অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 20 লাচিত বৰফুকন question answer AJB
লাচিত বৰফুকন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 20, Axomsolution,Class VIII Lesson 20 Assamese Question answers AJB Assam Jatiya BIdyalay.লাচিত বৰফুকন পাঠ ২০ অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় অসমীয়া ,লাচিত বৰফুকন অধ্য়ায় ২০, AJB Chapter 20 all question answers Class 8 assamese assam jatiya bidyalay
![]() |
| লাচিত বৰফুকন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 20 |
Class 8 assamese পাঠ ২০ লাচিত বৰফুকন Solution (AJB)
AJB Class VIII assamese Chapter 20 Solution
অসম জাতীয় বিদ্যলয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্তৰ অধ্য়ায় ২০ লাচিত বৰফুকন
১) উত্তৰ লিখা
ক) ৰামসিংহ কৰ ৰজা আছিল ?
উত্তৰ: ৰামসিংহ অম্বৰৰ ৰজা আছিল।
খ) লাচিত বৰফুকনৰ পিতৃ কোন আছিল ?
উত্তৰ: লাচিত বৰফুকনৰ পিতৃ মোমাই তামুলি বৰুৱা আছিল।
গ) জয়ধ্বজ সিংহই মোগলক প্ৰতিৰোধ কৰিবলৈ কাৰ লগত চুক্তিবদ্ধ হৈছিল ?
উত্তৰ: জয়ধ্বজ সিংহই মোগলক প্ৰতিৰোধ কৰিবলৈ কুছবিহাৰ আৰু জয়ন্তীয়াৰ শাসকৰ লগত চুক্তি বদ্ধ হৈছিল।
ঘ) দাক্ষিণাত্যত মোগলক কোনে পৰাস্ত কৰিছিল ?
উত্তৰ" দক্ষিণাত্যত মোগলক শিবাজীয়ে পৰাস্ত কৰিছিল।
ঙ) আঔৰঙ্গজেৱে ৰামসিংহক কিয় অসমলৈ পঠিয়াইছিল?
উত্তৰ: আঔৰঙ্গজেৱে ৰামসিংহক অসম অধিকাৰ কৰিবলৈ অসমলৈ পঠাইছিল।
চ) বৰফুকনে সৈন্যসকলক কিদৰে শাস্তি বিহিব বুলি জনাইছিল ?
উত্তৰ: বৰফুকনে সৈন্যসকলক যিদৰে কৰ্তব্যত হেলা কৰিব তেওঁৰে মূৰ ছেদন কৰি শাস্তি বিহিব বুলি কৈছিল।
ছ) পাঠত উল্লেখিত ৰাজপুত ৰজাজন কোন ?
উত্তৰ: পাঠত উল্লেখিত ৰাজপুত ৰজাজন অম্বৰ ৰজা ৰামসিংহ।
জ ) ৰাজপুত ৰজাই কি দেখি তবধ মানিলে ?
উত্তৰ: ৰাজপুত ৰজাই অসমীয়া দূর্ভেদ্য দুর্গ, সাহসিকতা, শৃংখলতা আৰু সংগঠন শক্তি দেখি তবধ মানিলে ।
ঝ) জয়ধ্বজ সিংহৰ কেতিয়া মৃত্যু হয় ?
উত্তৰ:১৯৬৩ খ্ৰীষ্টাব্দৰ নবেম্বৰ মাহত জয়ধ্বজ সিংহৰ মৃত্যু হৈছিল।
২)ক) লাচিত বৰফুকনৰ জীৱনৰ ভাগ চাৰিটা কি কি ?
উত্তৰ: লাচিত বৰফুকনৰ জীৱনৰ ভাগ চাৰিটা এনেধৰণৰ প্ৰথম নিম্ন পদস্তৰ সামৰিক বিষয়া, দুলায়া বৰুৱা, হিমলুগুৰিয়া ফুকন আৰু দোলা কাষৰীয়া বৰুৱা। দ্বিতীয়- আহোম বাহিনীৰ সেনা অধিনায়ক পদৰ অধিষ্ঠত আৰু তেওঁৰ গুৱাহাটী আৰু নামনিৰ অসমৰ মোগলক অপসাৰন কাৰ্য ১৯৬৭ খ্ৰীষ্টাব্দৰ নবেম্বৰত। অসমৰ সীমা মানহলৈকে বঢ়োৱা। তৃতীয়- মুগলৰ পুনৰ অসম আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ সতকর্তা যো-যা । চতুৰ্থ অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাৰ সৈতে যুদ্ধ আৰু যুদ্ধত জয়লাভ।
খ) লাচিত বৰফুকনৰ কোনবোৰ দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ সাহ আৰু দৃঢ়তা আনে ?
