Class 7 SCERT Social science Lesson 25 প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ Question Answer | সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ২৫ প্ৰশ্ন উত্তৰ - Axomsolution
প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ Chapter 25 Question Answer
Class 7 Social Science Lesson 25 SCERT Question Answer,Notes
প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ Notes..
| Textbook | SCERT |
| Class | Class 7 |
| Subject | Social Science |
| Lesson 25 | প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰ |
১. চমু উত্তৰ লিখা -
ক) প্ৰান্তীয় গোট কাক বোলে?
উত্তৰ: আৰ্থিক,সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভোগা লোকসকলক প্ৰান্তীয় গোট বোলা হয় ।
খ)অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছ সকলে কৰপৰা বনুৱা আমদানি কৰিছিল?
উত্তৰ : অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছ সকলে ভাৰতৰ মধ্য ভাগৰ পৰা বনুৱা আমদানি কৰিছিল।
গ) কোন খন আইন মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?
উত্তৰ: শিক্ষাৰ অধিকাৰ আইন ২০০৯ মতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়।
ঘ) গৰাখহনীয়া হলে কি হয়?
উত্তৰ: গৰাখহনীয়া হলে বহুতো গাওঁ- ভুই নদীত বিলীন হয় ।তাৰ ফলত ,বহুত লোকে প্ৰাণ হেৰুৱায় আৰু বহুতো লোকৰ জীৱন বিপন্ন হৈ পৰে। মানুহবোৰ সকলো দিশৰ পৰা দুৰ্বল আৰু নিশকতীয়া হৈ পৰে।
ঙ)বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হব পাৰে?
উত্তৰ: নদী বান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশত পানী জমা কৰি ৰাখিবলৈ এক বৃহৎ এলেকাৰ প্ৰয়োজন ।ফলত বান্ধ নিৰ্মাণ কাৰ্যকৰী হবলৈ সেই অঞ্চলৰ মানুহবোৰ সেই ঠাই এৰি যাব লগা হয় ।আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোক সকলৰো অসুবিধাৰ সৃষ্টি হয়। নদীৰ পানী ভাগ ওপৰত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱি লোকসকলে কৃষিৰ বাবে উপযুক্ত পানী নাপায়। নৈৰ পানী তৰাং হৈ পৰাত ,তাত থকা মাছ আৰু বিভিন্ন জলজ জীৱৰ বিলুপ্তি ঘটে। ফলত মাছমৰীয়া সকলৰ জীৱিকাত বাধা আহি পৰে।
নদী বান্ধৰ বাবে এই সমূহ অপকাৰ হব পাৰে।
২. উত্তৰ লিখা•
ক) কি কি কাৰণত প্ৰান্তীয় গোটৰ সৃষ্টি হব পাৰে? তেওঁলোকৰ প্ৰধান সমস্যা সমূহ কি কি ?
উত্তৰ: অৰ্থনৈতিক বিকাশ , নগৰিকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত প্ৰান্তীয় গোটৰ সৃষ্টি হব পাৰে। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে - বানপানী ,গৰাখহনীয়া ৰ ফলতো প্ৰান্তীয় গোটৰ সৃষ্টি হব পাৰে।
আধুনিকৰণ , অৰ্থনৈতিক বিকাশ ৰ লগতে আৰু বিভিন্ন কাৰণত প্ৰান্তীয় লোক সকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হয়। পূৰ্বৰে পৰা আৰ্থ- সামাজিক আৰু শৈক্ষিক দিশত অনগ্ৰসৰ এই লোকসকলে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে। ফলস্বৰূপে এই লোকসকল আৰ্থিক ,সামাজিক সংকটৰ সন্মুখীন হৈ এক অৱহেলিত জীৱন কটাবলগীয়াত পৰিছে ।
খ)জনজাতি আৰু অনুসূচীত জাতিৰ ছাত্ৰ - ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে?
উত্তৰ:জনজাতি আৰু অনুসূচীত জাতিৰ ছাত্ৰ - ছাত্ৰীসকলক সংবিধানে প্ৰদান কৰা সুবিধা সমূহ হল --
i)বিভিন্ন জন জাতি সকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান ,কাৰিকৰী প্ৰতিষ্ঠান সমূহত আসন সংৰক্ষিত কৰা হৈছে।
ii) জনজাতি আৰু অনুসূচীত জনজাতিৰ উচ্চ শিক্ষাৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা কৰিছে।
iii)শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি সমাজৰ কোনো লৰা ছোৱালী যাতে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত নহয় ,সেইটো নিশিত কৰিছে।
গ) পাৰ্বত্য অঞ্চলৰ জনজাতি সকলৰ বাবে কেনে ধৰণৰ স্বায়ত্ব শাসন আছে? দুখনৰ নাম লিখা।
উত্তৰ: জন জাতি সকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰিছে যাতে এই লোক সকলে সংবিধান প্ৰদত্ত অধিকাৰ সমূহ সমানে ভোগ কৰিব পাৰে ।
অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চলমৰ কাৰ্বি সকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমাছা সকলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰিছে।
৩) খালী ঠাই পুৰ কৰা
i) সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয় l
ii)অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী।
iii) দেশৰ বিকাশত ভাগ লবলৈ প্ৰতিজন নাগৰিকেই দায়বদ্ধ।
iv) সংখ্যালঘু লোকসকলৰ ভাষা সংস্কৃতিক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।
v) মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে মৎসও উৎপাদন কৰিব নোৱাৰে।
৪. শুদ্ধ অশুদ্ধ বাচি উলিওৱা
ক)অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম l
উত্তৰ: শুদ্ধ
খ) বেলেগ বেলেগ ৰীতি নীতিৰে চলা মানুহক অবহেলা কৰিম l
উত্তৰ: অশুদ্ধ
গ)দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম।
উত্তৰ: শুদ্ধ
ঘ) আমি আন ব্যক্তিক শ্ৰদ্ধা,মৰম,সন্মান জনালেহে আমিও স্নেহ পাম।
উত্তৰ: শুদ্ধ
ঙ)প্ৰাকৃতিক দুৰ্যোগ হলে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰোঁ।
উত্তৰ: অশুদ্ধ
