। খণ্ডিত গৰিশঙ্গৰ ধলি চৌদিশে উৰিল। মৈন্দই সাগৰ তীৰৰ চন্দন গছ এজোপা উঘালি পেলালে, ফল তাত বাহ লোৱা সাপ, সৰীসপ আদি যেনিয়ে তেনিয়ে উফৰি পৰিল। দ্বিবিদৰ ভয়ানক চকদটা ধোঁৱাময় অগ্নিৰ দৰে ঢিমিক-ঢামাককৈ জ্বলিবলৈ ধৰিলে। শৰভে কাণ তাল মৰা চিঞৰ এটা মাৰিলে। সেই বিকট চিঞৰে মলয় পৰ্বতৰ গুহাত ঠেকা খাই পৰ্বতৰ নামনি ছিৰাছিৰ কৰিলে। এনেদৰেই বনসেনাহঁতে ৰণৰ অনুশীলন কৰিছিল।

চ) ৰামে কিয় অগ্নিবাণ নিক্ষেপ কৰিছিল আৰু তাৰ ফলাফল কি হৈছিল?
উত্তৰ- ৰামে যদ্ধ জয়ৰ পথত বাধা নিদিবলৈ ওৰে নিশা সাগৰক ততি কৰিলে। কিন্তু নির্বোধ সাগৰে সেই প্ৰাৰ্থনা অস্বীকাৰ কৰিলে । সাগৰে যেন লঙ্কা অভিযানৰ পথ এৰি দিবলৈ সাজ লহ’ল। তেতিয়া শ্ৰীৰামৰ মখমণ্ডল ভয়ানক ক্রোধে আৱৰিলে। সাগৰৰ গর্জন তল পেলাবলৈ ৰামে অগ্নিবাণ নিক্ষেপ কৰিলে।


ছ) নলে কিদৰে সেতুবন্ধনৰ কামত দক্ষতা দেখুৱাইছিল?
উত্তৰ- সুগ্ৰীৱৰ অনুৰোধ ৰক্ষা কৰি নলে আত্মবিশ্বাস আৰু ভক্তিভাৱে সেতু নিৰ্মাণৰ কাম কান্ধপাতি লৈছিল। তাৰ পাছত সমুদ্রজলত স্নান কৰি পিতৃ বিশ্বকৰ্মালৈ প্ৰণাম জনাইছিল । ৰামৰ চৰণ কান্ধপাতি মূৰ দুৱাই সুগ্ৰীৱৰ সন্মুখতো মূৰ দেখুৱাইছিল। তাৰ পাছত কঁপিগনৰ হাতৰ পৰা পর্বতবোৰ আনি একান্ত মনে দক্ষতাৰে সেতু বান্ধিছল।