উত্তৰ: লাচিত বৰফুকনৰ সাহসিকতা শৃঙ্খলা, সংগঠন শক্তি, অসুস্থ শৰীৰ লৈ যুদ্ধ ক্ষেত্ৰত প্ৰবেশ আদি দৃষ্টান্তই অসমীয়া সৈনিকৰ অন্তৰলৈ মান আৰু দৃঢ়তা আনে।
৩)বাক্য ৰচনা কৰা ৷
ক) কৰ-কাটল : স্বৰ্গদেব জয়ধ্বজ সিংহই মোগলৰ লগত যুদ্ধত হাৰি সন্ধি কৰি কৰ-কাটল দিবলৈ গাত লৈছিল ।
খ) চেগা-চোৰোকা : চেগা-চোৰোকা কৈ কৰা যুদ্ধত লাচিত বৰফুকনৰ জয় হৈছিল।
গ) সৈন্য সামন্ত :লাচিত বৰফুকনৰ তুলনাত ৰাম সিংহৰ সৈন্য-সামন্ত বহুত বেছি আছিল ।
ঘ) আশে-পাশে : শৰাইঘাটৰ আশে-পাশে লাচিত বৰফুকনে গড় বান্ধিছিল।
ঙ) যো-যা : চক্ৰধ্বজ সিংহ সিংহাসনত বহিয়েই গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ যুদ্ধৰ যো- যা কৰিছিল।
চ) আহোপুৰুষাৰ্থ : লাচিত বৰফুকনে আহোপুৰুষাৰ্থ কৰি গুৱাহাটী উদ্ধাৰ কৰিছিল ।
ছ) একাগ্রতা : একাগ্রতা থাকিলে সকলো কামতে সফল হব পাৰি ।
৪) বিপৰীত অর্থবোধক শব্দ লিখা।
সন্ধি – যুদ্ধ
মুকলি – বন্ধন
প্ৰশংসা – নিন্দা
শ্রেষ্ঠ – নিকৃষ্ট
সন্মতি – অসন্মতি
শাস্তি – পুৰস্কাৰ
কৃতকার্য – অকৃতকার্য
উদ্যম – উদ্যম হীন
বিহ – অমৃত
পৰাধীনতা – স্বাধীনতা
ইহলোক – পৰলোক
নাটনি – উভৈনদী
নামনি – উজনি
শত্রু – মিত্ৰ
জ্ঞানী – অজ্ঞানী
👉 Read more : AJB Class 8 Science Question answers
৫) প্রসংগ সংগতি দৰ্খাই ব্যাখ্যা কৰা ।
ক) “বিদেশীৰ তলত থকাতকৈ মৃত্যুয়েই শ্রেষ্ঠ”
উত্তৰ:
প্ৰসংগ : এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি : ইয়াত লেখকে আহোম স্বৰ্গদেব চক্ৰধ্বজ সিংহই মোগলৰ অধীন হৈ থকা সময়ত মনৰ দুখৰ কথা উল্লেখ কৰিছে ।
ব্যাখ্যা : চক্ৰধ্বজ সিংহৰ আগৰ জনা স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মিৰজুমলা নবাবে মোগল সম্ৰাট হৈ অসম আক্ৰমণ কৰিছিল । সেই যুদ্ধত আহোম সৈন্য পৰাস্ত হোৱাত স্বৰ্গদেবে সন্ধি কৰি বছৰি কৰ-কাটল দিবলৈ চুক্তি কৰিছিল। তাৰ কিছুদিন পিছতে স্বৰ্গদেবৰ মৃত্যুহোৱাত চক্ৰধ্বজ সিংহই সিংহাসনত উঠিছিল। কৰ-কাটল দিয়াত কিছু পলম হোৱাত মোগলৰ কৰ্মচাৰীয়ে স্বৰ্গদেব চক্ৰধ্বজ সিংহক টান কথা শুনিছিল। সেই কথা শুনি তেওঁ মনত বৰ দুখ পাইছিল আৰু তেতিয়া খেদ কৰি কৈছিল যে বিদেশীৰ অধীন হৈ থকাতকৈ মৃত্যুয়েই শ্ৰেষ্ঠ । কাৰণ তেতিয়া আইনৰ বৰ বৰ কথা শুনিব নালাগিব। স্বাধীনচেতিয়া ৰজাই ইয়াৰ পাছত সৈন্য সামন্ত গোটাই প্ৰশিক্ষণ দি মোগলক সমুচিত প্ৰত্যুত্তৰ দিছিল।
