Assam Jatiya Bidyalay Class 8 Science Chapter 19 Question Answer উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ | AjB class 8 science lesson 19 solution ,অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় ১৯ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ প্ৰশ্ন উত্তৰ অসম জাতীয় বিদ্যালয়
উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Assam Jatiya Bidyalay Lesson 19 Solution | Class 8 Science chapter 19 Question Answer AJB | Assam Jatiya Bidyalay Class 8 Science chapter 19 Question and Answer | Class 8 Science chapter 19 Question and Answer Assam Jatiya Bidyalay Notes Solutions
i) ভাৰতত কলচী উদ্ভিদ প্ৰাকৃতিক পৰিৱেশত পোৱা ঠাই হ'ল
a) মেঘালয় b) অসম c) উত্তৰাখণ্ড d) চিকিম
উত্তৰঃ c) উত্তৰাখণ্ড
ii) তলৰ কোনটো আবাসস্থানত সংৰক্ষণ পদ্ধতি নহয়?
a) ৰাষ্ট্ৰীয় উদ্যান b) অভয়াৰণ্য c) সংৰক্ষিত জৈৱ মণ্ডল
d) চিৰিয়াখানা
উত্তৰঃ d) চিৰিয়াখানা
iii) কলাকৰ্ষণ পদ্ধতিৰ দ্বাৰা বিলুপ্তপ্ৰায় প্ৰজাতিক সংৰক্ষণ কৰা কাৰ্য্যকে- বোলা হয়।
a) আবাসস্থানৰ সংৰক্ষণ b) আবাসস্থানৰ বাহিৰত সংৰক্ষণ
c) পৱিত্ৰ বনাঞ্চল d) গোলকীয় ঐতিহ্য
উত্তৰঃ b) আবাসস্থানৰ বাহিৰত সংৰক্ষণ
iv) আভ্যন্তৰীণ আৰু পাশ্বীয় অঞ্চল ক'ত চিহ্নিত কৰা হয়?
a) ৰাষ্ট্ৰীয় উদ্যান b) অভয়াৰণ্য c) সংৰক্ষিত জৈৱ মণ্ডল
d) ব্যাঘ্ৰ প্ৰকল্প
উত্তৰঃ c) সংৰক্ষিত জৈৱ মণ্ডল
v) IUCN ৰ মুখ্য কাৰ্য্যালয় হ'ল-
a) আমেৰিকা b) ছুইজাৰলেণ্ড c) ফ্ৰান্স d) ইটালী
উত্তৰঃb) ছুইজাৰলেণ্ড
2. খালী ঠাই পূৰ কৰা :
i) কোনো এক নিৰ্দিষ্ট অঞ্চল/ ভৌগোলিক পৰিসীমাৰ ভিতৰত উপলব্ধ প্ৰজাতিবোৰক থলুৱা প্ৰজাতি বুলি কোৱা হয়।
ii)-IUCN- নামৰ সংস্থাটোৱে লোহিত তথ্য সংকলন প্ৰস্তুত কৰে।
iii) ভাৰতবৰ্ষত ১০৫খন ৰাষ্ট্ৰীয় উদ্যান আছে।
3. প্ৰজাতি বৈচিত্ৰ্য আৰু জিনীয় বৈচিত্ৰ্যৰ পাৰ্থক্য লিখা।
উত্তৰঃ এটা অঞ্চলত জীৱৰ প্ৰজাতিৰ ভিন্নতা আৰু প্ৰাচুৰ্য্যকেই প্রজাতি বৈচিত্র্য বোলে।
আনহাতে একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিন সমূহৰ বৈচিত্ৰ্যই হল জিনীয় বৈচিত্ৰ্য।
4. নিৰ্বননিকৰণৰ পৰিণতিসমূহ কি কি?
উত্তৰঃ নিৰ্বনীকৰণৰ পৰিণতিসমূহ হ'ল- খৰাং বতৰ , ভূমিস্থলন, বানপানী আদি।
5. ৰেড ডেটা বুক বুলিলে কি বুজা?
উত্তৰঃ ৰেড ডাটা বুক হ'ল- পৃথিৱীৰ লুপ্ত হোৱাৰ সম্ভাৱনাপ্ৰাপ্ত জীৱবোৰৰ এক সংকলন পুথি।
6. সংৰক্ষিত জীৱমণ্ডল কেনেকৈ স্থাপন কৰা হয়?