২) সমাস নির্ণয় কৰা

দশানন - দশ আননৰ সমাহাৰ, দ্বিগু সমাস

মহাসাগৰ - মহা যি সাগৰ, বহুব্রীহি সমাস

কপিৰাজ - কপিৰ ৰজা, ষষ্ঠী তৎপুৰুষ সমাস

ৰত্নতৃষ্ণা - ৰনৰ তৃষ্ণা, ষষ্ঠী তৎপুৰুষ

সিংহাসন - সিংহ অঙ্কিত আসন, কর্মধাৰয় সমাস 

নিৰবোধ - বোধৰ অভাৱ, অব্যয়ীভাৱ সমাস

অগ্নিবান - অগ্নিৰ বান, ষষ্ঠী তৎপুৰুষ সমাস

কুম্ভকৰ্ণ - কুম্ভৰ কৰ্ণ, উপমান কর্মধাৰয় 

মেঘনাথ - মেঘৰ দৰে, উপমান কর্মধাৰয় সমাস

৩) সন্ধি ভাঙা

দশানন - দশ + আনন

উদ্ধাৰ - উৎ + ধাৰ

দুর্বৃত্ত - দুঃ + বৃত্ত

উদ্যোগ - উৎ + যোগ

 উচ্চল - উৎ + চল

উদ্‌গীৰণ - উৎ + গীৰন

অত্যন্ত - অতি + অন্ত

সংলগ্ন - সম্ + লগ্ন

জয়োল্লাস - জয় + উল্লাস

মোহাচ্ছন্ন - মোহ + আচ্ছন্ন

৪) প্রত্যয় ভাঙি দেখুওৱা

ভাগৰুৱা - ভাগৰ + উৱা

পৰাক্ৰমী - পৰাক্ৰম + ঈ 

স্বর্ণময়ী - স্বর্ণময় + ঈ 

গৰীয়সী - গৰীয়স + ঈ 

৫) তলৰ শব্দবোৰত ‘ণত্ব’ বিধি আৰু ‘ষত্ব’ বিধিৰ কোনটো নিয়ম প্রয়োগ হৈছে লিখা

ৰাৱণ - ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘ক’ বৰ্গ ‘প’ বৰ্গ ৰ আখৰ বা ‘ৱ’ আৰু ‘য়’ থাকিলে ‘ন’ ‘ণ’ লৈ সলনি হয়

লক্ষ্মণ - ‘ক্ষ’ আৰু ‘ন’ ৰ মাজত ‘প’ বৰ্গৰ আখৰ থাকিলে ‘ন’ ‘ণ’ হয়

হৰণ - ‘হ’ আৰু ‘ন’ ৰ মাজত ‘ঋ’, ‘ৰ’, ‘ষ’ আদি থাকিলে ‘ন’ ‘ণ’ হয়

প্ৰাণ - ‘ৰ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়

ভাষণ - ‘ষ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়

পূৰ্ণ - ‘ৰ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়

ৰণ - ‘ৰ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়

সুষেণ - ‘ষ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়

তৃষ্ণা - ‘ঋ’ ৰ পিছত বহাৰ বাবেই ‘ষ’ হয়

ঋষভ - ‘ঋ’ ৰ পিছত হোৱাৰ বাবেই ‘স’ ‘ষ’ হৈছে

নিষধ -  ‘ই’ কাৰান্ত উপসৰ্গৰ পিছত থকাৰ বাবে ‘স’ ষ’ হৈছে

কাণ - কিছুমান শব্দত স্বাভাৱিকতে ‘ণ’ হয়

সংঘৰ্ষ -  ‘ৰ’ ৰ পিছত থকাৰ বাবে ‘স’ ‘য’ হৈছে

নিৰ্মাণ - ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘প’ বৰ্গৰ আখৰ থকাৰ বাবে ‘ন’ ‘ণ’ হৈছে

বাণ - কিছুমান শব্দত স্বাভাৱিকতে ‘ণ’ হয়। কর্ণঃ ‘ঋ’, ‘ৰ’, ‘ষ’ ৰ পিছত থকা ‘ন’ ‘ণ’ হয়

বাৰিষা -  ‘ৰ’ আৰু ‘স’ ৰ মাজত ‘ই’ থকাৰ বাবে ‘স’ ‘ষ’ হৈছে

৬) সমার্থক শব্দ লিখা 

সাগৰ - সমুদ্র, পয়োধি, অৰ্ণৱ

যুদ্ধ - ৰণ

বান্দৰ - বানৰ, কপি

পানী - জল

আকাশ - গগণ, শূণ্য, অম্বৰ, নীলিমা

ৰজা - মহীপাল, ক্ষিতিপাল, ভপতি মহিপতিক্ষিতীশ, ক্ষিতিপতি, নৰপাল, নৰপতি, নৰেশ্বৰ, নৃপতি, ৰাজন