খ) “এতিয়াহে মই এগৰাহ সুখেৰে ভাত খাওঁ”
উত্তৰ:
প্ৰসংগ : এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেৱে ৰচনা কৰা “লাচিত বৰফুকন” নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে ।
সংগতি : ইয়াত লেখকে লাচিত বৰফুকনে মোগলক যুদ্ধত পৰাস্ত কৰে কথাটো শুনাৰ পিছত স্বৰ্গদেবৰ মনৰ কথা প্ৰকাশ কৰিছে।
ব্যাখ্যা : চক্ৰধ্বজ সিংহই সিংহাসনত বহি মোগলৰ টান কথা শুনি মোগলক আক্ৰমণ কৰিবলৈ যো-যা কৰিছিল। ৰজাই নিজে সকলো যুঁজাৰুক প্ৰশিক্ষণ দি যুদ্ধৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিল । লাচিতক আহোম সেনাধিনায়কৰ পদত নিযুক্তি কৰি গুৱাহাটী মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ পঠাইছিল । গুৱাহাটীলৈ যোৱাৰ আগতে প্রত্যেজন সেনানায়কক ৰজাই নিজৰ কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিছিল। লাচিত বৰফুকনৰ নেতৃত্বত গুৱাহাটীৰ আশে-পাশে কেবাখনো যুদ্ধ কৰি লাচিত বৰফুকনে মোগলক পৰাজয় কৰি গুৱাহাটীৰ পৰা খেদি পঠিয়ালে । এই বাতৰি পাই মনৰ আনন্দত স্বৰ্গদেব সিংহই এনেদৰে কৈছিল যে তেতিয়াহে তেওঁ এগৰাহ ভাত খাব পাৰিছিল।পৰাধীন হৈ থকা সময়ত স্বাধীনচেতিয়া স্বৰ্গদেৱে মনৰ দুখত কাল কটাইছিল।
গ) ‘হে মোৰ দেশবাসী, তোমালোকে যদি এই সোণৰ কাহিত বিহ ঢালিব খুজিছা তেনেহ’লে পলুৱা ।
উত্তৰ:
প্ৰসংগ : এই কথাষাৰ আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেবে ৰচনা কৰা " লাচিত বৰফুকন " নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি : লাচিত বৰফুকন নৰিয়াৰ খবৰ পাই আহোম সেনা নিৰাশ হৈ পলাব খোজাত দেশপ্রেমী নৰ হাজৰিকাই সৈন্য সকলক উদ্দেশ্য কৰি এই কথাখিনি কৈছিল ।
ব্যাখ্যা : স্বৰ্গদেৱ চক্ৰধ্বজ সিংহৰ আদেশ শিৰোধাৰ্য্য কৰি লাচিত বৰফুকন সৈন্য সামন্ত লৈ গুৱাহাটীলৈ আহিছিল আৰু দিনে নিশাই অক্লান্ত পৰিশ্ৰম কৰি দেশক যথেষ্ট কষ্ট দিছিল। ফলত ৰামসিংহই বাৰে বাৰে বিভিন্ন সুৰুঙাইদি গুৱাহাটী লবলৈ যত্ন কৰি থাকোতেই বৰফুকনৰ শৰীৰ অসুস্থ হৈ পৰিল। এই খবৰ আহোম সৈন্যৰ মাজত প্ৰচাৰ হোৱাত তেওঁলোক নিৰাশ হৈ পৰিল আৰু পলাবলৈ যো-যা কৰিলে । তেতিয়া নৰ হাজৰিকা নামৰ এজন স্বাধীনচেতিয়া বিষয়াই অশ্বকান্তত পলাব খোজা