তৰুণৰাম ফুকন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 12,অষ্টম শ্ৰেণীৰ Axomsolution,Class VIII Lesson 12 Assamese Question answers AJB Assam Jatiya BIdyalay. তৰুণৰাম ফুকন পাঠ ১২ অসম জাতীয় বিদ্যালয় অসমীয়া তৰুণৰাম ফুকন Chapter 12 all question answers Class 8 assamese assam jatiya bidyalay AJB
তৰুণৰাম ফুকন অধ্যায় ১২ অসম জাতীয় বিদ্যালয় অষ্টম শ্ৰেণী অসমীয়া প্ৰশ্ন উত্তৰ
অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 12 তৰুণৰাম ফুকন question answer (AJB)
Class 8 New assamese পাঠ ১২ তৰুণৰাম ফুকন Solution (AJB)
AJB Class VIII assamese Chapter 12 Solution
Chapter 12 : তৰুণৰাম ফুকন
১) একোটাকৈ বাক্যত উত্তৰ লিখা ৷
ক) তৰুণৰাম ফুকনে কাৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল?
উত্তৰ: তৰুণৰাম ফুকনে ককায়েকৰ পৰা চিকাৰৰ বিষয়ে সবিশেষ কথা আয়ত্ত কৰিছিল।
খ) তৰুণৰাম ফুকনৰ পিতৃ-মাতৃ কেনে আছিল?
উত্তৰ: তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকী সুদক্ষ চিকাৰী আৰু হাতীৰ ব্যৱসায়ী আছিল আৰু তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতিকে ধৰ্মপৰায়ণা নাৰী আছিল।
গ) তৰুণৰাম ফুকনে কিদৰে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল?
উত্তৰ: তেওঁ আভিজাত পৰম্পৰাৰ লোক হোৱাৰ বাবে ঘৰতে শিক্ষক-অধ্যাপকৰ জৰিয়তে সংস্কৃত শিক্ষা আৰম্ভ কৰিছিল।
ঘ) তৰুণৰাম ফুকনে ক’ত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল?
উত্তৰ: তৰুণৰাম ফুকনে গুৱাহাটীৰ চেমিনাৰীত আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল।
ঙ) তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে ক’লৈ গৈছিল আৰু ক’ত নামভৰ্তি কৰিছিল?
উত্তৰ: তৰুণৰাম ফুকনে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল আৰু কলিকতাৰ প্ৰেছিডেন্সি কলেজত নামভৰ্তি কৰিছিল।
চ)লণ্ডনত পঢ়ি থকা সময়ছোৱাত তেওঁৰ অন্তৰংগ বন্ধু কোন আছিল?
উত্তৰ:লণ্ডনত পঢ়ি থকা সময়ছোৱাত তেওঁৰ অন্তৰংগ বন্ধু আছিল জ্ঞানদাভিৰাম বৰুৱা।
ছ) অসমৰ প্ৰথম আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ কোন কোন?
উত্তৰ:অসমৰ প্ৰথম বেৰিষ্টাৰ হৈছে আনন্দৰাম বৰুৱা আৰু দ্বিতীয়গৰাকী বেৰিষ্টাৰ হৈছে কৃষ্ণকান্ত সন্দিকৈ।
জ)তৰুণৰাম ফুকনে কাক বিয়া কৰাইছিল?
উত্তৰ:তৰুণৰাম ফুকনে অসমীয়া ৰায়বাহাদুৰ পৰশুৰাম খাউণ্ডৰ তৃতীয়া জীয়াৰী বিদ্যুৎপ্ৰভা দেৱীক বিয়া কৰাইছিল।
* Read more : শিশুৰ বাবে ৰচিত সাহিত্য Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 11
* Read more : AJB Class 8 Science Question answers
ঝ)ফুকনদেৱক কোনে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল?
উত্তৰ:ফুকনদেৱক কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈয়ে ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল।
ঞ)তেওঁৰ প্ৰথম কবিতাপুথি কি?