সঙ্গম - মিলিত হোৱা 

তীৰ - পাৰ

মূৰ - শিৰ

দর্প - আত্মসন্মান

জননী - জন্মদাত্রী

ভাৰ্য্যা - পত্নী

পতি - স্বামী, বঙহৰদেউ 

পৰ্বত - ডাঙৰ পাহাৰ

সেতু -  দলং

৭) ভাব বহলাই লিখা

ক) জননী জন্মভূমিশ্চ স্বর্গাদপি গৰীয়সী

উত্তৰ - জননী অৰ্থাৎ মাতৃ আৰু জনম ভূমি এই দুয়োটা বস্তু স্বৰ্গতকৈ বেছি শ্রেষ্ঠ। কিয়নো জননীয়ে আমাক জন্ম দিছে আৰু তাৰ পিছত তেওঁৰ বুকুৰ গাখীৰ খুৱাই আলপৈচান ধৰি ক ত কষ্ট কৰি ডাঙৰ দীঘল কৰিছে।জননী গাখীৰ খাব এৰাৰ পিছত জনম ভূমিৰ বুকুৰ পৰা আমি খাদ্য আহৰণ কৰি খাইছোঁ। গতিকে জননী আৰু জনমভূমিয়ে আমাক যি দিছে।সেইবোৰ আমি কেতিয়াও সুজিব নোৱাৰো। সেইবাবে স্বৰ্গতকৈ ও জননী আৰু জন্মভূমিক শ্রেষ্ঠ স্থান দি আমি তাৰ বাবে নিজৰ কৰ্তব্য পালন কৰিব লাগে ৷

খ) অতি দর্পে হত লঙ্কা

উত্তৰ - লঙ্কাৰ ৰজা আছিল ৰাৱণ। ৰাৱণ এজন বৰ অহংকাৰী ৰজা আছিল। ৰাৱণৰ সমান বলৱন্ত কোনো নাই বুলি যি ইচ্ছা যায় তাকে কৰি ফুৰিছিল। মানুহ আৰু বান্দৰক তেওঁ প্ৰাণী বুলি গণ্যই নকৰিছিল। কিন্তু সেই মানুহ আৰু বান্দৰৰ হাততেই সোণৰ লঙ্কাৰ ৰজা ৰাৱণ পৰাজিত হৈছিল। ৰামৰ হাতত তেওঁৰ মৃত্যু হৈছিল আৰু দৰ্প অহংকাৰ ধূলিস্যৎ হৈ গৈছিল। সেইবাবে কেতিয়াও অহংকাৰ কৰিব নালাগে ।

গ) ৰাইজে নখ জোকাৰিলে নৈ বয়

উত্তৰ - এটোপ এটোপ পানী লগ হৈয়ে নদীৰ সৃষ্টি হয়; সেইদৰে একত্ৰিত হোৱা অজস্ৰ নখৰ আগত উঠা এটোপ এটোপ পানী মিলিত হৈয়ো একোখন নদীৰ সৃষ্টি কৰিব পাৰে; আৱশ্যক মাত্র একত্ৰিত কৰাৰ। সেইদৰে বহুতো মানুহ এক হৈ প্ৰয়েকে অলপ প্রচেষ্টা আগবঢ়াইও একোটা মহৎ কাৰ্য সম্পাদন কৰিব পাৰে। এপইচা, দুপইচাকৈ ৰাইজে আগবঢ়োৱা বৰঙণিৰ দ্বাৰাই বৰ্তমান যুগত একো একোটা মহৎ শিক্ষানুষ্ঠান গঢ়ি তুলিছে। এতেকে ৰাইজৰ সন্মিলনিত শক্তিয়ে জগতত বহুত মহৎ কার্য সম্পাদন কৰিব পাৰে।

