শিশুৰ বাবে ৰচিত সাহিত্য Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 11,Class VIII AJB Assamese শিশুৰ বাবে ৰচিত সাহিত্য পাঠ ১১ answer

Loying
0
শিশুৰ বাবে ৰচিত সাহিত্য Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 11,axomsolution

শিশুৰ বাবে ৰচিত সাহিত্য Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 11,অষ্টম শ্ৰেণীৰ Axomsolution,Class VIII Lesson 11 Assamese Question answers AJB Assam Jatiya BIdyalay. শিশুৰ বাবে ৰচিত সাহিত্য পাঠ ১ অসম জাতীয় বিদ্যালয় অসমীয়া শিশুৰ বাবে ৰচিত সাহিত্য Chapter 11 all question answers Class 8 assamese assam jatiya bidyalay AJB

অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 11 শিশুৰ বাবে ৰচিত সাহিত্য question answer (AJB)
Class 8 New assamese পাঠ   শিশুৰ বাবে ৰচিত সাহিত্য Solution (AJB)
AJB Class VIII assamese Chapter 11 Solution

Chapter 11 : শিশুৰ বাবে ৰচিত সাহিত্য

১) চমু উত্তৰ দিয়া:
ক) লিখিত সাহিত্য-চৰ্চাৰ পৰম্পৰা আৰম্ভ হোৱাৰ আগতেই কোনবোৰ সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল?
উত্তৰ: লিখিত সাহিত্য-চৰ্চাৰ পৰম্পৰা আৰম্ভ হোৱাৰ আগতেই অনাখৰী, অনামী চহা ৰচকৰ সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।
খ) নিচুকনি গীত কিহক কেন্দ্ৰ কৰি ৰচিত হৈছে?
উত্তৰ: নিচুকনি গীতসমূহ নানা তৰহৰ ফল-ফুল, চৰাই-চিৰিকটি, জীৱ-জন্তু, জোন-বেলি আদিক কেন্দ্ৰ কৰি ৰচিত হৈছে।
গ) অসমীয়া ভাষাত চলি থকা সাঁথৰসমূহ কিয় অসমীয়া মৌখিক শিশু-সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে?
উত্তৰ: অসমীয়া ভাষাত চলি থকা সাঁথৰসমূহো অসমৰ শিশুসকলৰ বাবে ৰসৰ ৰহঘৰা। সেই হিচাপে এই সাঁথৰসমূহো অসমীয়া মৌখিক শিশু সাহিত্যৰ এক গুৰুত্বপূৰ্ণ অংগ।
ঘ) বৈষ্ণৱ যুগত সৃষ্টি হোৱা শিশু-উপযোগী গ্ৰন্থৰ ভিতৰত পোনতেই কোনখন গ্ৰন্থৰ নাম ল’ব পাৰি?
উত্তৰ: বৈষ্ণৱ যুগত সৃষ্টি হোৱা শিশু-উপযোগী গ্ৰন্থৰ ভিতৰত পোনতেই "কাণখোৱা" গ্ৰন্থৰ নাম ল’ব পাৰি ৷
ঙ) কাণখোৱা পুথিখন কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে? 
উত্তৰ: কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে।
চ) আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত শিশু – পাঠ্যপুথিখনৰ নাম কি?
উত্তৰ:আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত শিশু- পাঠ্যপুথিখনৰ নাম হৈছে – "অসমীয়া ল’ৰাৰ মিত্ৰ"।
ছ) মাধৱদেৱৰ ঝুমুৰাকেইখনিক বাদ দি প্ৰথম অসমীয়া শিশু নাট কোনখন আৰু ইয়াৰ নাট্যকাৰ কোন?
উত্তৰ:মাধৱদেৱৰ ঝুমুৰাকেইখনিক বাদ দি প্ৰথম অসমীয়া শিশু নাট হৈছে "টেটেন তামুলী" আৰু ইয়াৰ নাট্যকাৰ হৈছে "পদ্মনাথ গোহাঞিবৰুৱা"।