সৈন্য সকলৰ আগত চিঞৰি চিঞৰি এই কথাখিনি কৈছিল। সোণৰ অসমখন যদি সৈন্যসকলে বিষেৰে পৰিপূৰ্ণ কৰিব খোজে তেনেহ’লে যুদ্ধক্ষেত্ৰ এৰি পলাই যাবলৈ কৈছিল। আনফালে অসুস্থ শৰীৰেৰে লাচিত বৰফুকনে নাৱৰে শুক্লেশ্বৰ পাহাৰৰ খটখটিলৈকে আহি নাও যুদ্ধক্ষেত্ৰ প্ৰৱেশ কৰি মনৰ ইচ্ছা প্ৰকাশ কৰাত পুনৰ সৈন্য সকলে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল। এনেকুৱা কিছুমান বাণীৰে দ্বাৰা সৈন্য সামন্ত উদ্যোগী হৈ উৎসাহেৰে যুদ্ধ কৰাৰ বাবে অলপীয়া সৈন্যৰে মোগলৰ বিশাল বাহিনীক পৰাস্ত কৰিব পাৰিছিল ।
ঘ) অসমীয়া নেতৃত্বই জাতিৰ একতা আৰু দৃঢ়তা প্ৰমাণ কৰিছে ।
উত্তৰ: উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথিৰ সূৰ্য্য কুমাৰ ভূঞাদেবে ৰচনা কৰা "লাচিত বৰফুকন" নামৰ পাঠৰ পৰা তুলি অনা হৈছে।
সংগতি : আহোম সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত যে অসমৰ স্বাধীনতা পুনৰ উদ্ধাৰ হৈছিল সেই কথা কবলৈ গৈ লেখকে এইখিনি কথা উল্লেখ কৰিছে ।
বাখ্যা : আহোম সেনাধিনায়ক লাচিত বৰফুকনৰ নেতৃত্ব ইমান সুন্দৰ আছিল যে কোনো এজন সৈনিকেও নিজৰ কৰ্তব্য অৱহেলা কৰিব পৰা নাছিল । তেওঁ আগধৰিয়ে সৈন্য সকলক সজাগ কৰি থৈছিল যে কোনোবাই কর্তব্যত অৱহেলা কৰিলে ৰজাৰ আদেশলে অপেক্ষা নকৰি নিজে মোৰ ছেদন কৰি উপযুক্ত শাস্তি বিহিব । আনফালে পানীৰ যুদ্ধত অসুস্থ শৰীৰেৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহি অসমীয়া সৈন্যৰ মনৰ বল আৰু সাহস বৃদ্ধি কৰিছিল। ৰামসিংহইও আনকি লাচিতৰ সাহসিকতা, শৃঙ্খলতা আৰু সংগঠন শক্তি দেখি আচৰিত হৈছিল । উপযুক্ত নেতৃত্বই এটা জাতিৰ একতা আৰু দৃঢ়তা আনি দিব পাৰে লাচিত বৰফুকনে তাকে প্ৰমাণ কৰি দেখুৱাইছিল ।
৬) খালি ঠাই পূৰণ কৰা ৷
ক) ১৬৬৩ খৃঃ ত মিৰজুমুলাই অসম এৰি থৈ যায়।
খ) ৰজাই নিজে সকলোবোৰ তদাৰক কৰিছিল আৰু কাড়ি যুঁজাৰুসকলক নিজে শিকাইছিল ।
গ) তেওঁক কলিয়াবৰৰ পৰা গুৱাহাটীৰ কাষলৈকে বৰফুকন নিযুক্ত কৰিছিল
ঘ) ৰামসিংহৰ লগত শিখ গুৰুও ধুবৰীলৈকে গৈছিল ।
ঙ) গুৱাহাটীৰ এলেকাৰ ভিতৰতে লাচিত বৰফুকনে কোঠ সাজিলে ইটাখুলি বা শুক্ৰেশ্বত।
চ) বুঢ়াগোহাঁইয়ে উত্তৰ পাৰৰ লাঠীয়া পৰ্বতত মোগলৰ অগণন সেনা দেখে ।
ছ) ৰণলৈ যোৱাৰ আগতে অসমীয়া সেনাপতি সকলে একেলগ হৈ কামাখ্যা দেৱীক স্তুতি কৰিলে