উত্তৰ:তেওঁৰ প্ৰথম কবিতাপুথি স্তুতিমালা।
২) তৰুণৰাম ফুকনৰ ল’ৰাকালৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:১৮৭৭ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা তৰুণৰাম ফুকনৰ ল’ৰাকাল এটা সাংস্কৃতিক পৰিৱেশত অতিবাহিত হৈছিল। তেওঁলোকৰ ঘৰত বংশ পৰম্পৰা স্বৰূপে শিল্প-সাহিত্য চৰ্চা হৈছিল। অসমীয়া ৰীতি-নীতি, আচাৰ পদ্ধতি পুৰুখানুক্ৰমক পৰিবেশৰ মাজত তেওঁ ডাঙৰ দীঘল হৈছিল। শৈশৱৰ পৰাই তেওঁ স্বাস্থ্য বান, সুশ্ৰী,সাহসী আৰু অতিকে প্ৰাণৱন্ত আছিল। জ্ঞান- বুদ্ধিৰ ক্ষেত্ৰতো তেওঁ অতি প্ৰখৰ আছিল। সমনীয়াৰ লগত ৰং-ধেমালি কৰি, লুইতত বৰশী বাই, গছে ডালে বগাই ফল-মূল খাই, প্রকৃতিৰ বুকুত উমলি-জামুলি তেওঁ ল’ৰা কাল কটাইছিল।
৩) তৰুণৰাম ফুকনৰ শৈশৱৰ শিক্ষা জীৱনৰ বিষয়ে লিখা ৷
উত্তৰ: ১৮৯৫ চনত গুৱাহাটী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ দহ টকাৰ জলপানী লৈ কলিকতাৰ প্ৰেছিডেন্সি কলেজত কলা শাখাত নাম ভৰ্তি কৰে। কলিকতাৰ পৰা অসমীয়া ছাত্ৰসকলৰ ভিতৰত নবিনচন্দ্ৰ বৰদলৈ, ৰাধানাথ ফুকন, যোগেন্দ্ৰ নাথ বৰুৱা, জগন্নাথ বেজবৰুৱা, কালিৰাম মেধি অন্যতম আছিল।শিক্ষা জীৱনৰ কোনো পৰীক্ষাতে বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলেও ইংৰাজী ভাষাৰ জ্ঞান তেওঁৰ অতি উচ্চ আছিল। কলিকতাত পঢ়ি থাকোতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, মহান বিজ্ঞানী ছাৰ জগদীশ চন্দ্ৰ বসু আৰু আচার্য প্রফুল্ল চন্দ্ৰ বসুৰ দৰে ব্যক্তিৰ সান্নিধ্য লাভ কৰি সাহিত্য চৰ্চা কৰিবলৈ তেওঁ আগ্ৰহী হৈছিল।
১৯০১ চনত বিলাতলৈ বেৰিষ্টাৰ পঢ়াৰ উদ্দেশ্যে যাত্ৰা কৰিছিল। লণ্ডনত পঢ়ি থাকোতে জ্ঞানদাভিৰাম বৰুৱা তেওঁৰ অন্তৰংগ বন্ধু আছিল। বিলাতত বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯০৫ চনত তৰুণৰাম ফুকনে স্বদেশলৈ প্ৰত্যাবৰ্তন কৰিছিল৷
৫) তৰুণৰাম ফুকনে ৰাজনীতিৰ ক্ষেত্ৰখনত কিদৰে সোমাই পৰিছিল আৰু কি হৈছিল বহলাই লিখা।
উত্তৰ: মহাত্মা গান্ধীৰ নেতৃত্বত যেতিয়া গোটেই দেশজুৰি অসহযোগ আন্দোলন চলিছিল তেতিয়া অসমতো কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈয়ে তৰুণৰাম ফুকনক ৰাজনীতি ক্ষেত্ৰখনলৈ আদৰি আনিছিল। অসমৰ ৰাজনৈতিক জীৱনত নবিনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি- শিপিঠিৰ দৰে আছিল। বৰদলৈৰ লৌহকঠিন সিদ্ধান্ত তৰুণৰাম ফুকনৰ ৰসাল বাণীত অনুপ্ৰাণিত হৈ দলে দলে অসমীয়া সংগ্ৰামী ৰাইজ আন্দোলনত জপিয়াই পৰিছিল। ১৯২১ চনত