সীতাৰ প্ৰতি ৰামৰ বচন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 19,Class VIII AJB Assamese সীতাৰ প্ৰতি ৰামৰ বচন পাঠ ১৯ answer

Loying
0

অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 19 সীতাৰ প্ৰতি ৰামৰ বচন question answer AJB

সীতাৰ প্ৰতি ৰামৰ বচন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 19, Class VIII Lesson 19 Assamese Question answers AJB Assam Jatiya BIdyalay.সীতাৰ প্ৰতি ৰামৰ বচন পাঠ ১৯ অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় অসমীয়া ,সীতাৰ প্ৰতি ৰামৰ বচন অধ্য়ায় ১৯, AJB Chapter 18 all question answers Class 8 assamese assam jatiya bidyalay 

সীতাৰ প্ৰতি ৰামৰ বচন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 19
সীতাৰ প্ৰতি ৰামৰ বচন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 19

Class 8 assamese পাঠ ১৯ সীতাৰ প্ৰতি ৰামৰ বচন Solution (AJB)

AJB Class VIII assamese Chapter 19 Solution
অসম জাতীয় বিদ্যলয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্তৰ অধ্য়ায় ১৯ সীতাৰ প্ৰতি ৰামৰ বচন

১।একোটিকৈ বাক্যত উত্তৰ লিখা ।
ক) জনক জীয়াৰী কোন ?
উত্তৰ: জনক জীয়াৰী সীতা।
খ) 'সীতাৰ প্ৰতি ৰামৰ বচন' কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উত্তৰ:'সীতাৰ প্ৰতি ৰামৰ বচন' কবিতাটো ৰামায়ন অযোধ্যা কাণ্ডৰ পৰা লোৱা হৈছে।
গ) মাধৱ কন্দলিক কোনে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল ?
উত্তৰ: মাধৱ কন্দলীক শংকৰদেৱে অপ্রমাদী কবি বুলি অভিহিত কৰিছিল।
২) ৰামে সীতাক বনৰ জয়াল ছবিখন কেনেদৰে বুজাই দিছিল লিখা ।
উত্তৰ: সিতাই ৰামৰ লগত বনবাস খাটিবলৈ যাবলৈ ওলোৱাত ৰামে সীতাক নাযাবলৈ বনৰ এখন জয়াল ছবিৰ বৰ্ণনা কৰিছিল। ৰামে সীতাক এনেদৰে বুজাই দিছিল যে বনৰ ভয়ঙ্কৰ সিংহ বাঘে গৰ্জন কৰি থাকে। মহামত্ত হাতীবোৰে অন্তৰ কপিযোৱা শব্দ কৰি ঘূৰি ফুৰে। ম’হ, বৰাহ, বাঘ, বৰ বৰ নাগ আদি দেখিলে ভয়তে জ্ঞান-শূন্য হব লগা হয়। জোক, পোক, মহ, দাহ আদি দেখিলে সিতাই বৰ ভয় খাব। কাৰণ সিতাই স্বাভবতে কোমল নাৰী । এইদৰে ৰামে বনৰ এটা জয়াল ছবি সীতাৰ আগত দাঙি ধৰিছিল।
৩)ৰামৰ সৈতে বনলৈ নগ’লে সীতাই কি কৰিম বুলি কৈছিল ?
উত্তৰ: ৰামৰ সৈতে সীতাই বনলৈ নগলে বিষ খাই মৰিম বুলি কৈছিল।

৪)প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা -
ক) সীতাৰ কাৰুণ্য শুনি           পুনু ৰামচন্দ্ৰ বোলে
                       শুন শুন জনক জীয়াৰী
            স্ত্ৰীৰ বনবা                  সুখৰ নাহিকে আশ
                       শুনি হাসিবেক নৰ নাৰী।

উত্তৰ:
প্ৰসংগ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মাধৱ কন্দলীদেৱে ৰচিত কবিতা “সীতাৰ প্ৰতি ৰামৰ বচন” নামৰ পাঠৰ পৰা তুলি দিছে।
সংগতি : পিতৃসত্য পালন কৰাৰ কাৰণে ৰামে বনবাস খাটিবলৈ যাবলৈ ওলোৱাত লগত সীতাও যাবলৈ খুজিছিল তেতিয়া ৰামে সীতাক এই কথাখিনি কৈছিল ।
ব্যাখ্যা : ৰামে ৰাজ অভৰন ত্যাগ কৰি বাকলি বসন পিন্ধি বনলৈ যাৱলৈ সাজু হোৱাত ৰামৰ লগত পতীব্রতা সীতাও যাৱলৈ ওলাল।কিন্ত অটব্য অৰণ্যৰ মাজত এগৰাকী তিৰোতা মানুহ থকাটো সহজ নহয়। সেয়েহে ৰামে ভাবিছিল সীতাক বনবাসলৈ নিনিও।ৰামে বাৰে বাৰে সীতাক বনৰ মাজত থকাৰ ভয়ানক কথাবোৰ কৈছিল। কিন্ত সীতাই কোনো পয়ই মান্তি নহয়। তেতিয়া ৰামে কৈছিল যে এগৰাকী মহিলাৰ সৈতে বনত গৈ বাস কৰাটো অকণো সুখৰ নহয়। এই কথা মানুহে শুনিলে হাহিব। গতিকে বনত গৈ কষ্ট কৰাটকৈ ঘৰত থকাই মংগল।