জ) আহোম সেনা এবাৰ হে দলিবাৰী গাঁৱৰ কাষত আলাবৈৰ মুকলি যুদ্ধত ৰাজপুত সেনাৰ হাতত পৰাজিত হল।
ঝ) ইটাখুলি আৰু ভৰলুমুখৰ মাজৰ আন্ধৰুবালীৰ দগৰ আগত অলপ ঠাই মুকলি আছিল ।
ঞ) মোগলক বাধা দিয়াৰ উদ্দেশ্যেৰে তেওঁ কোচবিহাৰ আৰু জয়ন্তীয়াৰ শাসনকৰ্তাসক লগত মিত্রতা স্থাপন কৰিছিল ।
ট) ৰামসিংহক অসমলৈ পঠোৱা কাৰ্যৰ লগত সম্রাট ঔৰংগজীৱ শিবাজী মহাৰাজ আৰু শিখ গুৰু তেগ বাহাদুৰ জড়িত হৈ আছে ।
৭) চমুটোকা লিখা ।
লাচিত বৰফুকন, চক্ৰধ্বজ সিংহ, সম্রাট আঔৰংগজীৱ, কামাখ্যা
উত্তৰ:
লাচিত বৰফুকন : মোমাই তামুলী বৰুৱাৰ পুত্ৰ। শৰাইঘাটৰ ৰণত আহোম সেনাপতি । যুদ্ধত দেখুৱা সহসিকতা, শৃঙ্খলতা, সংগঠন শক্তি আদিৰ বাবে মোগলৰ সেনাপতি ৰাজপুত ৰজা ৰামসিংহই লাচিত ৰ প্ৰশংসা কৰি গৈছিল ৷ ১৬৭১ চনত লাচিতৰ নেতৃত্বত আহোম সৈন্যই প্রবল পৰাক্ৰমী মোগল সৈন্যক যুদ্ধত হৰুৱাই মানাহ নদী পাৰ কৰি খেদি পঠায় ।
চক্ৰধ্বজ সিংহ: ১৬৬৩ খ্ৰীষ্টাব্দৰ শেষৰ ফালে জয়ধ্বজ সিংহৰ মৃত্যুৰ আৰু চক্ৰধ্বজ সিংহৰ সিংহাসন আৰোহন কৰে । সিংহাসনত উঠিয়েই তেখেতে গুৱাহাটী পুনৰ উদ্ধাৰৰ বাবে সৈয় সামন্ত গোটাই শিক্ষাদান আৰু মোমাই তামুলী বৰুৱাৰ পুত্ৰ লাচিত বৰফুকনক যুদ্ধৰ সেনাপতি পাতি মোগলৰ বিৰুদ্ধে যুদ্ধৰ আয়োজন কৰিলে। ১৬৭১ খ্ৰীষ্টাব্দত লাচিত বৰফুকনৰ সেনাপতিত্তৰ উদ্ধাৰৰ খবৰ পাই “এতিয়াহে মই সুখেৰে ভাত এগৰাহ খাঁও” বুলি কৈছিল চক্ৰধ্বজ সিংহই।
সম্রাট আওৰঙ্গজেৱ: ১৫৫৯ খ্ৰীষ্টাব্দত সম্রাট চাহজাহনৰ পুত্ৰ আওৰঙ্গজীৱ দিল্লীৰ সিংহাসন আৰোহন কৰে। সিংহাসনত বহাৰ আগতে তেওঁ তিনিজন ভাতৃক হত্যা কৰে। সম্ৰাত আওৰঙ্গজেৱ এজন গোড়া মুছলমান আছিল। জীৱনত তেওঁ নিজৰ পিতৃ আৰু ভাতৃক বিশ্বাসঘাটকতা কৰি কেতিয়াও কাকো বিশ্বাস কৰা নাছিল। প্রায় পঞ্চাশ বছৰ তেওঁ ৰাজত্ব কৰিছিল। ১৭০৭ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।
কামাখ্যা : গুৱাহাটীৰ নিলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত। প্রবাদ আছে যে সতীৰ মৃত্যুৰ পিছত মহাদেৱে তেওঁৰ শৰীৰতো কান্ধত লৈ ঘূৰি ফুৰিছিল। আৰু শ্ৰী কৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ শৰীৰটো খণ্ড খণ্ড কৈ কাটি পেলাইছিল। আৰু তেতিয়া যতেই সতীৰ দেহৰ টুকুৰা পৰিছিল তাতেই একোখন তীর্থস্থান গঢ়ি উঠিছিল। লীলাচল পাহাৰতো সতীৰ দেহৰ অংগ পৰিছিল বাবে কামাখ্যা দেৱীৰ মন্দীৰ গঢ়ি উঠে। কামৰূপৰ ৰজা নৰকাসুৰে কামাখ্যা দেৱীৰ মন্দীৰলৈ যোৱা পথটো একে ৰাতিৰ ভিতৰতে সম্পূর্ণকৈ বান্ধি দি কামাখ্যা দেৱীক বিয়া কৰাব খুজিছিল। বৰ্তমানো মা কামাখ্যা মন্দিৰ জাগত দেৱী বুলি ভক্ত সকলে বিশ্বস কৰে ।