মুম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিবেশনত অসমৰ প্ৰতিনিধি হিচাপে ফুকনে অংশ গ্ৰহণ কৰিছিল। সুদীর্ঘ এটা দশক কাল কংগ্ৰেছত থাকি স্বাধীনতা আন্দোলনৰ নেতৃত্ব বহন কৰিও কিন্তু অতি দুর্ভাগ্যজনক ভাবে ফুকনৰ কংগ্ৰেছৰ সৈতে বিচ্ছেদ ঘটিছিল। এনেদৰে কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈৰ সহযোগত ৰাজনীতিৰ ক্ষেত্ৰখনত সোমাই পৰিছিল আৰু কংগ্ৰেছৰ লগত বিচ্ছেদ ঘটিছিল।
৬) তৰুণৰাম ফুকনৰ সাহিত্য-কৰ্মৰ বিষয়ে লিখা ।
উত্তৰ:তৰুণৰাম ফুকনে স্বাধীনতা আন্দোলনৰ নেতা হিচাপে শিলচৰ জেলত কাৰাবাস খাতি থকাৰ সময়ত ১৯২০ চনত তেওঁ কাৰবাসতে ‘স্তুতিমালা’ নামৰ এলানি কবিতা লিখিছিল। ১৯২৬ চনত এই কবিতা পুথিখন প্ৰকাশ পাইছিল। এই কবিতা পুথিখন মূলতঃ ভক্তিমূলীয়। তেওঁৰ কাব্য সৃষ্টিৰ ভিতৰত ‘এপাহি ফুল’ নিঃসন্দেহে অনুপম সৃষ্টি। তৰুণৰামৰ সাহিত্য সৃষ্টিৰ সবাতোকৈ উল্লেখযোগ্য কীর্তিস্তম্ভ হ’ল উপন্যাসোপম ‘মোৰ চিকাৰৰ কাহিনী’। তেওঁ বিভিন্ন সময়ত ৰসাল বক্তৃতাৰে ৰাইজক আকর্ষিত কৰি ৰাখিব পাৰিছিল। তেওঁৰ তিনিখন পূৰ্ণাংগ ভাষণাৱলী আৰু এক সম্বৰ্দ্ধনা অনুষ্ঠানৰ ভাষণৰ কিছু অংশ প্ৰকাশিত ৰূপত পোৱা যায়। ৰাজনৈতিক ব্যস্ততাৰ মাজত থাকিও তেওঁ যি সাহিত্য ৰচি থৈ গ’ল সেয়া অসমীয়া সাহিত্যলৈ অন্যতম অৱদান।
৭) প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা-
ক) অসমীয়া ৰীতি-নীতি, আচাৰ-পদ্ধতিৰ পুৰুষানুক্রমিক পৰিৱেশৰ মাজত তেওঁ লালিত পালিত হৈছিল।
উত্তৰ:
প্রসংগ: উক্ত বাক্যশাৰী আমাৰ অসমীয়া পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত ‘তৰুণৰাম ফুকন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
সংগতি: উক্ত বাক্যশাৰীৰ জৰিয়তে তৰুণৰাম ফুকন যে এটা পৰম্পৰাগত নীতি-নিয়ম মানি চলা পৰিৱেশত ডাঙৰ হৈছিল তাকে বুজাব বিচৰা হৈছে।
ব্যাখ্যা: তৰুণৰাম ফুকনৰ পিতৃ বলৰাম ফুকন এগৰাকীসুদক্ষ চিকাৰী আৰু হাতীৰ ব্যৱসায়ী আছি। তেওঁৰ মাতৃ ভাগীৰথী দেৱী এগৰাকী অতিকে ধৰ্মপৰায়ণা নাৰী আছিল। ১৮৭৭ চনত গুৱাহাটীত তৰুণৰাম পিতৃ-মাতৃৰ সপ্তম সন্তান হিচাপে জন্মগ্রহণ কৰিছিল। তেওংৰ বংস পৰম্পৰাগত শিল্প-সাহিত্য চৰ্চাৰ এক বিশেষ বাতাবৰণ বিৰাজ কৰছিল। তেওৰ পূৰ্বপুৰুষ সুদূৰ আহোম ৰজাঘৰৰ খাৰঘৰীয়া ফুকনৰ বিষয়ববীয়া আছিল। এনে ঐতিহ্যপূৰ্ণ পৰম্পৰাৰ উত্তৰাধিকাৰী আছিল তৰুণৰাম ফুকন। অসমীয়া ৰীতি-নীতি, আচাৰ-পদ্ধতিৰ পুৰুষানুক্রমিক পৰিৱেশৰ মাজত তেওঁ লালিত-পালিত হৈছিল।
খ)অসমৰ ৰাজনৈতিক জীৱনত নবীনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ পৰিছিল।