জ) কাৰ সম্পাদনাত প্ৰকাশ পোৱা কোনখন শিশু- আলোচনীয়ে অসমীয়া সাহিত্যৰ বাটত সবল খোজ পেলাইছিল?
উত্তৰ:কৰুনাভিৰাম বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘ল’ৰা বন্ধু নামৰ শিশু আলোচনীয়ে অসমীয়া সাহিত্যৰ বাটত সবল খোজ পেলাইছিল।
২) তুমি জনা কেইটামান নিচুকনি গীত সংগ্ৰহ কৰা। 
উত্তৰ: আমাৰে মইনা শুব এ ,বাৰীতে বগৰী ৰুব এ , বাৰীৰে বগৰী পকী সৰি যাব, আমাৰে মইনা বুটলি খাব।
৩) বৈষ্ণৱ যুগত সৃষ্টি হোৱা শিশু-উপযোগী গ্ৰন্থৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: বৈষ্ণৱ যুগত শিশুৰ মনত খোৰাক জন্মাব পৰা সাহিত্য়ৰ সৃষ্টি হৈছিল। তাৰ ভিতৰত পোনতে লেখত ল’বলগীয়া পুথিখনৰ নাম হৈছে ‘কাণখোৱা’। এই পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে। ৰাম-সৰস্বতীৰ ‘ভীম-চৰিত’ৰ ভীমৰ চৰিত্ৰও অসমীয়া শিশু মাত্ৰৰে আমোদ বস্তু। ইয়াৰ উপৰি এই যুগত শিশুকেন্দ্ৰিক ভালেমান ৰচনা সৃষ্টি হৈছে।
৪) অৰুনোদই’ত বাস্তৱানুগ সাহিত্য-ৰচনা প্ৰকাশ হ’লেও ই আছিল বিশেষ ধর্মীয় উদ্দেশ্য সাধিবৰ বাবে ৰচিত সাহিত্য। কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰ:"অৰুনোদই'' আমাৰ অসমীয়া ভাষাৰ প্রথম বাতৰি কাকত প্ৰকাশ কৰিছিল। আমেৰিকাৰ পৰা অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা মিছনাৰীসকলে তেওঁলোকৰ প্ৰদান উদ্দেশ্য আছিল অসমীয়া মানুহৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা। সেই সময়ত অসমৰ পঢ়াশালিত অসমীয়া ভাষাৰ সলনি বঙালী ভাষা চলিছিল বাবে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত বহুতো অসুবিধা হৈছিল। গতিকে ধৰ্ম প্ৰচাৰত সুচল হবৰ বাবে ‘অৰুনোদই — প্ৰকাশ কৰিছিল। সেইবাবে অৰুনোদইত বাস্তৱাবানুপ সাহিত্য ৰচনা প্রকাশ হলেও ই খ্রীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত সাহিত্য বুলি কব পাৰি৷
৫) জোনাকী যুগ’ৰ শিশু-উপযোগী ৰচনাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰমুখ্য কৰি সেই যুগৰ সাহিত্যিক সকলে শিশুৰ বাবে উপযোগী হোৱাকৈ বিভিন্ন ৰচনা কৰিছিল। কবিতা , নাট, কাহিনী, গীত নাট, সাধুকথা, জীৱনী, আদি ভিন ভিন শাখাৰ বহুতো সার্থক সৃষ্টি কৰি অসমীয়া শিশু সাহিত্যৰ নিশকশীয়া সুঁতিটোক শক্তি প্ৰদান কৰিছিল৷


৬) প্রসংগ – সংগতি দৰ্শাই ব্যাখ্যা কৰা:
ক) উদ্ভট কল্পনা আৰু সাংগীতিক লয় এই গীতবোৰৰ দুটি উল্লেখনীয় বৈশিষ্ট্য।
উত্তৰ:
 প্ৰসংগ : এই কথাষাৰি আমাৰ পাঠ্য পুথি ‘আপোন পাঠ’ৰ শিশুৰ বাবে ৰচিত সাহিত্য’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি : নিচুকনি গীত বোৰত থকা অলৌকিক কল্পনা আৰু সাংগীতি লয়ৰ কথা উল্লেখ কৰি এই কথাষাৰ কৈছে।
ব্যাখ্যা : নিচুকনি গীত বোৰত নানা তৰহৰ ফল- ফুল, চৰাই-চিৰিকটি, জীৱ-জন্তু, জুন-বেলি আদিক কেন্দ্ৰ কৰি বহুতো অলৌকিক বর্ণনা বিশেষ ভাৱে দিয়া দেখা যায়। যাতে সেইবোৰ শুনি সৰু লৰা-ছোৱালীয়ে মনত আমোদ পোৱাৰ উপৰিও এটা বেলেগ ভাবৰ সৃষ্টি কৰিব পাৰি ৷ শুনিবলৈ শুৱলা হবৰ বাবে তাত সাংগীতিক লয়ৰ সৃষ্টি কৰে। শিশু অৱস্থাত সিহঁতৰ মনবোৰ অতি সহজ সৰল আৰু কোমল হৈ থাকে। যিকোনো কথাতে অতি সহজে বিশ্বাস কৰে। গতিকে টোপনি নিয়াবলৈ কিছুমান মিছা কথাত অনেক জোৰা তাপলি দি ৰহণ সানি সিহঁতক অলৌকিক কাহিনী কিছুমান সংগতিৰ জৰিয়তে শুনোৱা যায়। এইবোৰ শুনি সিহঁতে অলৌকিক ৰাজ্য এখনলৈ গুচি যাব বিচাৰে আৰু টোপনি আহি যায়। সেইবোৰ উদ্ভট কল্পনা আৰু সাংগীতিক লয় নিচুকনি গীতৰ দুটা বৈশিষ্ট্য বুলি উল্লেখ কৰিছে।