৮) প্রসঙ্গ – সংগতি দৰ্শাই ব্যাখ্যা কৰা

ক) যুদ্ধ বিজয়ৰ খ্যাতিয়ে উৎসাহ বঢ়ায়; উদ্যমহীন লোকে তাৰ মোল বুজি নাপায় ।

উত্তৰ -

প্রসংগ : প্রশ্নোদ্ধিত বাক্যফাঁকি অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ‘সেতুবন্ধন’ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : যুদ্ধক্ষেত্ৰৰ পৰা পলাব খোজা বানসেনাক ৰখাবলৈ সুগ্ৰীৱে উক্ত বাক্যশাৰীৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : ৰামৰ লগত সীতাক উভতাই আনিবলৈ যোৱা বানসেনাসকল বিশাল সমুদ্ৰৰ পাৰত ৰ’ল৷ সমুদ্ৰৰ ঘন ঘন আকাশচুম্বী জোৱাৰৰ উত্তোলনত পাৰত ৰৈ থকা বানৰ বাহিনী হঠাৎ ভয়ত বিহ্বল হৈ ঘৰলৈ ঘূৰি যাবলৈ উদয়ত হ’ল। কপিৰাজ সুগ্রীবে বানসেনাৰ মনোবল ফিৰাই আনিবলৈ চেষ্টা কৰিলে। তেওঁ কৈছিল যে যুদ্ধত যেতিয়া জয় লাভ কৰাৰ আনন্দ তুলনাবিহীন। সেই সুখকণ যুদ্ধৰ বাবে উদয়মতাহীন লোকে অনুভৱ কৰিব নোৱাৰে।

খ) শৰীৰত অন্তিম ৰক্তবিন্দু থাকে মানে প্রাণেপণে যুঁজি মই ৰণতৃষ্ণা পূৰ্ণ কৰিম 

উত্তৰ -

প্রসংগ : উদ্ভিত বাক্যশাৰী অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ‘সেতুবন্ধন’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

সংগতি : সাগৰত উঠা আকাশচুম্বী জোৱাৰ দেখি ভয়ত আতুৰ হোৱা বানসেনাক বুজাই ৰখাব নোৱাৰি উক্ত বাক্যশাৰীৰ অৱতাৰণা কৰিছে।

ব্যাখ্যা : সাগৰত উঠা জোৱাৰ দেখি হতভম্ব হোৱা বানসেনাই কপিৰাজ সুগ্ৰীৱৰ বুজনি মানিব নোখোজে। সেইদেখি সুগ্ৰীৱে তেওঁলোকৰ মনোবল বঢ়াবলৈ কৈছিল যে তেওঁৰ শৰীৰত অন্তিম বিন্দু তেজ থকালৈকে ৰামৰ হকে যুঁজি যাম। সীতাদেৱীক ঘৰলৈঘূৰাই আনিহে এৰিম।

৯) বাক্য ৰচনা কৰা 

ক) চকুৰে সৰিয়হ ফুল দেখা - ৰামৰ লগত যুদ্ধ কৰোঁতে ৰাৱনে চকুৰে সৰিয়হ ফুল দেখিছিল।

খ) খাই পাত ফলা - খাই পাত ফলা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে।

গ) কানে কান মাৰি - আজি কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কানে কান মাৰি উত্তীৰ্ণ হলে একো লাভ নহয়।

ঘ) বগলী ভকত - আজিৰ সমাজত বগলী ভকতৰ অভাৱ নাই ।

ঙ) কান তাল মাৰ - মেঘৰ কাণ তাল মৰা শব্দই সৰু লৰা ছোৱালী এজনীয়ে ভয় খাই উঠে।

চ) চকুৰ কূটা দাঁতৰ শাল - কাকো চকুৰ কুটা দাঁতৰ শাল বুলি ভাবিব নালাগে ৷

ছ) পানীত হাঁহ নচৰা - মা দেউতাকৰ দুৰ্ঘটনাত মৃত্যু হোৱাত লৰা ছোৱালী দুটাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল।

১০) উদাহৰণ দৰে লিখা 

উত্তৰ- 
ক) বনত বাস - বনবাস

খ) বনত জাত - বনজাত

গ) ঘৰত ওপজা - ঘৰওপজা

ঘ) কথাত চহকী - কথাচহকী

ঙ) মৌ সনা - মৌসনা

চ) দিনত কণা - দিনকনা

ছ) গছত পকা - গছপকা


#Ajb #assamjatiyabidyalay #ajbclass8 #axomsolution
#assamjatiyabidyalayclass8assamese

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top