কয়লা আৰু পেট্রোলিয়াম class 8 Science question answer Lesson 5, Assam Jatiya Bidyalay Solution
অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান অধ্যায় ৫| কয়লা আৰু পেট্ৰ’লিয়াম প্ৰশ্ন আৰু উত্তৰ Solution | Axomsolution
প্ৰশ্নাৱলী
1. নৱীকৰণ যোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদ বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰ:প্ৰকৃতিত পোৱা সম্পদ সমূহৰ পৰিমাণ সীমা হীন। মানুহৰ ক্ৰিয়া কলাপৰ দ্বাৰা সম্পদ বোৰৰ শেষ হোৱাৰ সম্ভাৱনা কম।এই সম্পদ সমূহকেই নৱীকৰণ যোগ্য সম্পদ বোলে।
উদাহৰণ: সূয্যৰ পোহৰ, বায়ু ,মাটি ইত্যাদি।
প্ৰকৃতিত পোৱা কিছুমান সম্পদৰ পৰিমাণ সীমিত। মানুহৰ ক্ৰিয়া কলাপৰ দ্বাৰা এই সম্পদ সমূহ নিঃ শেষ হৈ যাব পাৰে। এই সম্পদ সমূহকেই নৱীকৰণ অযোগ্য সম্পদ বুলি কোৱা হয়।
উদাহৰণ: কয়লা, পেট্ৰলিয়াম ইত্যাদি।
2. চি এন জি আৰু এল পি জিক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা সমূহ কি কি?
উত্তৰ: চি এন জি আৰু এল পি জিক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধা সমূহ হল:-
ক)চি এন জি আৰু এল পি জি ৰ দহনত অবশিষ্ট নৰয়।
খ) দুয়োয়ে পৰিবেশ প্ৰদূষণ নকৰে।
গ) চি এন জি আৰু এল পি জি ৰ কেলৰিফিক মান বেছি । অৰ্থাৎ দহনত অধিক তাপ উৎপন্ন হয়।
ঘ) চি এন জি আৰু এল পি জিক উচ্চ চাপত সংকুচিত কৰি চিলিন্দাৰত ভৰাই কঢ়িয়াব পৰা যায়।
3.মৃত গছ গছনিৰ পৰা কেনেকৈ কয়লা সৃষ্টি হয়? এই প্ৰক্ৰিয়া টোৰ নাম কি?
উত্তৰ:প্ৰায় ৩০০ বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহ সমূহত অটব্য অৰণ্য আছিল । বানপানীৰ নিচিনা প্ৰাকৃতিক পৰিঘটনাৰ ফলত এই অৰণ্য সমূহ পুত খাই গৈছিল। তাৰ ওপৰত অধিক পৰিমাণে মাটি জমা হৈ গৈ থকাৰ ফলত হেৰ পৰি এইবোৰ সংকুচিত হৈ যায়। এইবিলাক গভীৰতৰ পৰা গভীৰতালৈ সোমাই যোৱাৰ ফলত মৃত উদ্ভিদ সমূহ ধীৰে ধীৰে কয়লা লৈ ৰূপান্তৰিত হয়।এইদৰেই মৃত গছ গছনিৰ পৰা কয়লাৰ সৃষ্টি হয়।
এই প্ৰক্ৰিয়াটোৰ নাম হল অংগাৰীকৰণ।
4. কয়লাৰ চাৰিটা প্ৰকাৰ কি কি? ইয়াৰে কোনবিধ কয়লা সৰ্বোৎকৃষ্ট আৰু কিয়?
উত্তৰ: কয়লাৰ চাৰিটা প্ৰকাৰ হল:
. লিগনাইট
. চাববিটুমিনাছ
. বিটুমিনাছ
. এনথ্ৰাছাইট
এনথ্ৰাছাইট কয়লা বিধ সৰ্বোৎকৃষ্ট । কাৰণ কাৰ্বনৰ পৰিমাণ 86%-97%আছে।
5. পেট্ৰলিয়ামৰ শোধনত উৎপাদিত অংশ সমূহ কি কি?
উত্তৰ: পেট্ৰলিয়ামৰ শোধনত উৎপাদিত অংশ সমূহ হল :-
ক) জুলীয়া কৃত পেট্ৰলিয়াম গেছ।
খ) পেট্ৰল
গ) কেৰাচিন
ঘ) ডিজেল
ঙ) পিচিলকাৰক তেল
চ) মম
ছ) বিটুমেন
Read More : চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Ajb Class 8 New Science Lesson 4 all question answers 2024
6.প্ৰাকৃতিক গেছ কি? ইয়াৰ উপাদান কি?