খ) অসমীয়া ভাষাত চলন্তি থকা সাঁথৰসমূহে অসমৰ শিশুসকলৰ বাবে ৰসৰ ৰহঘৰা ৷
উত্তৰ:
 প্ৰসংগ: উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্য পুথি ‘আপোন পাঠ”ৰ শিশুৰ বাবে ৰচিত সাহিত্য’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি: উদ্ধৃত বাক্যশাৰীৰ দ্বাৰা অসমীয়া ভাষাত চলি থকা সাঁথৰ সমূহ সৰু সৰু লৰা-ছোৱালীৰ বাবে যে অতি আনন্দদায়ক সেই কথা লেখকে উল্লেখ কৰিছে।
ব্যাখ্যা : পৃথিৱীত যিমানবোৰ ভাষা প্রচলিত আছে, সেই প্ৰতিটো ভাষাৰে কিছুমান ভাষা আছে। এই সাঁথৰ সমূহে বিশেষকৈ শিশুৰ বৰ আমোদ দিয়ে । সাঁথৰৰ জৰিয়তে শিশুৰ বুদ্ধিৰ বিকাশ ঘটে। সাঁথৰৰ উত্তৰ উলিয়াবলৈ সিহঁতে মগজুৰ ব্যৱহাৰ কৰিব লগা হয়। এই সাঁথৰ সমূহ যি সকলে ৰচনা কৰিছিল তেওঁলোকেও মগজু খটুৱাই শিশুৰ মনক আমোদ দিব পৰাকৈ সৃষ্টি কৰিছিল। শিশুসকলে ককাক-আইতাক নাইবা অন্য কোনো মানুহৰ মুখত এই সাঁথৰ সমূহ শুনিলে সিহঁতে বৰ ৰস পায় আৰু উত্তৰ উলিয়াবলৈ যত্ন কৰে। কোনে প্রথম সাঁথৰৰ উত্তৰ দিব পাৰিব তাকে লৈ সিহঁতৰ মাজত প্ৰতিযোগিতা হয়। এই কথাটোৱে সিহঁতৰ মনত বৰ আনন্দ প্ৰদান কৰে। সাঁথৰৰ জৰিয়তে শিশুক বহুতো শিক্ষা প্ৰদান কৰিব পাৰি। সাঁথৰৰ মাজত ৰস আছে বাবে সিহঁতে কথাবোৰৰ পৰা আমনি নাপায়। শিশুক আনন্দ প্রদান কৰা এই অতি উত্তম বহুমূলীয়া সাঁথৰৰ জৰিয়তে আনন্দ প্ৰদান কৰাৰ লগতে সু-শিক্ষা প্ৰদান কৰিব পাৰি।
গ) বেজবৰুৱাৰ হাততেই বহু সাধুকথাই ন ভাষাৰ ন সাজেৰে সাজি-কাচি ওলায় ৷
উত্তৰ:
প্ৰসংগ: এই কথাষাৰ আমাৰ পাঠ্যপুথি "আপোন পাঠৰ ৰাজীৱ শৰ্মাই ৰচনা কৰা ‘শিশুৰ বাবে ৰচিত সাহিত্য’ নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি: ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত যে অসমীয়া সাধুকথাই প্ৰথম লিখিত ৰূপ পাইছিল আধুনিক অসমীয়া ভাষাত সেই কথাটোকে লিখকে কব বিচাৰিছে।
ব্যাখ্যা:অসমীয়া ভাষাত সাধুকথা আগতে মৌখিক ৰূপত প্ৰচলিত আছিল। মানুহৰ মুখে মুখে ইটোৰ পৰা সিটোলৈ এই সাধুকথা বিলাক বাগৰি ফুৰিছিল।এইদৰে চলি থাকোতে মূল কাহিনীয়ে সময়ে সময়ে ৰূপ সলনি কৰিব লগা হৈছিল।কিন্তু বিংশ শতিকাৰ আৰম্ভণিতে এই মুখে মুখে চলি থকা সাধুকথাৰ জুমুঠিটো সংগ্ৰহ কৰি বাকী সকলোখিনি নিজে সজাই পৰাই লৈ ৰহণ সানি সুন্দৰকৈ অসমীয়া মানুহৰ আগত দাঙি ধৰে। "বুঢ়ী আইৰ সাধু""ককাদেউতা আৰু নাতি লৰা", আৰু "জুনুকা" এই তিনিখন বেজবৰুৱাৰদেৱৰ অতি সুন্দৰ নজনা-নপমা সাধুকথা বুলি কব পাৰি ৷


#Ajb #assamjatiyabidyalay #ajbclass8 #axomsolution

#assamjatiyabidyalayclass8assamese

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top