উত্তৰঃ এটা পাৰ্শ্বীয় এলেকাত জৈৱবৈচিত্ৰ্য অটুট ৰাখিবলৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। এই ব্যৱস্থাত মানুহে থকাৰ উপৰিও বিভিন্ন কাম কৰিবলৈ সুবিধা পায়। এনেদৰে সংৰক্ষিত জীৱমণ্ডল স্থাপন কৰা হয়।
7. ব্যাঘ্ৰ প্ৰকল্প বুলিলে কি বুজা?
উত্তৰঃ ব্যাঘ্ৰ প্ৰকল্প মানে হল এক নিৰ্দিষ্ট সংৰক্ষিত অঞ্চলত বাঘ সমূহক সংৰক্ষণ কৰা,যাতে বাঘৰ সংখ্যা কমি নাযায় আৰু বিলুপ্তিৰ পথত নাথাকে।
8. মৰুভূমিকৰণ কেনেকৈ হয়?
উত্তৰঃ গছ গছনিয়ে মাটি খামুচি মাৰি ধৰি থাকে।সেইবাবে এই গছ গচনি কটাৰ ফলত মাটি শিঠিল হৈ পৰে। তেনে ক্ষেত্ৰত বতাহ আৰু পানীয়ে সহজে মাটি খহাই নিয়ে। মাটিৰ ওপৰৰ সাৰুৱা স্তৰটোৰো ক্ষয় হয়। ফলত মাটিৰ উৰ্বৰতা লোপ পায় আৰু তাৰ ফলত উদ্ভিদৰ বৃদ্ধি হ্ৰাস হয় আৰু মৰুভূমিসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। এনেকৈ মৰুভূমিকৰণৰ সৃষ্টি হয়।
9. জৈৱবৈচিত্ৰ্য বুলিলে কি বুজা? জৈৱ বৈচিত্ৰ্যৰ অধ্যয়নৰ স্তৰসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ পৃথিৱীখনত থকা জীৱৰ অলেখ ধৰণৰ ভিন্নতাই হল জৈৱবৈচিত্ৰতা ।
জৈৱবৈচিত্ৰ্য প্ৰধানকৈ তিনিটা স্তৰত অধ্যয়ন কৰিব পাৰি—জিনীয় বৈচিত্র্য, প্ৰজাতি বৈচিত্র্য আৰু পৰিবেশ তন্ত্ৰৰ বৈচিত্র্য।
(i) জিনীয় বৈচিত্র্য :
একোটাকৈ প্ৰজাতিৰ শৰীৰত থকা জিন সমূহৰ বৈচিত্ৰ্যই হল জিনীয় বৈচিত্ৰ্য । ধান হ'ল উদ্ভিদৰ এক প্ৰজাতি। কিন্তু ধান বিভিন্ন ধৰণৰ—জহা ধান, বৰা ধান আদি। এই ধানবোৰৰ মাজত জিনৰ পাৰ্থক্য আছে। সেই কাৰণে বিভিন্ন ধৰণৰ ধানসমূহ হ'ল ধানৰ জিনীয় বৈচিত্র্য।
(ii) প্রজাতি বৈচিত্র্য :
এটা অঞ্চলত জীৱৰ প্ৰজাতিৰ ভিন্নতা আৰু প্ৰাচুৰ্য্যকেই প্রজাতি বৈচিত্র্য বোলে। কোনো এক অঞ্চলত জীৱৰ যিমানে বেছি প্ৰজাতি থাকিব অঞ্চলটো সিমানেই জৈৱবৈচিত্ৰ্যত চহকী হ'ব। প্ৰজাতিৰ সংখ্যাই কোনো এক জৈৱবৈচিত্ৰ্যৰ মূল্য নিৰ্ধাৰণৰ মূল মাপকাঠী।
(iii) পৰিবেশতন্ত্ৰৰ বৈচিত্র্য :
অৰণ্য, ঘাঁহনি, পাহাৰীয়া ঠাই, পুখুৰী, বিল, জান, জুৰি, নদী আদি এইবোৰৰ প্ৰত্যেকেই একো একোটা পৰিবেশতন্ত্র। অৰণ্য, ঘাঁহনি অথবা পুখুৰীত নানা ধৰণৰ জীৱ দেখা যায়। এনে বিভিন্নতাই হ'ল পৰিৱেশতন্ত্ৰৰ বৈচিত্ৰ্য।
10) জৈৱবৈচিত্ৰ্য ক্ষতিৰ কাৰণসমূহ আলোচনা কৰি সংৰক্ষণৰ ওপৰত তোমাৰ মতামত আগবঢ়োৱা।
উত্তৰঃ জৈৱবৈচিত্ৰ্যৰ ক্ষতিৰ কাৰণসমূহ হ'ল-
i) বনাঞ্চল ধ্বংস :
বৰ্তমানসময়ত মানুহে নিজৰ অভাৱ আশা সমূহ পূৰণ কৰিবলৈ গছ গছনি কাটি শেষ কৰিছে। তাৰ ফলত বিভিন্ন জৈৱ প্ৰজাতিৰ থাকিবলৈ ঠাই নোহোৱা হৈছে আৰু তাৰ ফলত জৈৱ বৈচিত্ৰতাৰ অৱক্ষয় হোৱা দেখিবলৈ পোৱা গৈছে।