উত্তৰ: পেট্ৰলিয়ামৰ পুং সমূহৰ প্ৰায় ভাগতে তেলৰ ওপৰভাগত এবিধ গেছ জমা হৈ থাকে। অৱশ্যে কিছুমান পুঙত গেছ জমা হৈ নাথাকিবও পাৰে।এই গেছ বিধ মিথেন নামৰ হাইড্ৰকাৰ্বন।কিছু পৰিমাণে ইথেন নামৰ হাইড্ৰকাৰ্বনো থাকে।এই গেছীয় মিশ্ৰই হল প্ৰাকৃতিক গেছ।
ইয়াৰ মূল উপাদান হল মিথেন।
7.অসমৰ পেট্ৰলিয়াম আৰু কয়লা খনি থকা ঠাই সমূহৰ নাম লিখা
উত্তৰ: অসমৰ পেট্ৰলিয়াম থকা ঠাই সমূহৰ নাম হল: ডিগবৈ, গুৱাহাটী,নুমলিগড় আদি।
অসমৰ কয়লা খনি থকা ঠাই সমূহৰ নাম হল:লিডু,মাকুম , কাৰ্বি আংলং, মাৰ্ঘেৰিটা আদি।
8. খালী ঠাই পূৰ কৰা।
ক) কয়লা , পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন।
খ) পেট্ৰলিয়াম উৎপাদন পৃথকীকৰণ প্ৰক্ৰিয়া টোক শোধন বোলা হয়।
গ) আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহন ইন্ধন হল সংকুচিত প্ৰাকৃতিক গেছl
ঘ) এল পি জিৰ মুখ্য উপাদান হল প্ৰপেন আৰু বিউটেনl
ঙ) প্ৰাকৃতিক গেছৰ মুল উপাদান হল CH4|
চ) ৰাস্তা নিৰ্মাণ কৰোতে বিটুমেন নামৰ পেট্রল জাত সামগ্ৰী বিধ ব্যৱহিত হয় |
ছ) এল এন জি (LNG) ৰ পূৰ্ণ প্ৰকাশ ৰাশি হল liquified natural gas |
9. তলত দিয়া উক্তি সমূহৰ শুদ্ধ ( শু) অশুদ্ধ (অ) চিহ্নিত কৰা।
ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি
উত্তৰ: অশুদ্ধ
খ) পেট্ৰলিয়াম,চি এন জি বেছি প্ৰদূষক ইন্ধন।
উত্তৰ: অশুদ্ধ
গ) এনথ্ৰাছাইট সৰ্বোৎকৃষ্ট কয়লা।
উত্তৰ: শুদ্ধ
ঘ) ক'ক হৈছে কাৰ্বন ৰ প্ৰায় বিশুদ্ধ ৰূপ।
উত্তৰ: শুদ্ধ
ঙ) আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ।
উত্তৰ: শুদ্ধ
চ) কেৰাছিন জীৱাশ্ম ইন্ধন নহয়।
উত্তৰ: অশুদ্ধ
10. জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা।
উত্তৰ: জীৱাশ্ম ইন্ধন সমূহ মৃত গছ গছনি আৰু জীৱ জন্তুৰ দেহ বহু নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উষ্ণতা প্ৰৱল পৰিবেশত থকাৰ ফলত সৃষ্টি হৈছে। কোনো পৰীক্ষাগাৰ বা গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱপৰ নহয়। যিহেতু পুনৰাই ইয়াক প্ৰস্তুত কৰিব নোৱাৰি, সেইয়েহে ইয়াৰ পৰিমানো সীমিত। সেইবাবে জীৱাশ্ম ইন্ধন সমূহক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।
11. ক'কৰ বৈশিষ্ট আৰু ব্যবহাৰ বৰ্ণনা কৰা।
উত্তৰ: ক'ক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন , সছিদ্ৰ আৰু কলা বৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ।
ব্যৱহাৰ: তীখাৰ উৎপাদক আৰু বহুত ধাতু নিষ্কাষণৰ ক্ষেত্ৰত ক'ক ব্যৱহাৰ কৰা হয়।
12.কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা।
উত্তৰ: সমুদ্ৰত বাস কৰা জীৱ সমূহৰ মৃত্যু হোৱাত সিহতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পোত গৈছিল।কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ,প্ৰচুৰ তাপ আৰু অত্যধিক চাপৰ প্ৰভাৱে মৃত জীৱ সমূহক পেট্ৰলিয়াম আৰু গেছলৈ ৰূপান্তৰিত কৰে।
13.প্ৰাকৃতিক গেছৰ ব্যৱহাৰসমূহ উল্লেখ কৰা।
উত্তৰ: প্ৰাকৃতিক গেছ ঘৰ বা কাৰখানাত ইন্ধন হিচাপে ব্যৱহাৰৰ কৰা হয়। কিছুমান ৰাসায়নিক দ্ৰব্য আৰু সাৰ প্ৰস্তুত কৰিবলৈ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। নামৰূপৰ সাৰ কাৰখানা আৰু ইয়াৰ তাপবিদ্য়ুত প্ৰকল্প, ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্প তথা অন্যান্য কিছুমান ঠাইৰ শক্তি প্ৰকল্পত এই প্ৰাকৃতিক গেছ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়।
Assam Jatiya Bidyalay Class 8 Science Lesson 5 কয়লা আৰু পেট্ৰলিয়াম all question answers (AJB) Notes
If you have any douts pls comment below⬇️