৮) পাঠটোত থকা উপসর্গযুক্ত শব্দবোৰ বাছি উলিওৱা ।
উত্তৰ: পাঠত থকা উপসর্গযুক্ত শব্দবোৰ হ’ল অপসাৰণ, প্ৰতিশোধ, নিৰুপন, নিখুত, প্ৰতিৰোধ, বিদেশী, সংগঠন, অধিকাৰ ইত্যাদি।
৯) বাক্য সজা-
ক) উচ্চ : মানুহৰ মনৰ চিন্তা-ধাৰা সদায় উচ্চ হব লাগে।
খ) উচ্চতৰ : মানুহৰ মনৰ চিন্তাবোৰ উচ্চৰ পৰা উচ্চতৰলৈ গতি কৰিব লাগে ।
গ) উচ্চতম : উচ্চতম ন্যায়ালয়ে কৰা বিচাৰ শুদ্ধ হোৱা বুলি সকলোৱে মানি নলয়।
ঘ) অধিক : অধিক শস্য এইবাৰ বানপানীয়ে নষ্ট কৰিলে।
ঙ) অধিকতৰ :-আধিখোৱা খেতিয়ক জনে অধিকতৰ শস্য নিজে ৰাখি কামখিনি মাটিৰ মালিকক দিয়ে ।
চ) অধিকতম : জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে খেতিয়কে অধিকতম শস্য উৎপাদন কৰিবলৈ চেষ্টা কৰা উচিত।
১১) সন্ধি গঢ়া
ক) উৎ + হাৰ - উদ্ধাৰ
খ) উৎ + হৃদ - উদ্ধৃত
গ) উৎ + চাৰণ - উচ্চাৰণ
ঘ)উৎ + লাস - উল্লাস
ঙ) তৎ + হিত - তদ্ধিত
চ) উৎ + হত - উদ্ধৃত
ছ) উৎ + ছেদ - উচ্ছেদ
জ) উৎ + লেখ - উল্লেখ
১২) তলত দিয়া শব্দবোৰত কি প্ৰত্যয় যোগ হৈছে ভাঙি দেখুওৱা -
বিদেশী, বৈজ্ঞানিক, সামৰিক, বহুমুখী, তলতীয়া, অসমীয়া, কর্তব্য, খন্তেকীয়া
ক) বিদেশী - বিদেশ + ঈ
খ) বৈজ্ঞানিক - বিজ্ঞান + ইক
গ) সামৰিক - সমৰ + ইক
ঘ) বহুমুখী - বহুমুখ + ঈ
ঙ) তলতিয়া - তলত + ঈয়া
চ) কৰ্তব্য - কৰ + তব্য
ছ) অসমীয়া - অসম + ঈয়া
জ) ক্ষন্তেকীয়া - খন্তেক + ঈয়া
১৩) বাক্য ৰচনা কৰা -গা উঠ, গা জোকাৰ, গা ঘেলা, গা লগাই ক, গা গধুৰ , গা পাতি ল
উত্তৰ:
ক) গা উঠ : বুঢ়া মানুজনৰ বিহু নাচিবলৈ গা উঠিছে।
খ) গা- জোকাৰ : লৰাজন গা – জোকাৰি কাম কৰিবলৈ ওলাই আহিল।
গ) গা- ঘেলা : কাম-বন নকৰি গা ঘেলাই ফুৰিলে জীৱনত উন্নতি কৰিব নোৱাৰি ।
ঘ) গা লগাই কৰ : লাচিত বৰফুকনে সৈন্য সকলক গা লগাই কাম কৰিবলৈ উৎসাহ দিছিল
ঙ) গা গধুৰ : কাম কৰিবলৈ গা গধুৰ মানুহে আগবাঢ়ি নাহে ।
চ) গা পাতি ল : শংকৰদেৱৰ প্ৰধান শিষ্য় মাধৱদেৱে গুৰুৰ যিকোনো লোককে গা পাতি লবলৈ সদায় সাজু আছিল ।
ThankYou