(ii) জলবায়ু পৰিৱৰ্তন :
গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তনেও জীৱকূলৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰিছে। পৰিৱৰ্তিত জলবায়ুৰ লগত খাপ খাব নোৱৰা কিছুমান প্রজাতি বিলুপ্ত হৈছে। লগতে ভালেসংখ্যক প্রজাতি বিপদাপন্ন হৈছে।
iii)প্ৰাকৃতিক সম্পদৰ অতি বেছি ব্যৱহাৰ : পৃথিৱীত জনসংখ্যা যথেষ্ট বেছি হৈছে। গতিকে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰো বাঢ়িছে। ফলস্বৰূপে বনাঞ্চল, খনিজ পদার্থ, নিৰ্মল পানী আৰু সাগৰীয় সম্পদসমূহৰ অতি বেছি ব্যৱহাৰ হৈছে। জৈৱবৈচিত্র্য হ্রাস পাইছে।।
iv) বিদেশী প্ৰজাতিৰ সংস্থাপন :
কিছুমান বিদেশী প্রজাতিৰ সংস্থাপনৰ ফলত থলুৱা আৰু দেশীয় প্রজাতিৰ অৱক্ষয় হৈছে।
মানুহৰ সুখ-সমৃদ্ধি, আনন্দ-বিনোদন আদিৰ বাবে আৰু বিভিন্ন প্ৰকাৰৰ স্বাৰ্থ অন্বেষী কাৰ্যকলাপৰ বাবে বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ তথা জৈৱ বৈচিত্ৰ্য বিনষ্ট হৈ আছে। ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ বিৰূপ প্ৰভাৱ মানৱ জাতিৰ লগতে অন্যান্য জীৱকুলৰ ওপৰত পৰি আছে। মানৱ জাতিৰ অস্তিত্ব যিহেতু প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰে, সেয়ে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ একান্তই প্ৰয়োজন। জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বাবে আমি তলত উল্লেখ কৰা উপায়সমূহ গ্ৰহণ কৰিব পাৰো–
ক) প্লাষ্টিক, নাইলন আৰু ৰবৰ জাতীয় বস্তুৰ ব্যৱহাৰ সম্পূৰ্ণ বন্ধ কৰা।
(খ) খেতি-পথাৰত কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদিৰ প্ৰয়োগ বন্ধ কৰি জৈৱিক সাৰ প্ৰায়োগ কৰা আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰৰ সলনি প্ৰাকৃতিক উপায় অৱলম্বন কৰা।
(গ) বিলুপ্তিৰ ভাবুকিৰ সন্মুখীন হোৱা উদ্ভিদ, প্ৰাণী, জীৱ-জন্তু আদিক সংৰক্ষণৰ বাবে বিশেষ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা।
(ঘ) ‘গ্ৰীণ হাউচ ইফেক্ট’ সৃষ্টি কৰা বিভিন্ন ডিভাইচ যেনে: এয়াৰ কণ্ডিশ্বনাৰৰ ব্যৱহাৰ বন্ধ কৰা বা হ্রাস কৰা।
ঙ) পাৰমাণৱিক বোমা বিস্ফুৰণ সম্পৰ্কীয় সকলো পৰীক্ষণ বন্ধ কৰা।
11. জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থাপনাসমূহৰ বিষয়ে বহলাই লিখা।