উত্তৰ:
প্ৰসংগ: উক্ত কথাষাৰি আমাৰ পাঠ্যপুথি ‘আপোন পাঠৰ — “তৰুণৰাম ফুকন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি: ইয়াত লেখকে কব বিচাৰিছে যে তৰুণৰাম ফুকন আৰু নবিনচন্দ্ৰ বৰদলৈ এজনে আনজনৰ পৰিপূৰক আছিল বিশেষকৈ ৰাজনৈতিক জীৱনত ।
বাখ্যা: বিলাতত বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ অহাৰ পিছত তেওঁ গুৱাহাটীত ওকালতি কৰিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষতে স্বাধীনতা লাভৰ বাবে অসহযোগ আন্দোলন আৰম্ভ হৈছিল । অসমতো এই আন্দোলন বিয়পি পৰিছিল। আন্দোলনৰ গুৰি ধৰিছিল কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আদিয়ে। কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈয়ে তৰুণৰাম ফুকনকো ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আদৰি আনিছিল। বৰদলৈৰ লৌহকঠিন সিদ্ধান্তবোৰ তৰুণৰাম ফুকনে অতি ৰসাল বাণীৰে ৰাইজক বুজাই দিছিল আৰু দলে দলে অসমীয়া সংগ্ৰামী ৰাইজ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। এজনৰ অভিহনে আনজনে কোনো স্থিৰ সিদ্ধান্তত উপনীত নহৈছিল। এটা মুদ্ৰাৰ যেনেকৈ দুয়োটা পিঠি সদায় একেলগে থাকে ৰাজনিতিক্ষেত্র খনটো তেনেকৈ নবিনচন্দ্ৰ বৰদলৈ আৰু তৰুণৰাম ফুকন সদায়ে একেলগে আছিল।
৮) চমু টোকা লিখা-
উত্তৰ:
ক) নবিনচন্দ্ৰ বৰদলৈ : ১৮৭৫ চনত ৩ নৱেম্বৰত কৰ্মবীৰ নবিনচন্দ্ৰ বৰদলৈ দেৱৰ জন্ম হয়। তেই এজন বিচক্ষণ ৰাজনীতি বিদ আৰু স্বাধীনতা সংগ্রামী আছিল। ১৯১৫ চনত আসাম এছোচিয়েচনৰ সভাপতি হৈছিল। ১৯২৫ চনত অসম ছাত্ৰ সন্মিলনৰ সভাপতি হৈছিল। ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছ মহাসভাৰ সম্পাদক আছিল। তেওঁ ৰচনা কৰা সাহিত্যসমূহ হল অনিতা গেৰিণ্ডৰ জীৱনী, গৃহলক্ষী, কৃষ্ণলীলা আৰু ছেক্সপীয়েৰৰ তিনিখন নাটক অসমীয়ালৈ
খ) ৰবীন্দ্ৰনাথ ঠাকুৰ : কবি আৰু দার্শনিক। গিতাঞ্জলীৰ কবিতা পুথিৰ বাবে ১৯১৩ চনত সাহিত্যৰ “নবেল বঁটা” লাভ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু “শান্তিনিকেটন” ৰ জন্মদাতা। ভাৰতীয় সাহিত্যক বিশ্বদৰবাৰলৈ তেখেতে লৈ যায়। ৰচনা কৰা পুথি : গোৰা, গিতাঞ্জলী, সোনাৰ গুৰি, পেটৰ কলিজা ইত্যাদি।
৯) সমার্থক শব্দ লিখা:
হেঁপাহ : আগ্ৰহ।
সুশ্রী : ধুনীয়া, সুন্দৰ।
প্ৰখৰ : চোকা, তীক্ষ্ণ।
সম্ভ্রান্ত : চহকী, আভিজাত্য।
ৰক্ষণশীল : গোড়ামি ।
#Ajb #assamjatiyabidyalay #ajbclass8 #axomsolution
#assamjatiyabidyalayclass8assamese
