চন্দ্রযান ৩ অসমীয়া ৰচনা,Chandrayaan 3 Essay in assamese | অসমীয়া ৰচনা ,চন্দ্রযান ৩ৰ বিষয় কিছু তথ্য
আৰম্ভণি:
চন্দ্ৰযান ৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৃতীয় টো চন্দ্ৰ অভিযান।চন্দ্ৰ যান ১ আৰু চন্দ্ৰ যান ২ ৰ সফলতাৰ পিছত এইটো হৈছে ভাৰতীয় মহাকাশ গৱষণাৰ (ISRO) তৃতীয় টো সফল প্ৰকল্প, যিটোৱে বৰ্তমান গোটেই বিশ্ব ত এক আলোড়নৰ সৃষ্টি কৰিছে। "বিজ্ঞানে আনিব জোৱাৰ"- এই কথাষাৰ প্ৰতিপন্ন কৰি চন্দ্ৰযান ৩য়ে সঁচাকৈ গোটেই বিশ্বব্যাপী জোৱাৰৰ সৃষ্টি কৰিছে। ভাৰতবৰ্ষ ক মহাকাশ অন্বেষণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত এক শক্তশালী দেশ হিচাপে পৰিগণিত কৰিছে এই বিখ্যাত চন্দ্ৰযান ৩য়ে।
চন্দ্ৰযান ৩য়ে চন্দ্ৰত বিশেষ অভিযান চলাই চন্দ্ৰৰ বিষয়ে বিশ্বব্যাপী বহুতো কথা জনাত বিশেষ ভাৱে অৰিহণা যোগাব।
Chandrayaan-3 Essay in assamese
- চন্দ্ৰযান মিছন :
২০০৮ চনত উৎক্ষেপণ কৰা চন্দ্ৰ যান ১ আছিল ভাৰতৰ প্ৰথম চন্দ্ৰ অভিযান।এই অভিযানে ভাৰতৰ মহাকাশ সংস্থাক এক উল্লেযোগ্যভাবে মাইলৰ খুঁটি হিচাপে অভিহিত কৰিছিল। এই অভিযানে চন্দ্ৰ পৃষ্ঠত পানীৰ অণুৰ অৱস্থিতিৰ কথা ধৰা পেলোৱাত সক্ষম হৈছিল।
২০১৯ চনত দ্বিতীয় বাৰলৈ ভাৰতীয় ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰ যান ২ উৎক্ষেপণ কৰিছিল আৰু ইয়াৰ মূল লক্ষ্য আছিল চন্দ্ৰ ৰ দক্ষিণ মেৰু অঞ্চলত বিশেষভাৱে অন্বেষণ কৰা।কিন্তু দুৰ্ভগ্যবশতঃ কাৰিকৰী সমস্যা ৰ বাবে বিক্ৰম নামৰ লেণ্ডাৰ খনে অবতৰণৰ অন্তিম পৰ্য্যায়ত প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাত সেইখনৰ হৈতে যোগাযোগ বিছিন্ন হয়।
বৰ্তমান সময়ত ২০২৩ চনৰ ১৪ জুলাইত শ্ৰী হৰিকতাৰ পৰা পূৰ্ব অভিযান অনুসৰি ISRO য়ে চন্দ্ৰ যান ৩ উৎক্ষেপন কৰে।এই অভিযানৰ প্ৰাথমিক উদ্দেশ্য হৈছে চন্দ্ৰৰ গঠন আৰু বিৱৰ্তনৰ বিষয়ে আমাৰ জ্ঞান বঢ়োৱাৰ বাবে চন্দ্ৰৰ ভূ-বিজ্ঞান, খনিজ আৰু বহিঃমণ্ডলৰ অনুসন্ধান কৰা।
- চন্দ্ৰযান-৩ৰ উদ্দেশ্যসমূহ:
চন্দ্ৰযান-১ আৰু চন্দ্ৰযান-২ৰ অনুসৰণ অভিযান চন্দ্ৰযান-৩ৰ লক্ষ্য হৈছে ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টা আৰু অধিক শক্তিশালী কৰা। ISRO য়ে দাবী কৰিছে যে চন্দ্ৰযান-৩য়ে তিনিটা মুখ্য উদ্দেশ্যৰ ওপৰত গুৰুত্ব দিব। এটা হ'ল চন্দ্ৰপৃষ্ঠত সুৰক্ষিত আৰু মসৃণ অবতৰণ । দ্বিতীয় টো হৈছে চন্দ্ৰত ৰোভাৰৰ ব্যৱহাৰ । তৃতীয় উদ্দেশ্যটো হ'ল চন্দ্ৰপৃষ্ঠৰ ওপৰত গৱেষণা কৰা। চন্দ্ৰৰ প্ৰত্যাহ্বানপূৰ্ণ দক্ষিণ মেৰু, যাক এতিয়ালৈকে অন্বেষণ কৰা হোৱা নাই, চন্দ্ৰযান-3-য়ে তাতেই অবতৰণ কৰিব। ইতিমধ্যে হেই প্ৰত্যাহ্বান পাৰ কৰি লেণ্ডাৰ বিক্ৰমে চন্দ্ৰ পৃষ্ঠত সফল অবতৰণ কৰিছে।
Read more : AJB Class 8 Science Question answers
- ৩ ৰ প্ৰযুক্তিগত উন্নতি:
চন্দ্ৰযান ৩ ৰ সফল অবতৰণৰ বাবে পূৰ্বৰ ত্ৰুটি সমূহ বিশেষ ভাৱে পৰ্যবেক্ষন কৰি ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে প্ৰযুক্তিগত উন্নতি সাধন কৰা হৈছে।চন্দ্ৰযান-৩ অভিযানৰ স্থাপত্যত এটা লেণ্ডাৰ, এটা ৰোভাৰ আৰু এটা প্ৰপালচন মডিউল আছে। লেণ্ডাৰ আৰু ৰোভাৰটো প্ৰপালচন মডিউলৰ দ্বাৰা চন্দ্ৰৰ কক্ষপথলৈকে ওপৰলৈ চালিত হব । চফ্ট লেণ্ডিং কৰাৰ উদ্দেশ্য ৰে আৰু গভীৰ বিশ্লেষণৰ বাবে লেণ্ডাৰটো উন্নত মানৰ সঁজুলিৰে সজ্জিত। উন্নত কেমেৰা, শক্তিশালী যোগাযোগ নেটৱৰ্ক আৰু তথ্য সংগ্ৰহ ৰ বাবে উন্নত প্ৰযুক্তি বিদ্যা অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) চন্দ্ৰযান-৩ অভিযান, শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ৪০ দিনীয়া যাত্ৰাৰ পিছত, বিক্ৰম লেণ্ডাৰে ২৩ আগষ্টত ভাৰতীয় সময়মতে সন্ধিয়া ৬.০৪ বজাত মসৃণ ভাৱে চন্দ্ৰত অৱতৰণ কৰে। যাৰ ফলস্বৰুপে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত প্ৰথম খন দেশ হিচাপে পৰিগণিত হয় যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰু ত প্ৰথম বাৰলৈ অবতৰন কৰিছে।এই অৱতৰণৰ দিনটোক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে অভিহিত কৰে। ইয়াৰ উপৰিও চন্দ্ৰ যান ৩ খন অবতৰণ কৰা ঠাইক ' শিৱ শক্তি ' পইন্ত হিচাপে নামাকৰণ কৰিছে। এই চন্দ্ৰ যান খন চন্দ্ৰ পৃষ্ঠত ১৪ দিন লৈ থাকিব আৰু চন্দ্ৰ ৰ পৃষ্ঠ পৰীক্ষা নিৰীক্ষা কৰিব।
- চন্দ্ৰ যান ৩ ৰ ইতিবাচক দিশ সমূহ:
১.চন্দ্ৰযান-৩ সফলতাৰ ফলত ভাৰতৰ ৰাষ্ট্ৰীয় গৌৰৱ বৃদ্ধি পাইছে কিয়নো ই মহাকাশ অন্বেষণত দেশৰ প্ৰযুক্তিগত সামৰ্থ্য আৰু উন্নতি প্ৰদৰ্শন কৰিছে। ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
২.জটিল মহাকাশ অভিযান হাতত লোৱাৰ বাবে ভাৰতৰ আত্মবিশ্বাস বৃদ্ধি কৰাত বিশেষ ভাৱে সহায়ৰ হাত আগবহাইছে।
৩. চন্দ্ৰযানে চন্দ্ৰ পৃষ্ঠত উপস্থিত থকা বিভিন্ন খনিজ পদাৰ্থ,মৌল ৰ উপস্থিতিৰ পৰীক্ষা কৰি চন্দ্ৰৰ বিষয়ে বিশ্বব্যাপী বহুতো কথা জনাত বিশেষ ভাৱে অৰিহণা যোগাব।
৪. চন্দ্ৰযান ৩ কে ধৰি ভাৰতীয় মহাকাশ অভিযানে নৱপ্ৰজন্মক বিজ্ঞান ,প্ৰযুক্তি বিষয়ত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰাত যথেষ্ট সহায় কৰিছে। ISRO ৰ মহাকাশ অভিযান সফল ৰূপায়নে যুৱক যুৱতী সকলৰ মাজত গৌৰৱ আৰু উৎসাহৰ ভাৱ জগাই তুলিছে।
- উপসংহাৰ:
চন্দ্ৰযান-৩ ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য। ই চন্দ্ৰপৃষ্ঠত সুৰক্ষিত অৱতৰণ আৰু ভ্ৰমণৰ ক্ষেত্ৰত দেশৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে, যাৰ ফলত ভাৰত হৈছে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰা চতুৰ্থ খন দেশ আৰু চন্দ্ৰ ৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম খন দেশ। ই ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ প্ৰতিনিধিত্ব কৰে আৰু মহাকাশ অন্বেষণ আৰু আৱিষ্কাৰৰ প্ৰতি ৰাষ্ট্ৰৰ দক্ষতা আৰু ৰাষ্ট্ৰৰ সমৰ্পণ প্ৰদৰ্শন কৰে। চন্দ্ৰযানৰ সফলতাৰ বাবে ভাৰতে মহাকাশ অন্বেষণত নিজৰ স্থান আৰু দক্ষতা ঘোষণা কৰিব পৰিছে। শেষত চন্দ্ৰযান-৩ কেৱল এটা অভিযান নহয়; ই ভাৰতৰ আকাংক্ষা, কাৰিকৰী দক্ষতাৰ প্ৰতীক আৰু বিশ্বৰ ৰহস্য অন্বেষণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
#চন্দ্রযান ৩ অসমীয়া ৰচনা, চন্দ্রযান ৩ৰ বিষয় কিছু তথ্য