উত্তৰ: উদ্ভিদ,প্ৰাণী আৰু অন্যান্য জীৱসমূহ নিজৰ বাসস্থানতে সংৰক্ষণ কৰাৰ ব্যবস্থা কৰিব পাৰি অথবা বেলেগ বাসস্থনৰ সৃষ্টি কৰি তাতেই কিছুমান বিশেষ জীৱ সংৰক্ষণ কৰিব পাৰি। নিজৰ বাসস্থানতেই সংৰক্ষণ কৰা ব্যবস্থা টোক আৱাস স্থানত সংৰক্ষণ বোলা হয়। আৰু জীৱসমূহক সিহতৰ আৱাস স্থলীৰ বাহিৰত সংৰক্ষণ কৰা ব্যবস্থা টোক আৱাস স্থানৰ বাহিৰত সংৰক্ষণ বোলে। আৱাস স্থানৰ ভিতৰৰ সংৰক্ষণৰ ভিতৰত আছে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল,পবিত্ৰ বননি ইত্যাদি।
অভয়াৰণ্য:
অভয়াৰণ্য হল চৰকাৰে জাননী যোগে ঘোষণা কৰা কিছুমান সংৰক্ষিত বনাঞ্চল। প্ৰাণী আৰু উদ্ভদৰ সংৰক্ষণ ৰ বাবে ইয়াৰ সৃষ্টি কৰা হৈছে। বন্যপ্ৰাণী চিকাৰ কৰা ইয়াত সম্পূৰ্ণৰূপে নিষিদ্ধ।বিনা অনুমতিত ইয়াত কোনো লোকক প্ৰবেশ কৰিবলৈ দিয়া নহয়।
ৰাষ্ট্ৰীয় উদ্যান:
ৰাষ্ট্ৰীয় উদ্যান সমূহতো বন্যপ্ৰাণীৰ লগতে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত গছ কটা ,খেতি বাতি কৰা, বন্যপ্ৰাণী ধৰা,চিকাৰ কৰা সম্পুৰ্ণ ৰূপে নিষিদ্ধ।
জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল:
সংৰক্ষিত বনাঞ্চল সমূহৰ কিছুমান অংশত মানুহে নিজৰ কাম কাজ কৰাৰ অনুমতি থাকে। এই সংৰক্ষিত জীৱ মণ্ডলৰ তিনিটা অংশ থাকে। প্ৰথমতো হৈছে আভ্যন্তৰীণ এলেকা যত জীৱ জন্তুৰ সংৰক্ষণৰ বাবে কটকটীয়া ব্যবস্থা আছে। এই এলেকাক আবৰি দ্বিতীয় অংশ পাৰ্শ্বিয় এলেকা আছে। ইয়াত মানুহৰ বিভিন্ন কামৰ অনুমতি দিয়া হয়। পৰ্শ্বীয় এলেকাক আবৰি থাকে সংক্ৰমণ এলেকা ।এই এলেকাত মানুহৰ বসতি স্থাপনৰ বাবে অনুমতি আছে।
পবিত্ৰ বননি:
কিছুমান জন জাতিয়ে গছ- গচনিৰ পূজা কৰে। তেনে গছ গছনিৰ সৈতে তেওঁলোকে এলেকাটোক সংৰক্ষণ কৰে। এইবোৰক পবিত্ৰ বননি বোলে। খাছী আৰু জয়ন্তীয়া পাহাৰত এনেকুৱা বননি আছে।
আৱাস স্থানৰ বাহিৰত সংৰক্ষণৰ ব্যৱস্থাপনা সমূহ হৈছে: চিৰিয়াখানা, উদ্ভিদ উদ্যান ইত্যাদি।এই সমূহত ভাবুকিগ্ৰস্ত প্ৰাণী আৰু উদ্ভিদ সংৰক্ষণ কৰা হয়।
কলা কৰ্ষণ ,আৱাস প্ৰজনন আদিৰ দ্বাৰাও বিভিন্ন বিলুপ্ত প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ কৰা হয়।
১২. অসমৰ সংৰক্ষিত অঞ্চল সমূহৰ এখন তালিকা প্ৰস্তুত কৰা
উত্তৰ
Assam Jatiya Bidyalay Class 8 science chapter 19 AJB Solutions
অষ্টম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৯ উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ প্ৰশ্ন উত্তৰ অসম জাতীয় বিদ্যালয়
Class 8 Science Question Answer
Class 8 science Lesson 19 ajb assam jatiya vidyalaya All Books PDF File Download here