খ) সীতাই বেলন্ত প্ৰভু             আত মোৰ ভয় নাই
                 প্ৰাণ মোৰে আছে তযু পাৱে ।
সিংহ ব্যাঘ্র হস্তীগন                 ওচৰত নাসিবেক
                 পলাইবেক তোমাৰ প্ৰভাৱে ৷
উত্তৰ:
 প্ৰসংগ : উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ মাধৱ কন্দলিয়ে ৰচিত “সীতাৰ প্ৰতি ৰামৰ বচন” নামৰ পীঠৰ পৰা তুলি দিছে।
সংগতি : সীতাক ৰামে বনলৈ যাবলৈ নালাগে বুলি কয় মনৰ ভয় দেখুৱাত প্ৰত্যুত্তৰত সীতাই ৰামৰ লগত থাকিলে যে একোৰে প্রতি ভয় নাই সেই কথা উল্লেক কৰিছে।
ব্যাখ্যা: পতীব্রতা সীতাই ৰামৰ এই কথা শুনি মানি লব মান্তি নহল। ৰামে সীতাৰ আগত বনৰ ভয়ংকৰৰূপ বোৰৰ বিষয়ে বর্ণনা কৰাত সীতাই এইবুলি কৈছিল যে যিমান ভয়ংকৰ বাঘ, হাতী, সিংহ থাকিলেও মই ৰামৰ লগত থাকিলে মোৰ একো বিপদ হৱ নোৱাৰে।ৰামৰ পত্নী হিচাপে সীতাৰ প্ৰাণ সদাই ৰামৰ চৰনত আছে। সেইবাবে বনৰ একোভয়ে সীতাক তলাব নোৱাৰে বুলি কৈছিল।ৰামৰ নাম শুনিলেই যমকালও দূৰ হৈ যায়। তেনেক্ষেত্ৰত অন্য সাধাৰণ ভয়ে সীতাক একো কৰিব নোৱাৰে। গতিকে ৰামে নিজৰ পিতৃ সত্য পালন কৰিবলৈ বনলৈ গলে সীতাও ৰামৰ লগতে বনবাসলৈ যাব বুলি ৰামৰ আগত সীতাই দৃঢ়ভাৱে প্ৰকাশ কৰিছিল।

৫)কবিতাটো গদ্যৰূপত লিখি উলিওৱা ।
উত্তৰ: ?
৬) সমার্থক শব্দ লিখা 
স্ত্রী - পত্নী
গহ্বৰ - গুহা
চৰণ - ভৰি
শোণিত - তেজ
কণ্টক - কাইত
শয়ন - শোৱা
অৰুণ - সূর্য
গৰল - বিষ 

৭)তলৰ ভুল বাক্যবোৰ শুদ্ধ কৰা 
ক) কালিলৈ এটা বজাত আহিবা ।
উত্তৰ: কাইলৈ এক বজাত আহিবা।
খ) তোমালৈ ৰখি ৰখি আমনি লাগিছে ।
উত্তৰ: তোমালৈ ৰৈ ৰৈ আমনি লাগিছে।
গ) তুমি কালি যেনে – তেনে যাবা ।
উত্তৰ: তুমি কাইলৈ যেনে তেনে যাবা।
ঘ) মায়ে ভাত বনাইছে।
উত্তৰ: মায়ে ভাত ৰান্ধিছে।
ঙ) ৰূপমৰ দেউতাক দিল্লী গৈছে।
উত্তৰ: ৰূপমৰ দেউতাক দিল্লীলৈ গৈছে।

৮)অভিধান চাই অর্থ লিখা ( শিক্ষকৰ সহায় ল’বা )
হাসিবেক, নাদ, প্রমাদ, ত্রাস, কাম্পে, ভৰুক, হান্থিবি, চিন্তি, তযু ।
ক) হাসিবেক – হাঁহিব 
খ) নাদ – চিঞৰ
গ) প্রমাদ – বিপদ
ঘ) ত্রান – ভয়
ঙ) কাম্পে – কপে
চ) ভৰুক – ভয়াতুৰ
ছ) হান্থিবি – খোজ কঢ়া
জ) চিন্তি – চিন্তাকৰি
ঝ) তযু – তোমাৰ

ThankYou

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top